Scientia-Tutorial
  • Categories
    • Sitemap
    • About Us
    • Contact Us
    • Join as a Teacher
    • Join as a Student
    • Find Students
    • Find Tutors
    • Course Categories
    • Study Materials
    • All Categories
    • Syllabus
  • Blogs
  • Events
  • Join as a Student
  • Become a Teacher
  • Courses
  • 0 items₹ 0
Login
  • Home
  • Blogs
  • STUDY MATERIALS
  • ASSAMESE LITERATURE অসমীয়া সাহিত্য

ASSAMESE LITERATURE অসমীয়া সাহিত্য

PHAKARA YOJANA অসমীয়া ফকৰা যোজনা ASSAMESE PROVERB

  • Posted by ScientiaTutorials.in
  • Date 26/02/2023
  • Categories ASSAMESE LITERATURE অসমীয়া সাহিত্য
  • Tags Assam quiz, assamese gk question answer, ASSAMESE PROVERB, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam, অসমীয়া ফকৰা যোজনা

অসমীয়া ফকৰা যোজনা ASSAMESE PROVERB – খণ্ড ১
অসমীয়া ফকৰা যোজনা ASSAMESE PROVERB – খণ্ড ২
অসমীয়া ফকৰা যোজনা ASSAMESE PROVERB – খণ্ড ৩

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

অসমীয়া ফকৰা যোজনা ASSAMESE PROVERB – খণ্ড ১

১) অধিক মাছত বগলী কণাঃ অধিক মাছ দেখিলে বগলী যেনেকৈ কণা হয় ঠিক তেনেদৰে মানুহেও নিজৰ ভালপোৱা বস্তু অধিক দেখে তেতিয়া মানুহো বগলী দৰে কণা হৈ পৰে। ফলত বস্তুটো হাততে পায় হেৰুৱাব লগীয়া হয়।

২) অতি ভক্তি চোৰৰ লক্ষণঃ যি সকল লোক ভিতৰি অসৎ বা চোৰৰ স্বভাৱ হয়, তেওঁ লোকে মানুহক ভক্তি বা সৎ হৈ দেখুৱাই। তেনে লোকৰ পৰা সদায় আতৰি থকাতোৱে উচিত।

৩) অচিন কাঠৰ থোৰাকো নলগাবাঃ আমি চিনি নোপোৱা কাঠ যদি কোনো এটা সামগ্ৰী বনাবলৈ ব্যৱহাৰ কৰো, তেতিয়া সেই বস্তুটো সোনকালে নষ্ট হয়। ঠিক তেনেদৰে আমি কোনো অচিনাকী মানুহক দুদিনতে বিশ্বাসত লব নালাগে। তেওঁ লোকে কেতিয়াবা আমাৰ অনিষ্ট সাধন কৰিব পাৰে।

৪) আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰাৰ ভংগঃ আমাৰ সমাজত এনে কিছুমান লোক আছে তেওঁলোকে সমাজৰ কিছু লোকক ঈৰ্ষা কৰে বা শত্ৰু বুলি ভাৱে। তেওঁ লোকে শত্ৰুক অকণমান অপকাৰ কৰিবলৈ গৈ নিজক অনিষ্ট কৰিব পাৰে।

৫) আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খাঃ আমাৰ সমাজত বহুত সৎ আৰু জ্ঞানী লোক আছে। তেওঁলোকক নিজৰ যোগ্যতা অনুসৰি কিছু কামতে আগশাৰী দিয়া হয়।তাকে দেখি এনে কিছুমান লোক আছে তেওঁলোকে নিজকে বহুত জ্ঞানী বুলি ভাৱি আনৰ আগত নিজৰ গুণ বখানি থাকে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব বিচাৰে।

৬) উদক ভেটা ৰখীয়া পতা ঃ এজন চোৰ স্বভাৱৰ মানুহৰ যদি কাৰুবাৰ ঘৰত ৰখীয়া পাতে, তেতিয়া তেওঁ মনে মনে ভালে পাব।

৭)উদৰ সাতপুৰুষ গল কেঁচা মাছ খায়ঃ

৮) উপকাৰীক অজগৰে খায়ঃ সমাজত এনে কিছুমান মানুহ আছে যাক কেতিয়াবা কোনো কামত উপকাৰ কৰিলেও ,অলপ পাছতে পাহৰি যায় আৰু উপকাৰ কৰা জনক অনিষ্ট কৰিবহে বিছাৰে।

৯) উলুৰ লগত বগৰী পোৱা যায়ঃ অসৎ সংগ লগত যদি কোনো এজন ভাল থাকে তেন্তে কেতিয়াবা অসৎ লোকেবেয়া কাম কৰিলে ভাল জনো সাঙোৰ খায় পৰে আৰু শাস্তি খায়।

১০) উমৈহতীয়া শ বাহী শ হয়ঃ

১১) ইন্দ্ৰ সভাত ফেঁচাৰ কুৰুলীঃ কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা মাজতে বেলেগ এজনে আহি অবাঞ্চনীয় মন্তব্য দিয়া।

১২) অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলো নষ্টঃ কোনো অজ্ঞান লোকক যদি জ্ঞান দিবলৈ যোৱা হয়, তেওঁলোকে ভুল বুজি অনিষ্টহে সাধন কৰিব বিচাৰে।

১৩) অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰঃ কোনো এটা কাম কৰিবলৈ অভ্যাস কৰি থাকিলে অতি কঠিন কামো সহজ হৈ পৰে।

১৪) আঁঠুৱা চাই ঠেং মেলাঃ আয় চায় ব্যয় কৰা বা নিজৰ হাতত যিমানখিনি থাকে সিমানখিনি হে খৰচ কৰিব লাগে।

১৫) এনে বুঢ়ী নাচনী, তাতেই নাতিনীয়েকৰ বিয়াঃ মানুহে যিটো কাম কৰিবলৈ ভাল পায়, সেইটো কাম যদি আকৌ কৰিবলৈ দিয়া হয় মনত বহুত আনন্দ পায়।

১৬) এশ গৰু মাৰিলে বাঘৰো মৰণঃ সদায় যদি বেলেগৰ অপকাৰ কৰি থকা হয়, তেন্তে এদিন নিজৰো সকলো ধ্বংস হয়।

১৭) কিনা হাঁহৰ ঠোঁটলৈকে মঙহঃ বেছি মূল্য দি অনা বস্তু অলপ বেয়া হলেও পেলায় নিদিয়া।

১৮) কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱাঃ সহজ সৰল মানুহ পালে কিছু লোকে অন্যায় কৰা।

১৯) কুকুৰৰ নেজ দীঘল হলে, নিজে পাৰি বহিবঃ কোনো লেকৰ যদি ধন টকা পইচা বেছি হয়, তেন্তে সেই টকা-পইচা নিজৰ কাৰণে খৰচ কৰা হয়।

২০) খঙত পেট কাটি ছ মাহলৈ শুকনী খেৱাঃ মানুহে খঙত নিজকে অনিষ্ট কৰি বহুত দিনলৈ কষ্ট খোৱা।

২১) গোৰ মাৰি গঙ্গাত পেলোৱাঃ কাৰোবাক অপকাৰ কৰিবলৈ গৈ, তেওঁ অপকাৰ নহৈ উপকাৰ হে হোৱা।

২২) ঘন ঘমকৈ দিবা আলি, তেহে খাবা নানা খালিঃ কোনো কামত কষ্ট কৰি, সুফল অৰ্জন কৰা।

২৩) চতৰ বিহুলৈ ছমাহ থাকোতে হাতত মেলি নচাঃ

২৪) চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপিঃ চোৰ যোৱা পাছত বুদ্ধি, বৰষুণ যোৱা পাছত জাপি যেনেকৈ কামত নাহে, ঠিক তেনে দৰে সকলো কাম কৰা এটা সময় থাকে, সেই সময় যোৱা পাছত কাম কৰিলে কোনো সিদ্ধি নহয়।

২৫) টেঙা আম এবাৰহে বেছিব পাৰিঃ টেঙা আম যেনেকৈ বজাৰত এবাৰ হে বেছিব পাৰি ঠিক তেনেদৰে এবাৰ মানুহৰ ওপৰত বিশ্বাস ভাঙি গলে আকৌ বিশ্বাস কৰিব নোৱাৰি।

২৬) তুলসীৰ লগত কলপটুৱাৰো মুক্তিঃ

২৭) ধান পকে মানে টুনিৰ মৰণঃ

২৮) ধাৰে কাটিলেও কটা, গাদিৰে কাটিলেও কটাঃ কোনো লোকক যদি অপকাৰ কৰিবলৈ যোৱা, সেই অপকাৰ নিজে কৰিলেও অপকাৰে হয় নাইবা বেলেগৰ হতুৱাই কৰাও অপকাৰে হয়।

২৯) নাও বুৰিলেও টিঙৰ পৰা ননমাঃ নিজৰ সকলো শেষ হৈ গলেও হাৰ নমনা।

৩০) পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱাঃ নিজে কষ্ট নকৰাকৈ আনৰ ভৰসাত খোৱা।

৩১) ফটা কঁথা তিতে মানে গালৈহে গধুৰঃ সময়ৰ কাম সময়ত কৰিব লাগে.। নহলে পাছলৈ কৰিম বুলি থৈ দিওতে দিওতে একেলগে বহুত কাম কৰিব লগা হয়।

৩২) ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহঃ এটা ভুল কথাৰ পৰা এখন ঘৰ ধ্বংস হোৱা।

৩৩) বেজীৰ জলাকো মনে কুঠাৰ জলাকো নমনেঃ কেতিয়াবা সৰুৰ উপদেশো ডাঙৰে দিয়া উপদেশতকৈ সঠিক হয়।

৩৪) মহন্তৰ চিন মাহনিতঃ

৩৫) ৰাইজে নখ জোকাৰিলে নৈ বয়ঃ আমি সমাজৰ কোনো এটা কাম কৰিবলৈ নিজে নেৱাৰিলে ৰাইজৰ পৰা সহায় লৈ কৰিলে সিদ্ধি হয়।

৩৬) লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটিঃ আনক অনিষ্ট কৰিবলৈ যাওতে নিজৰহে অনিষ্ট হোৱা।

৩৭) সাপ মাৰি নেগুৰত বিহ থোৱাঃ কোনো এটা কাম কৰি আধৰুৱাকে থৈ অহা।

৩৮) শাকত নেখায় লোণ, পিটিকাত যায় তিনি গুণঃ সৰু-সৰু কামত টকা খৰচ নকৰে, কিন্তু ডাঙৰ কামত বহুত বেছি খৰচ কৰা।

৩৯) হৰিণা মাংশই বৈৰীঃ হৰিণা মাংস হৈছে তাৰ শত্ৰু, ঠিক তেনেকৈ কোনো লোকৰ সম্পতিয়ে শত্ৰু হব পাৰে, নাইবা কাৰোবাৰ সৌন্দৰ্যই তাৰ শত্ৰু হব পাৰে।

৪০) যি মূলা বাঢ়ে তাৰ দুপাততে চিনঃ যি লৰা বা ছোৱালী ডাঙৰ হলে সৎ আৰু জ্ঞানী হব তেওঁলোকক সৰু পৰাই কথা-বতৰা, ছাল-ছলনৰ পৰা চিনিব পাৰি।

৪১) হলা গছ দেখিলে আটায়ে বাগী কুঠাৰ মাৰেঃ দুৰ্বল মানুহক সকলোৱে অনিষ্ট কৰিব বিছাৰে।

৪২) হস্তীৰো পিচলে পাৱ, সজ্জনৰো বুৰে নাওঃ কেতিয়াবা কেতিয়াবা জ্ঞানী জনৰো ভূল হয়।

৪৩) জী ভালেই জোঁৱাই ভাল, আপোন ভালেই জগত ভালঃ এই সংসাৰত নিজে ভাল হলেই সকলেকে ভাল দেখিবা।

৪৪) আপদৰ মাত, আকালৰ ভাতঃ কোনো মানুহৰ যদি বিপদ হয়, সেই বিপদৰ সময়ত এষাৰ মাত, দুখীয়া লোকক আকালৰ সময়ত এসাজ ভাত দিব পাৰি তেন্তে ইয়াৰ সমান পৰম ধৰ্ম নাই।

৪৫) মুখতে বঁটা পায়, মুখতে কটা যায়ঃ সদায় মানুহে জুখি মাখি কথা কব লাগে। অতিপাত কথাই কেতিয়াবা নিজৰ বিপদ মাতি আনে।

৪৬) বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকাঃ আমি কিবা এটা কাম কৰিবলৈ যোৱা আগতে জ্যেষ্ঠ জন বা সেই বিষয়ৰ অভিজ্ঞ ব্যক্তিৰ পৰা উপদেশ লব লাগে, নহলে বিপদত পৰা সম্ভাৱনা থাকে।

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

অসমীয়া ফকৰা যোজনা ASSAMESE PROVERB – খণ্ড ২

১. অতি ভক্তি চোৰৰ লক্ষণ ৷

২. আঁঠুৱা চাই ঠেং মেলা ৷

৩. অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ ৷

৪. উলুৰ লগত বগৰী পোৰা ৷

৫. আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা ৷

৬. গৰুৰ আগত টোকাৰী বায় ৷ শিং জোকাৰি ঘাঁহ খায় ৷৷

৭. তুলসীৰ লগত কলপটুৱাৰ মুক্তি ৷

৮. টেঙা আম এবাৰহে বেচিব পাৰি ৷

৯. কিনা হাঁহৰ ঠোঁটলৈকে মঙহ ৷

১০. হাতী মাৰি ভুৰুকাত ভৰোৱা ৷

১১. দেখাক দেখি উঠিল গা
কেতুৰীয়ে বোলে মোকো খা ৷৷

১২. গছত কথা ওঁঠত তেল
নৌ খাওঁতেই শেলবেল ৷৷

১৩.আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল ৷

১৪. আইৰ সমান হব কোন, নৈৰ সমান বব কোন ৷

১৫. আপোন ভালেই জগত ভাল ৷

১৬. আগৰ হাল যিফালে যায়, পাছৰ হালো সিফালে যায় ৷

১৭. উপকাৰীক অজগৰে খায় ৷

১৮. এশ গৰু মাৰিলে বাঘৰো মৰণ ৷

১৯. এদিন বামুনৰ, এদিন বহুৱাৰ ৷

২০. এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া ৷

২১. ওঁঠ চেপিলে গাখীৰ ওলোৱা ৷

২২. ওলায়েই দেখিবা যাক, শতৰু নুবুলিবা তাক ৷

২৩. কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল ৷

২৪. কথাত কটা যায়, কথাত বটা পায় ৷

২৫. খং নামে চণ্ডাল ৷

২৬. গাখীৰ খুৱাই সাপ পোহা ৷

২৭. গছত উঠাই গুৰি কটা ৷

২৮. ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল ৷

২৯. ছোৱালী বোলে কুৰিতে বুঢ়ী ৷

৩০. দুই মহৰ যুজত বিৰিণাৰ মৰণ ৷

৩১. দুই নাওত দুই ভৰি ৷

৩২. পৰৰ মূৰত কঁঠাল ভঙা ৷

৩৩. পৰুৱাৰ পাখী গজে মৰিবলৈ ৷

৩৪. ফিৰিঙতিত খাণ্ডব দাহ ৷

৩৫. বাঘৰ নেজেৰে কাণ খজুৱা ৷

৩৬. বিনা মেঘে বজ্ৰপাত ৷

৩৭. বাহিৰে ৰং-চং ভিতৰি কোৱা-ভাতুৰি ৷

৩৮. ভালে পায় ভাল, জাবৰে পায় খাল ৷

৩৯. মিছা কথাৰ ঠেং চুটি ৷

৪০. মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল ৷

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

অসমীয়া ফকৰা যোজনা ASSAMESE PROVERB – খণ্ড ৩

অ

অধিক মাছত বগলী কণা: বহুত বেছি বিকল্প থাকিলে তাৰ মাজৰ পৰা এটা বাচনি কৰা অসুবিধা হয়।
বগলীয়ে মাছ খাই ভাল পায়। ই মাছ ধৰাৰ ক্ষেত্ৰতো অত্যন্ত পাৰ্গত। কিন্তু চৌদশে মাছৰ উভৈনদী হ’লে কোনটো ধৰোঁ কোনটো নধৰোঁ হৈ বগলীয়ে মাছ ধৰিব নোৱাৰা হয়। সেয়েহে অত্যাধিক বিকল্পৰ ক্ষেত্ৰত বাচ-বিচাৰ কৰি থাকোতে বাচনিত ভুল হোৱাৰ বা বাচনি কৰিব নোৱাৰা নহ’বলৈ এই যোজনাৰদ্বাৰা সঁকিয়াই দিয়া হৈছে।

অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ: নিয়মিত অভ্যাস কৰিলে যিকোনো কামেই সহজে কৰিব পাৰি। কাণৰ কেৰু বা থুৰীয়া পিন্ধা ফুটাটো সৰু। ইয়াৰ মাজেৰে কাঁড় মৰাৰ অভ্যাস কৰিবলৈ কাঁড়ীজন অত্যন্ত পাৰ্গত নহলে লক্ষ্য হোৱা ব্যক্তিজনৰ প্ৰাণ যোৱাৰো আশংকা থাকে। কিন্তু অভ্যাস কৰিলে মানুহ ইয়াতো পাৰ্গত হয়। সেয়ে অভ্যাস কৰিলে টান কামো কৰিব পৰা যায় বুলি এই যোজনাৰদ্বাৰা অনুপ্ৰাণিত কৰা হৈছে।

অধিক ভোজন পেটলৈ বেয়া:যিকোনো বস্তুৰে প্ৰয়োজনতকৈ বেছি হোৱাতো বেয়া। ভোজন বা খাদ্য মানুহৰ বাবে অত্যন্ত প্ৰয়োজনীয়। কিন্তু অত্যাধিক ভোজনৰ ফলত শৰীৰৰ অনিষ্ট হোৱাৰহে সম্ভাৱনা। তেনেদৰে যিকোনো কামৰ ক্ষেত্ৰতে এই কথা প্ৰযোজ্য। প্ৰয়োজনাধিক উপভোগ/ ব্যৱহাৰৰ ফলত উপকাৰী বস্তুৰ পৰাও অপকাৰ হব পাৰে।

অতিপাত শলাগণি ফুচুলনিৰ চিন, আপুনি আতৰি যাবা তাক কৰি ঘিণ: প্ৰয়োজনাধিক বা অহৈতুক তোষামোদৰ অন্তৰালত সাধাৰণতে ন্যস্তস্বাৰ্থ জড়িত থাকে। গতিকে এনে তোষামোদত ভোল গৈ কামত প্ৰবৃত্ত হ’লে ভালতকৈ বেয়া হোৱাৰহে সম্ভাৱনা অধিক। গতিকে ইয়াক চিনি পাই এনে উচতনিত ভোল যোৱাৰপৰা বিৰত থকাই ভাল।

অভাবত স্বভাব নষ্ট: অতি প্ৰয়োজন পৰিলে সৎ‍ মানুহ এজনেও অসৎ‍ কাম কৰিব পাৰে। মানুহ সাধাৰণতে পৰিস্থিতিৰ দাস। গতিকে কোনো কাৰ্য্যৰ ভাল-বেয়া বিচাৰ কৰোঁতে কৰ্তাই কি পৰিস্থিতিত পৰি এনে কাৰ্য্য কৰিছে সেয়াও বিবেচনা কৰি চোৱা উচিত।

অচিন কাঠৰ থোৰা নলগাবা: ঢেঁকীৰ থোৰাটো মজবুত হব লাগে, অন্যথা ভাগি গৈ অনিষ্ট কৰিব পাৰে। ঢেঁকীথোৰাৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ – ইয়াক আগৰ দিনত চাউল খুন্দাৰপৰা আৰম্ভ কৰি বাৰুদ খুন্দালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য্যত ব্যৱহাৰ কৰা হৈছিল। সেয়ে উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ এনে কামৰ বাবে যিকোনো কাঠ বাচনি কৰিলে ভাগি গৈ কামত বাধা বা অথন্তৰ কৰিব পাৰে। তেনেদৰে গুৰুত্বপূৰ্ণ কামত অচিনাকী মানুহ বা উপাদান বা আহিলা ব্যৱহাৰ কৰা অনুচিত।

অল্প বিদ্যা ভয়ঙ্কৰী: আধৰুৱা জ্ঞান যিকোনো ক্ষেত্ৰত বিপদজনক হ’ব পাৰে।

অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰী সিজোৱা: ঢেৰুৱা ঠাৰী যিমান সিজলেও নিসিজে, ঠিক তেনেদৰে যি বুজিব নোখোজে তাক যিমান বুজাব চেষ্টা কৰিলেও লাভ নাই।

অবাবত তৰ্ক কৰা মুৰ্খৰ চিন: মুৰ্খইহে যেতিয়াই তেতিয়াই তৰ্ক কৰি থাকে, জ্ঞানী মানুহে পৰিস্থিতি চাইহে তৰ্ক কৰে।

অকলশৰীয়া পহু, গায়ে মূৰে খহু: অকলশৰীয়া মানুহৰ বেমাৰ-আজাৰ হলেও চোৱা চিতা কৰা মনুহৰ অভাৱ।

অথাই সাগৰত কাঠি-জাল বোৱা: অপ্ৰয়োজনীয় কাম কৰা।

অনভ্যাসে হত বিদ্যা: বহুদিন অভ্যাস নকৰিলে জনা বিদ্যাও নজনা হৈ যায়

আ

আগফালে তেতেলি পিছফালে ঔ, সেই ঘৰ মানুহৰ উঠিবৰ হ’ল নে নৌ?: যি ঘৰৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছে আগুৰি থাকে, সেই ঘৰত ৰাতিপুৱা সুৰ্য্যৰ পোহৰ ভালদৰে নপৰে, সেয়েহে সেই ঘৰৰ মানুহে ৰাতিপুৱা পলমকৈ উঠে।

আইৰ সমান হব কোন, নৈৰ সমান বব কোন: মাকৰ সমান মৰম কোনেও কৰিব নোৱাৰে, যেনেকৈ নৈৰ সমান পানী কোনেও বব নোৱাৰে।

আইয়ে চায় মুখলৈ, ঘৈণিয়ে চায় হাতলৈ: পুৰুষ এজন ঘৰলৈ আহিলে মাকে মুখলৈ চায়, তেঁও খোৱা লোৱা ভালদৰে কৰিছে নে নাই চাবলৈ; আনহাতে ঘৈনিয়েকে হাতলৈ চায় তেঁওলৈ কি আনিছে চাবলৈ।

আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল: থকা সম্পদ এটা যদি ব্যৱহাৰ কৰা নহয়, তেনেহলে সেয়া নথকাই ভাল।

আঠুৱা চাই ঠেং মেলিবা

অল্প আৰ্জন বিস্তৰ ভোজন, সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ: যিমান সামৰ্থ্য সিমানহে খৰছ কৰিব লাগে, নহলে বিপদত পৰিব লাগে।

আদাক দেখি উঠিল গা, কেঁটুৰিয়ে বোলে মোকো খা: সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা।
আদা আৰু কেঁটুৰি দেখিবলৈ একে, কিন্ত আদা হে খোৱাত ব্যৱহাৰ হয়, কেটুৰি কোনো কামত ব্যৱহাৰ নহয়।

আনলৈ হুল পুতি নিজে মৰে ফুটি: আনৰ অনিষ্ট কৰাৰ চেষ্ঠা কৰিলে নিজৰে অনিষ্ট হয়।

আপোন ভালেই জগত ভাল: যি নিজে ঠিক থাকে, তেওঁৰ বাবে বাকী সকলো ঠিকেই থাকে।

আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত: ভবিষ্যতত কোনো কাম হ’ব বুলি আশা কৰি বহি থাকি লাভ নাই।

আছে হেংদাং, লোৱা নাই; ললে হেংদাং চাৰন নাই বা আছে বেক্ৰা দা, লোৱা নাই; ললে বেক্ৰা দা চাৰন নাই: যুজিবলৈ আগবাঢ়ি নাহিলে কাৰোবাক দূৰ্বলী বা ভয়াতুৰ বুলি ভাবিব নালাগে। খং উঠিলে সকলোৱেই ভয়ংকৰ হৈ উঠিব পাৰে।

আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ: নিজৰ অনিষ্ট কৰি হলেও শত্ৰুৰ অনিষ্ট কৰা – অৰ্থত ব্যংগ কৰি এই যোজনা ব্যৱহাৰ কৰা হয়।
সাধাৰণতে এগৰাকী সতিনীয়ে অন্য সতিনীক ভাল নাপায় আৰু শত্ৰুতা আচৰণ কৰে বুলি ভবা হয়। কেতিয়াবা এনে আচৰণ এনে পৰ্যায়লৈ যাব পাৰে (হাস্যাৰ্থত) যে এগৰাকীয়ে আনগৰাকীক ক’ৰবালৈ ওলাই যোৱাত বা কোনো কামৰ আৰম্ভনিত বাধা দিবলৈ নিজৰ নাকটো কাটি লৈ তেওঁৰ আগত দেখা দিব পাৰে – যাতে “বিকৃত দৃশ্য দেখিলোঁ” বুলি তেওঁৰ উৎসাহত যতি পৰে।
কেতিয়াবা শত্ৰুতা এনে অবিবেচনাপূৰ্ণ পৰ্যায়লৈ গতি কৰে যে এজনে কেৱল শত্ৰুৰ অনিষ্ট কৰাৰ খাতিৰতে এনে আচৰণ কৰিবলৈ পাচ নোহোঁহকে। হিতাহিত জ্ঞানশুণ্য হৈ কৰা এনে আচৰণে ব্যক্তি বা সমাজৰ অনিষ্ট কৰে। সেয়ে এনে নকৰিবৰ কাৰণে এই যোজনাৰ জৰিয়তে ব্যংগ আৰোপ কৰি এনে অবিবেচক কাৰ্য্যৰপৰা মানুহক দুৰত ৰাখিবলৈ প্ৰয়াস কৰা হৈছে।

আৰ চিগা চুলি, তাৰ চিগা চুলি, বান্ধি যাওঁ নেঘেৰী খোপা: লোকৰ বস্তু সংগ্ৰহ কৰি ব্যৱহৰ কৰা।

আৰৈতকৈ উখুৱাৰ খচখচনি বেছি

আলিবাটত চুৰিয়াৰ ফেৰ, ঘৰত ঢকুৱাৰ বেৰ: ঘৰত যিমান আছে বাহিৰত তাতকৈ বেছি দেখুওৱা।

আগ তপা লনী, মাজ তপা ধনী, পিছ তপা শনি (ডাকৰ বচন): যি মানুহৰ মাজ মুৰতো তপা, তেও ধনী হব বুলি ভবা হয়।
যি মানুহৰ পিছ মুৰতো তপা, তেওৰ দিন ভাল নহব বুলি ভবা হয়।

আগফালে দুৱাৰ দাং, পাছফালে ধোবাং-বাং: আগফালৰ দুৱাৰ ভালদৰে মাৰি পিছফালৰ দুৱাৰ খোলা ৰখা। অৰ্থাৎ অনৰ্থক ভাৱে কোনো কাৰ্য্য কৰা ৷

আগৰ হাল যিফালে যায়, পাছৰ হালো সিফালে যায়: নেতৃবৃন্দ যিফালে যায় অনুসৰনকাৰী সকলো সেইফালে যায়।

আনলৈ হুল পুতি নিজে মৰে ফুতি: আনৰ অনিষ্ট কৰিব গলে নিজৰহে ক্ষতি হয়।

আপোন হাত জগন্নাথ, পৰত আশ, বনত বাস: নিজৰ কাম আনে কৰি দিব বুলি ৰৈ থকিলে বিপদত পৰিব লাগে, সেয়েহে নিজে কৰিব লাগে।

আহু চাবা গধুলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা (ডাকৰ বচন): আহু ধান গধুলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক তেনেদৰে ছোৱালী চাবলৈ হলে জাকৈ বাই থকা অবস্থাত চাব লাগে।

আদা বেপাৰীক জাহাজৰ খবৰ: অপ্ৰয়োজনীয় খবৰ বিচৰা।

আৰ্জিলে নন্দ গোৱালে, খালে বোন্দা শিয়ালে: কোনোবাই কষ্ট কৰিলে, কিন্তু আন কোনোবাইহে ফল ভোগ কৰিলে

আগ নুগুণি গুণে পাছ, লোভত মৰে বৰষিৰ মাছ: ভালদৰে চিন্তা-চৰ্চা নকৰি লোভত কিবা কাম কৰিলে বিপদত পৰিব লগিয়া হব পাৰে।

ই

ইয়াত মাৰিলো টিপা, গড়গাওঁ পালেগৈ শিপা: সাধাৰণতে উৰা-বাতৰি যি দ্ৰুত বেগে বিয়পে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
উল্লেখনীয় যে কেতিয়াবা ইয়াক সাঁথৰ হিচাবেও ব্যৱহাৰ কৰা হয়। উত্তৰটো হৈছে “ভুমিকম্প”। কোনটো আগতে সৃষ্টি কৰা জনা নগলেও ভুমিকম্প আৰু উৰাবাতৰিৰ বিস্তাৰৰ বেগৰ তুলনা কৰা হৈছে বুলি অনুমান কৰিব পৰা যায়।

উ

উত্তৰে গাজিলে জানিবা খৰ, দক্ষিণে গাজিলে মাৰিবা লৰ (ডাকৰ বচন): উত্তৰ ফালে মেঘে গাজিলে বৰষুণ নহয়, কিন্তু দক্ষিণ ফালে গাজিলে যথেষ্ট বৰষুণ হয়।

উপকাৰীক অজগৰে খায়: অজগৰ সাপক উপকাৰ কৰিলেও সুবিধা পালে উপকাৰি জনক খায়, অৰ্থাৎ যাকে তাকে উপকাৰ কৰিব নালাগে।

উপদেশতকৈ আৰ্হি ভাল: কিবা এটা কাম কৰাৰ উপদেশ দিয়াতকৈ নিজে কৰি দেখুওৱা ভাল।

উৰহৰ খং ভঙা ঢাৰীত জৰা: সাধাৰণতে বিচনা লেতেৰা হ’লে তাত উৰহ নামৰ পোক বিধ হয় আৰু ৰাতি সি শুই থকা মানুহক কামোৰে৷ আনহাতে বিচনাৰ তলত থকা ভগা ঢাৰীতে সেই উৰহ থাকে বুলি জানি উৰহক বিচাৰি নাপাই ঢাৰীকে মৰিয়াই হাৰাশাস্তি কৰে৷ অৰ্থাৎ কাৰোবাৰ খং কাৰোবাৰ ওপৰত সৰা বিষয়ত ইয়াক ব্যৱহাৰ কৰা হয়৷

উমৈহতিয়া শ বাহী শ হয়: ৰাজহুৱা সম্পত্তি চোৱা চিতা কৰা মানুহৰ অভাৱ।

উদঙিয়া গৰু, ঢাকণি নাইকিয়া চৰু: নিয়ন্ত্ৰনহীন।
উদক ভেটা ৰখিয়া পতা: সাধাৰণতে সকলোৱে জানে যে উদে মাছ খায়৷ কিন্তু সেই উদকে যদি মাছ ধৰিবৰ কাৰণে মৰা ভেটা ৰাখিবলৈ দিয়া হয় তেন্তে তাৰ ফল উলোটাহে হ’ব৷ অৰ্থাৎ যি মানুহ যি বস্তুৰ প্ৰতি অধিক আসক্ত বা দূৰ্বলতা আছে তাক সেই বস্তুৰে ৰখিয়া পতা৷

উদৰ সম্মুখৰ শালপোণা: উদৰ সম্মুখত শাল মাছ বা পোনা মাছৰ কোনো বাচ বিচাৰ নোহোৱাৰ দৰে চিকাৰিৰ সন্মুখত কোনো চিকাৰৰ বাচ বিচাৰ নহয়৷

উদৰ সাতপুৰুষ গ’ল কেঁচা মাছ খাওতেই: উদ মাছ খোৱা জীৱ, সি সাধাৰণতে মাছ কেচাই খায় আৰু তেনেদৰেই চলি আছে৷ অৰ্থাৎ আগৰ প্ৰচলিত ৰীতি সহজতে এৰিব নোৱাৰা।

উলুৰ লগত বগৰী পোৰা যোৱা: সাধাৰণতে উলুৱনিত বগৰি গছ থাকে, কিন্তু উলুৱনিত জুই দিয়াৰ সময়ত সেই বগৰি গছো পোৰা যায়৷ অৰ্থাৎ অসৎ মানুহৰ সঙ্গত ভাল মানুহ থাকিলেও তেওঁৰো বিপদ হ’ব পাৰে৷

এ

এদেও, দুদেও, লোটা নিয়াৰ চেওঁ: সুবিধা পালে চুৰি কৰা।

এন্দুৰক সেন্দুৰ পিন্ধোৱা: কুৰূপ ব্যক্তিক কৃত্ৰিম উপায়েৰে অধিক সুন্দৰ কৰিবলৈ যত্ন কৰা৷

এনেয়ে উৰ্বশী দুৱাৰে বাট দিয়া: সুযোগ বিচাৰি ফুৰা মানুহক অধিক দুষ্টালি কৰিবলৈ চল দিয়া৷

এবাৰ সাপে খালে কেঁচুলৈকো ভয়: এবাৰ বিপদত পৰিলে পিছ্ত বেছি সাৱধান হোৱা।

একে গছৰ পাণ, সি নো হব কি আন: একে বংশৰ মানুহৰ স্বভাৱ-চৰিত্ৰ একে হয়।

এশ গৰু মাৰিলে বাঘৰো মৰণ: বনৰ বাঘ মাজে মাজে গাওত আহি পোহনীয়া গৰু মহ আদি মাৰি খায়, কিন্তু কোনো এটা বাঘে যদি নিয়মিয়াকৈ আহি পোহনীয়া জন্তু আক্ৰমন কৰে তেনেহলে গাওৰ ৰাইজে মিলি বাঘটো মাৰি পেলায়। অৰ্থাৎ বহু বেছি বেয়া কাম কৰিলে শেষত নিজে বিপদত পৰিব লাগে।

এশ এজুপি ৰুবা কল
মাহেকে পষেকে চিকুনাবা তল
পাত-পচলা লাভত খাবা
লংকাৰ বাণিজ্য ঘৰত পাবা (ডাকৰ বচন)

এখন হাতেৰে চাপৰি নাবাজে: কাজিয়া লাগিবলৈ কমেও দুটা পক্ষ্য লাগে। যেনেদৰে এখন হাতেৰে চাপৰি বজাব নোৱাৰি তেনেদৰে এটা পক্ষ্যই অকলে কাজিয়া কৰিব নোৱাৰে।

এগুন চাউল দুগুন পানী, জল দিবা টানি টানি (ডাকৰ বচন): ভাত বনাওতে যিমান চাউল দিয়া হয়, তাৰ দুগুন পানী দিব লাগে।

এঘৰৰ পাটনাদ, এঘৰৰ জৰী, এঘৰে পানী তুলে হুৰূস হুৰূস কৰি: লোকৰ বস্তুৰে নিজৰ কাম কৰা।

এদিন বামুনৰ, এদিন বহুৱাৰ: সকলোৰে এদিন নহয় এদিন ভাল দিন আহে।

এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া: বুঢ়ী এগৰাকীয়ে যদি নাচি ভাল পায়, তেনেহলে নাতিনিয়েকৰ বিয়া হলেতো কথাই নাই, মন প্ৰাণ ঢালি নাচিব।। অৰ্থাৎ যি কাম কৰিব ভাল পায়, সেই কামকে কৰিব সুবিধা পোৱা।

এনেই মৰিচো ঋষিৰ শাপত, তাতে দিছে ধানৰ ভাপত: বিপদত পৰি থকোতে অন্য এটা বিপদ হোৱা।

এৰি দিয়া শৰ ঘুৰাই আনিব নোৱাৰি: কোৱা কথা ঘুৰাই আনিব নোৱাৰি।

এৰিলে মন ঘোৰাৰ ছুটি, বান্ধিলে মন শিলৰ খুটি: নিজৰ মনক নিজে নিয়ন্ত্ৰন কৰিব পাৰি। মনটো এৰি দিলে ঘোৰাৰ দৰে দৌৰি ফুৰিব, আনহাতে বান্ধি ৰাখিলে শিলৰ খুটিৰ দৰে স্থিৰ হৈ থাকিব।

এহাত এমুঠন দিবা পোত, তেতিয়াহে চাবা কলৰ গোট (ডাকৰ বচন): কলপুলি ৰুলে মাতিৰ এহাত এমুঠি তলত ৰুব লাগে।

এবাৰ হাগি দহ বাৰ উলটি চোৱা: খুব বেছি কৃপণ, ইমানেই কৃপণ যে শৌচ কৰি উঠি বাৰে বাৰে উলটি চায় বেছিকৈ শৌচ কৰিলে নেকি। ব্যঙ্গত্মক ভাবত ব্যৱহাৰ হয়।

এলেকৰ পেলেক কুকুৰা চৰাইৰ ভাগিনীয়েক: ইমান বেছি দুৰ সম্পৰ্কৰ মানুহ যে সম্পৰ্কীয় বুলি কব নোৱাৰি।

ও

ওচৰৰ আলহী নকৰে কাণ, নৰিয়াত পৰিলে আহে কাম: ওচৰ-চুবুৰিয়াক কেতিয়াও অৱজ্ঞা কৰিব নালাগে, কাৰণ বিপদত ওচৰ-চুবুৰিয়াই সহায় কৰে।

ওস্তাদৰ খেল শেষ ৰাতি: পাৰ্গত লোকে প্ৰথমতে হাৰিলেও শেষত জিকিবই।

ওপৰলৈ পানী চতিয়ালে নিজৰ গাতে পৰে: নভবা নিচিন্তাকৈ কাম কৰিলে নিজলৈকে বিপদ আহে।

ওঁঠ চেপিলে গাখীৰ ওলোৱা: সৰু হৈ ডাঙৰৰ দৰে কথা কলে অপমান সুচক ভাবত ব্যৱহাৰ কৰা হয়৷

ওলায়েই দেখিবা যাক, শতৰু নুবুলিবা তাক: ওচৰ-চুবুৰিয়াৰ লগত শত্ৰুতা কৰিব নালাগে।

ক

ক বুলিব নাজানে ৰত্নাৱলী পঢ়ে: ৰত্নাৱলী এখন সংস্কৃতত লিখা ধৰ্মশাস্ত্ৰ, আৰু ইয়াক সহজে বুজা নাজায়। সেয়েহে যি একেবাৰে লিখা-পঢ়া নাজানে সি ৰত্নাৱলী পঢ়া অসম্ভব। অৰ্থাৎ একেবাৰে কৰিব নোৱাৰা কাম এটা কৰিব যোৱা।

কণা হাঁহক পতান দিয়া: হোজা মানুহক ঠগোৱা।

কলাৰ আগত বেঙাই কয়, কলাই বোলে হয় হয়: বেঙা মানুহে কথা কব নোৱাৰে, আনহাতে কলা মানুহে কাণেৰে নুশুনে। অৰ্থাৎ কথা ভালদৰে নুশুনি এনেই হয়ভৰ দিয়া।

কুকুৰ চিকুন গৃহস্থৰ যশ: কোনো এঘৰ মানুহৰ যদি পোহনীয়া কুকুৰ যদি চাফ-চিকুন হয়, তেনেহলে সেই ঘৰ মানুহো চাফ-চিকুন বুলি ধৰিব পাৰি।

কুকুৰৰ নেজ দীঘল হলে নিজে পাৰি বহিব: কুকুৰৰ নেজ দীঘল হলেও তাত আনক বহিব নিদিয়ে, সাধাৰণতে কৃপণ মানুহক বুজাবলৈ এইশাৰী কথা ব্যৱহাৰ কৰা হয়।

কুকুৰে একেদিনাই স্বৰ্গ পাবগৈ পাৰে, কেৱল জ্ঞাতিৰ কাৰণে নোৱাৰে : নিজৰ অসফলতাৰ কাৰণে আনক দোষ দিয়া।

কুকুৰৰ নেজ কেতিয়াও পোন নহয়: কিছুমান মানুহৰ স্বভাৱ যিমান চেষ্টা কৰিলেও সলনি নহয়।

কাকনো বুলিবা ককা, সকলোৰে দাঢ়ি-চুলি পকা: যেতিয়া সৰু বৰ সকলোৱে অপকৰ্মত লিপ্ত হয়, তেতিয়া কাকো দোষ দিবলৈ কোনো উপায় নেথাকে।

কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল: বাঘে হৰিণা চিকাৰ কৰি খায়, তেনেক্ষেত্ৰত যদি হৰিণাই বাঘৰ গাল চেলেকা দেখা যায় তেনেহলে নিশ্বয় ডাঙৰ অঘটন ঘটিছে।

কিনা হাঁহৰ ঠোটলৈকে মঙহ: সাধৰণতে হাঁহ খালে ঠোট, ঠেং আদি পেলাই দিয়া হয়। কিন্তু হাঁহটো যদি কিনি অনা হয় তেনেহলে যিমান বেছি পাৰি সিমান মাংস কাটি উলিয়াব যত্ন কৰা হয়। অৰ্থাৎ কিনি অনা বস্তুৰ যিমান পাৰি সিমান বেছি ব্যৱহাৰ কৰিব চেষ্টা কৰা হয়।

কুমলীয়া আদা পায়, ভৰিৰে মোহাৰি খায়: আদাৰ বাকলী কটাৰীৰে গুচোৱা হয়, কিন্তু কুমলীয়া আদা হলে ভৰিৰে মোহাৰিলেই বাকলী গুচি যায়। ঠিক তেনেদৰে দুৰ্বল মানুহক সহজে বশ কৰা যায়।

কেঁচা বৰলক জোকাই ললে গা সৰা টান: বৰলৰ বাহক জোকাই ললে বৰলবোৰে আক্ৰমণ কৰিবলৈ খেদি ফুৰে, তেনে বৰলৰ পৰা হাত সৰা টান। ঠিক তেনেদৰে কাজিয়া প্ৰবণ মনোভাবৰ মানুহক জোকাই নোলোৱাই ভাল।

কেচু খান্দোতে সাপ ওলোৱা: কিছুমান অন্য কথা আলোচনা কৰোতে , মনে বিচাৰি থকা তথ্যৰ সম্ভেদ পোৱা।

কাঠৰ মালা ফুটে ফাটে, মনৰ মালা কাহে চুটে

কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ, মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান

কেৰেলাতকৈ গুটি দীঘল

কোন কালতে পৈয়েক মৰিল, ঢেঁকী দিওঁতে মনত পৰিল

কটাৰী ধৰাবা শিলে, তিৰোতা বলাবা কিলে: কটাৰীৰ ধাৰ গুচি গলে শিলত ধৰাব লাগে, ঠিক তেনেদৰে ঘৈণীয়েকে কথা নুশুনিলে বল প্ৰয়োগ কৰি মনাব লাগে। (এই ডাকৰ বচন শাৰী সেই সময়ৰ সমাজৰ মহিলাৰ প্ৰতি থকা মনোভাবৰ প্ৰতিফলন।)

কথা কত বোলে ভেকুৰিৰ তলত, চিঙিব নোৱাৰি কাঁইটৰ বলত

কথাত কটা যায়, কথাত বটা পায়: ভুল সময়ত ভুল ঠাইত ভুল কথা কলে বিপদত পৰিব লাগে, আনহতে ঠিক সময়ত ঠিক ঠাইত ঠিক কথা কলে লাভজনক হয়।

ক’ৰ পৰা আহিলা ক’ত দিলা ভৰি, চোতাল খন ফাটি গল চেৰেক চেৰেক কৰি: বহুদিন নহা মানুহ আহিলে ব্যৱহাৰ কৰা হয়।
উল্লেখযোগ্য যে এই যোজনাটো লীলা গগৈৰ “বিহুগীত আৰু বনঘোষা” নামৰ অসমীয়া লোকগীতৰ সংকলনত বিহুনাম হিচাবে সন্নিবিষ্ট কৰা হৈছে।

ক’লেও আয়ে কিল খায়, নক’লেও বোপায়ে ছুৱা খায়: দেউতাকৰ বাবে ভাত বাঢ়ি থোৱা ভাত মেকুৰীয়ে খোৱাটো পুতেকে দেখিছে, এতিয়া দেউতাক অহাৰ পাছত যদি কথাতো কৈ দিয়া হয় তেনেহলে দেউতাকে মাকক কিলাব, আনহাতে নকলে দেউতাকে জুঠা খাব লাগিব।
কোনো কথা ক’লেও বিপদ আৰু নকলেও বিপদ অৰ্থাৎ ই দোধোৰ মোধোৰ অবস্থাত পৰা বুজাইছে।

কৄষ্ণই কৰিলে লীলা, আমি কৰিলে ধৰি বান্ধি কিলা: সমাজৰ গন্য-মান্য মানুহে কিছুমান কাম কৰিলে প্ৰসংশা পায়, কিন্তু সাধাৰণ মানুহে কৰিলে ঠাট্টা মস্কৰাহে কৰা হয়।

কালিলৈ ৰাম ৰজা হব আজি অধিবাস, কোনেনো জানিছিল ৰাম যাব বনবাস: ভৱিষ্যত অনিশ্চিত।
ৰামায়ণৰ ৰাম আছিল জনপ্ৰিয় যুৱৰাজ। কিন্তু ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ তেওঁৰ পিতৃ দশৰথে (দশৰথ) তেওঁৰ ৰাজ্যাভিষেকৰ দিনাই লোকপ্ৰত্যাশাৰ বিপৰীতে সিংহাসনৰ পৰা বঞ্চিত কৰি চৌধ্য বছৰৰ কাৰণে বনবাসলৈ পঠাবলৈ বাধ্য হৈছিল।

কি ক আছিলা, কি ক হ’লা, খাবলে নাপাই শুকাই খীণাই গ’লা: বহুদিন ভাল অবস্থাত থকাৰ পিছত বেয়া অবস্থা হোৱা বুজাবলৈ ব্যৱহাৰ হয়।

খ

খকুৱাই পাত কাতে, নিখকুৱাই মাটিতে খায়: খঁকুৱা মানুহে ভোকত থাকিও ভাত খাবৰ কাৰণে কলপাত কটাৰ দৰে বিভিন্ন আয়োজন কৰোঁতেই সময় পাৰ কৰে, কিন্তু নখঁকুৱা মানুহে যেনেদৰে পায় তেনেদৰেই খাই পেট ভৰায়৷ ইয়াৰ পৰোক্ষ অৰ্থ হৈছে- “কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোতেই আনে কোনো পৰিকল্পনা নকৰাকৈয়ে কামটো শেষ কৰা৷”

খাই কৰ্শলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল: বেয়া কাম কৰাজন সুবিধা বুজি আঁতৰি য়ায় আৰু অনাহকত পিছত অহাজনে তাৰ শাস্তি ভোগ কৰিব লগা হয়৷

খাবলে জীৱলে যাৰ মন, হাগোতেও আজোৰে বন: যাৰ খাই লৈ জীয়াই থকাৰ হাবিয়াস আছে, সি সকলো সময়তে কামত ব্যস্ত থাকে৷

খেনো খেনো পাকত ঢেকি থোৰাও সোমায় নাকত

খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে: কোনোবা ঘৰলৈ অহা দেখিলে খোৱা-বোৱাৰ আয়োজন কৰা হয়, আনহাতে অন্য কোনোবা আহিলে দুৱাৰ বন্ধ কৰি ঘৰত কোনো নাই বুলি বুজাব খোজা হয়৷ অৰ্থাৎ বেলেগ বেলেগ মানুহক বেলেগ ব্যৱহাৰ কৰা হয়৷

খৰ ৰান্ধনী খৰ বাঢ়নী পৈয়েক লঘোনে যায়, উদা ৰান্ধনী উদা বাঢ়নী পৈয়েক তিনি সাজ খায়

খং নামে চণ্ডাল: খং বৰ বেয়া বস্তু, ইয়াক পৰিহাৰ কৰি চলাই ভাল।

খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা: খঙতে নিজৰ অনিষ্ট কৰি পিছত বহুদিনলৈ নিজে শাস্তি ভোগ কৰা।

গ

গাই আনিবা ৰিংটো বাটৰ, ছোৱালী আনিবা দিনটো বাটৰ

গাখীৰতে মহৰ খুটি সান্দহতে হাত : কোনো সৌভাগ্যৰ ওপৰতে আন সৌভাগ্যই দেখা দিয়া৷

গাখীৰ খুৱাই সাপ পোহা: কোনো দুষ্ট লোকক আসৈ দি নিজৰ অপকাৰ মাতি অনা৷

গাত নাই চাল বাকলি, মদ খাই তিনি টেকেলি: হাতত পইচা-পাতি নাই, তথাপিও যিকণ ঘটে তাক মদ খোৱাৰ দৰে কু অভ্যাসত খৰচ কৰা।

গাধৰ আগত বীণ বজাই লাভ নাই

গৰুৰ আগত টোকাৰী বায়, কাণ জোকাৰি ঘাঁহ খায়: গৰুৰ আগত টোকাৰী বজালেও যিদৰে সঙ্গীতৰ মোল একো বুজিব নোৱাৰি শিং জোকাৰি ঘাঁহ খোৱাতহে মগ্ন হয়, সেইদৰেই অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় তাক উলাই কৰি নিজৰ ইচ্ছামতে কাম কৰিয়েই যায়।
এই ফকৰা ফাঁকি ‘অবুজনক বুজোৱা আৰু ঢেৰুৱা ঠাৰী সিজোৱা’ ফকৰা ফাঁকিৰ সমাৰ্থক।

গায়নৰ ঘৰৰ বোন্দাইও ৰাগ দিয়ে: কোনো বিদ্যা বা কলাত পাৰদৰ্শী লোকৰ ঘৰত আনেও সেই বিষয়ে জনা৷

গেলা বৰালী মনত গোন্ধ: নিজৰ দোষ দূৰ্বলতাৰ কথা জানি আনে কিবা নকলেও নিজৰ মনতে সন্দেহ সৃষ্টি হোৱা৷

গোসাই ঘৰত কোন?? মই কল খোৱা নাই: বেয়া কাম কৰি লুকুৱাব খোঁজোতে নিজৰ কথাতে পাক খাই ধৰা পৰি যোৱা।

গছ কাটিলেই মুঢ়া, ছোৱালী আনিলেই বুঢ়া

গছত কঠাল. ওঁঠত তেল, নৌ পকোতেই চেল বেল: কোনো কাৰ্য্য হৈ নোথোতেই তাৰ বিষয়ে গাই-বাই থকা৷

গুণীয়েহে যানে গুণীৰ মান, কাঠৰ থোৰাই কি জানে, নিতৌ খুন্দি মৰে ধান

গছত উঠাই গুৰি কটা: আনক কোনো কামলৈ আগবঢ়াই দি পিছ মুৰ্হুত্বত মূৰপোলোকা মৰা৷

গছত গৰু উঠা হোলোঙাৰে কান বিন্ধোৱা কথা: একেবাৰে অসম্ভব কথা।

গৰম ভাতৰ ধোঁৱাই খালে: অত্যাধিক সুখ-সুবিধাই অপকাৰ সাধন কৰে৷

গালো বালো খোলাকতি তাল: কৈ মেলি একো লাভ নোহোৱা৷

গুৰুতকৈ শিষ্য হয় শিয়ান, খুচৰি খুচৰি লয় গিয়ান

গধুলীৰ অতিথী সাক্ষাৎ দামোদৰ: গধুলীৰ সময়ত ঘৰলৈ আলহী আহিলে ভালদৰে সৎকাৰ কৰিব লাগে, যেনেকৈ শ্ৰীকৃষ্ণই বাল্যবন্ধু বিপ্ৰ দামোদৰৰ কৰিছিল।

ঘ

ঘ্ৰাণেন অৰ্দ্ধ ভোজনং: ভাল খাদ্যৰ গোন্ধ পালেই আধা খোৱা বুলি ধৰিব পাৰি।

ঘৰলৈ আহিলে ঢকুৱা বেৰ, আলিবাটলৈ গলে বৰ চুৰিয়াৰ ফেৰ

ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানান শালি

ঘঁহোটে ঘঁহোটে শিলো ক্ষয় যায়

চ

চকুৰ আঁতৰ হলে মনৰো আঁতৰ

চৰুক সুধি ভাত ৰন্ধা

চাউল দিবা জেতেক-পেতেক, পানী দিবা তিনি তেতেক, যেবে দেখিবা নিসিজে চাউল, তেবে বুলিবা ডাকক বাউল (ডাকৰ বচন): ভাত বনোৱাৰ বিধি।

চল চাই কঠীয়া পৰা: সঠিক সময়ত কৰিবলগা কাম কৰা।

চাপৰিলে মেঘ নেৰায়

চাপৰি যোৱাকে কুঁজা বোলে, লাখুটি লোৱাকে বুঢ়া বোলে: কোনো অপ্ৰিয় কথা পোনে পোনে স্বীকাৰ নকৰিলেও আচাৰ-ব্যৱহাৰৰ পৰাই ধৰা পৰে৷

চাল-বেৰৰো কাণ থাকে

চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপী: কোনো বিপদ বা অঘটন হৈ যোৱাৰ পিছত তাৰ কাৰণে কৰা যিকোনো প্ৰতিৰোধমূলক প্ৰচেষ্টাৰ কোনো অৰ্থ নাথাকে৷

চোৰক মোৰে পায়

চোৰক ঘৰ ৰখীয়া পতা

চোৰে নিয়া গৰুৰ বাটে বাটে ঘাঁহ

চোৰে নেৰে চোৰৰ স্বভাৱ, কুকুৰে নেৰে চাঁই, জাৰ যি স্বভাৱ মৰিলে লগত যায়

চোৰেহে চোৰৰ ঠেং দেখে: বেয়া চৰিত্ৰৰ মানুহে সদায় আনৰ বেয়াটোকে দেখে৷

চৰণেহে জানে মৰনৰ ঠাই, চুচুৰি বাগৰি তালৈকে যায়

চল পালে কুকুৰে ডিঙিলৈকে জপিয়াই

চকু লাল, বুকু খাল, সেই পুৰুষৰ লক্ষণ ভাল

চিকুটি লাও বুঢ়া কৰা: অনাগত বিপদৰ আগজাননী দিয়া।

চুকট খাই বুকুত কামোৰ মৰা: নিকট আত্মীয় মানুহেই অনিষ্ট কৰা।

চুঙা চাই সোঁপা

ছ

ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল: মাকৰ যদি স্বভাৱ-চৰিত্ৰ ভাল হালে জীয়েকৰো স্বভাৱ-চৰিত্ৰ ভাল হব বুলি ধৰিব পাৰি, সেয়েহে বিয়া পাতিবলৈ তেনেকুৱা ছোৱালী আনিব লাগে।

ছোৱালী বোলে কুৰিতে বুঢ়ী: আগৰ দিনত ছোৱালীক খুব কম বয়সতে বিয়া দিয়াৰ প্ৰথা আছিল, আৰু বয়স ২০ বছৰৰ বেছি হলে বুঢ়ী হোৱা অৰ্থাৎ বিবাহৰ অযোগ্যা হোৱা বুলি ধৰি লোৱা হৈছিল।

ছোৱালী হল বৰষিৰ টোপ, ল’ৰাই দেখিলে মাৰিব খোট

ছয় পো বাৰ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি (ডাকৰ বচন): কুঁহিয়াৰ খেতি কৰিবলৈ বহু সংখ্যক খেতিয়কৰ প্ৰয়োজন, সেয়েহে যথেষ্ট সংখ্যক মানুহ থাকিলেহে এই খেতি কৰিবলৈ আগবাঢ়িব লাগে৷

জ

জী ভালেই জোৱাই ভাল, আপোন ভালেই জগত ভাল: নিজৰ জী যদি ভাল হয় তেন্তে জোৱাই বেয়া হ’লেও ভাল কৰি ল’ব পাৰিব৷ সেই দৰে নিজেই যদি ভাল হয় তেন্তে আন কোনেও নিজক বেয়া কৰিব নোৱাৰে৷

জোৰ যাৰ মুলুক তাৰ: যাৰ শক্তি বেছি সেই ব্যক্তিহে সমাজত জীয়াই থাকিব পাৰে৷

জোকৰ মুখত চূন: জোকৰ মুখত চূন দিলে আহি থকা জোকডাল যেনেদৰে কোচ খায় যায় তেনেদৰে বেছিকৈ আত্মপ্ৰশংসা বা আনৰ কথা কৈ থকা ব্যক্তিৰ মুখৰ আগতে তাৰ সম্পূৰ্ণ বিপৰীত কথা কৈ তেওঁৰ মুখ বন্ধ কৰা৷

জোৰ পুৰি হাত পোৱা: কোনো এটা বিপদ একেবাৰে কাষত আহি পোৱা৷

জোৱাঁয়ে নিলেও নিয়া, যমে নিলেও নিয়া

জ্বলা জুইত ঘিঁ ঢলা: জুইত ঘিঁ ঢালিলে সি বেছিকৈ জ্বলি উঠে অৰ্থাৎ কাৰোবাৰ খঙত অধিক খং উঠিব পৰা কথা কোৱা৷

জ্বৰে এৰিলেও কৰ্পাটিয়ে নেৰা: নেৰা-নেপেৰা বিপদ৷

ট

টেঙা আম এবাৰহে বেছিব পাৰি: বজাৰত যদি টেঙা আম মিঠা বুলি বিক্ৰী কৰা হয়, তেনেহলে প্ৰথমতে বিক্ৰী হব, কিন্তু পাছলৈ গ্ৰাহকে ঠগা বুলি গম পাব আৰু সেই দোকানীৰ পৰা আম নিকিনা হব, অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি, ঠগ খোৱাৰ পাছত মানুহ সাবধান হয়।

টোপনিৰ চিকুন পুৱা, মাছৰ চিকুন মোৱা: ৰাতিপুৱাৰ টোপনি বৰ আকৰ্ষণীয়, তেনেকৈ মোৱা মাছো আকৰ্ষণীয়।

টেঙৰতকৈ টেঙৰ আছে ভুল নাই তাত, সোমোৱাৰ আগতে জানিবা ওলোৱাৰ বাট

ঢ

ঢেঁকী স্বৰ্গলৈ গলেও ধানহে বানে

ত

তাতো নাহিলো খাই, ইয়াতো পাবলৈ নাই

তিৰিৰ কপালে ধন, পুৰুষৰ কপালে জন

তিৰিৰ চুটি বাঢ়নীৰ বুতি

তেজ ধুলে উটে, মঙহ ধুলে নুটে

তেলিয়াই কান্দে তেল পেলাই, কপহুৱাই কান্দে লেত পেলাই

তিলকে তালতো কৰা: সৰু কথা এটাকে ডাঙৰ কৰা৷

তেলিৰ মুৰত তেল

তেজ ধুলে উটে, মঙহ ধুলে নুটে

তোমাৰ বাৰিৰ বাঁহগাজ কাটি তাৰে কৰিছো খৰিচা, তোমাকে দি ধান দোন ললো, কথাটো মন কৰিছা: আনৰ বস্তুৰে আনকে বেছি নিজে উপাৰ্জন কৰা স্বভাৱ৷

তুলসীৰ লগত কলপতুৱাৰো মুক্তি: তুলসীক প্ৰবিত্ৰ বস্তু বুলি ভবা হয় আৰু কোনো মাঙ্গলিক কামত কলপাতত তুলসী দিয়া হয়৷ ফলত তাৰ লগত দিয়া কলপাত খিলাও পবিত্ৰ হৈ পৰে৷ সেইদৰে কোনো সৎ বন্ধুৰ সঙ্গত থাকিলে অসৎ বন্ধু জনো ভাল পথে যাব পাৰে৷

তৰিলে দেশ, মৰিলে স্বৰ্গ: দেশৰ হকে যুঁজি বাচি থকিলে দেশৰ স্বাধীনতা উপভোগ কৰিব পাৰিবা, আনহাতে সেই যুদ্ধত মৃত্যু হলেও স্বৰ্গলৈ যাবা।

তোপোলা দেখিলে তোপোলা যাচে, ৰ ৰ তোলৈও তোপোলা আছে: কাৰোবাক কিবা এটা দিলে তেঁও ও ঘুৰাই কিবা এটা দিব।

তুমি যদি ডালে ডালে, মই পাতে পাতে: তুমি যদি টেঙৰ, তেনেহলে মই নোম-টেঙৰ৷

দ

দুই মহৰ যুজত বিৰিণাৰ মৰণ: আনৰ কাজিয়া, বেমেজালি বা ঝামেলাৰ মাজত নিৰীহজনৰ হাৰাশাস্তি হোৱা।

দুই নাওত দুই ভৰি: বিকল্পবোৰৰ পৰা সঠিক বিকল্পটো বাছনি কৰিব নোৱাৰা।

দিনৰ পাহাৰ ৰাতিৰ জুই তাক নেখেদি থাকিবা শুই

দাঁত নাইকিয়া সাপৰ ফোচফোচনি বেছি

দাতাই দিলেও বিধাতাই নিদিয়ে

দা ধাৰেৰে মাৰিলও গাত পৰে, গদীৰে মাৰিলও গাত পৰে

দেহা থাকিলেহে বেহা, নহলে তিতা কেহা

দৰিদ্ৰ লঙ্কালৈ যায়, সাগৰো শুকায়, মাণিকো লুকায়

দুৰৰ পাহাৰ শুৱণী

দুৰৰ ৰৌ বৰালী, ওচৰৰ পুঠি খলিহনা

দুষ্টৰ দুদিন, সন্তৰ শ দিন: অসাধু লোকে কেইদিনমান ৰাজত্ব কৰিব পাৰে, কিন্তু সাধু লোকেই বেছিভাগ সময় ৰাজত্ব কৰে।

দহো আঙুলীৰে খায়, বুঢ়াই হেচুকিলেহে যায়

দেখাতেই কঠাল, পিঠিত কাইট: জল জল পট পট, কোনো প্ৰমানৰ প্ৰয়োজন নাই।

দেখাক দেখি কুকুৰে পাতে একাদশী: সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা।

দেখাত হে বুটী, কঠীয়া জেঠতে পৰা: দেখিবলৈ সিমান ভাল নহব পাৰে, কিন্তু থকিবলগিয়া আটাইখিনি গুণ আছে।

দুহাল গোনা বাই, ছয়মাহ খাবলৈ নাই: থকা সম্পদৰ অপচয়।

ধ

ধান পকে মানে টুনিৰ মৰণ

ধানটোৱে প্ৰতি কণটো, মানুহ্টোৱে প্ৰতি মনটো

ধন দিলে ধোবাই মেখেলাও কোবায়

ধন লবা লেখি, বাট বুলিবা দেখি

ধাৰত পৰিলে শিলো উটে, সপোন দেখিলে বুঢ়ায়ো মূতে

ধনীৰ ঘৰত যাবা চাবলৈ, দুখীয়াৰ ঘৰত যাবা খাবলৈ: ধনী মানুহে নিজৰ সম্পত্তি দেখুৱাই ভাল পায়, আনহাতে দুখীয়া মানুহে আনক খুৱাই-বুৱাই ভাল পায়।

ধেই-টাক বুলিলেই তিনি পাক ঘুৰা

ন

নলগা জেঙত লগা

নকৈ নোৱৰো ফটা মুখ, কলেও লাগে ভকতৰ দোষ

নাই পো লনী, নাই পো ধনী

নাই মোমাইতকৈ কণা মোমাই ভাল

নাই হে নাখাও, লঘোনেও নাযাও, গাতো নিদিও দুখ: খাদ্য নথকা বাবে নাখাও, লঘোনো নপৰো, নিজক দুখ দিব নোৱাৰো।

নাও উঠোতে বুৰে, নাও নামোতে বুৰে

নাও বুৰিলেও টিঙৰ পৰা ননমা

নাকত লাগিল পাক, মহা ভকতৰ চিন্তা লাগিল, মেধি পাতিম কাক

নগাৰ চাং তলে বাট

নাচিব নাজানে চোতালখন বেঁকা: নিজে কিবা এটা কৰিব নোৱাৰিলে আনক দোষ দিযা।

নি থাকিলে পাণ খিলাও গধুৰ

নিজ বুদ্ধি শিলৰ খুটি

নিজ হাত জগন্নাথ

নিজৰ পোকৰত গু, আনক কয় ধো ধো ধো: নিজে অসৎ হৈ আনক সৎ হবলৈ উপদেশ দিয়া।

নিজৰ নঙলা মুখত সকলো কুকুৰেই বাঘ বা নিজ দেশত ঠাকুৰ পৰৰ দেশত কুকুৰ: অৰ্থাৎ সকলো ব্যক্তিয়েই নিজৰ চিনাকী ঠাইত নিজৰ দাম্ভিকতাৰে নিজক ডাঙৰ হিচাপে প্ৰকাশ কৰে, কিন্তু আনৰ ঠাইত গৈ সেই ভাৱ প্ৰকাশ কৰিব নোৱাৰে আৰু সৰু হৈ থাকিব লাগে৷

নিজৰ পোকৰ টেকটেকিয়া, লোকৰ পোকৰত পানী চতিয়া: নিজৰ দোষ নেদেখি লোকৰ দোষ দেখা।

নেখাও তাইৰ হাতেৰে ভাত, ঘুৰি ঘুৰি তাইতেহে হাত: কাৰোবাৰ হাতে ভাত নাখাও বুলি ঠেহ পাতি থাকিলেও শেষত পেটৰ ভোকত খাবলৈ বাধ্য হয়৷ অৰ্থাৎ কোনোবা ব্যক্তিৰ হাতে কোনো কাৰ্য্য নকৰাও বুলি ভাবিও উপায় নাপায় কৰিবলৈ বাধ্য হোৱা অৱস্থা৷

নোধোও গা ধুৱালি, নাখাও ভাত খুৱালি, নিগিলো কি কৰ কৰ: কোনোবাই গা ধুব ইচ্ছা নকৰিলে যোৰ কৰি গা ধুৱাব পৰি, ভাত খাব ইচ্ছা নকৰিলে যোৰ কৰি মুখত ভাত সুমুৱাই দিব পাৰি, কিন্তু সুমোৱাই দিয়াৰ পাছতো যদি তেওঁ নিগিলো বুলি ভাৱে তেন্তে তেওঁক কেতিয়াও তাৰ বাবে বাধ্য কৰিব নোৱাৰি৷ অৰ্থাৎ কোনো এজন মানুহক বাহ্যিকভাৱে কিছুমান কাম কৰিবলৈ বাধ্য কৰাব পাৰি যদিও মনৰ ইচ্ছাৰে কোনো কাম কৰিবলৈ নিবিচাৰিলে, কামটো কেতিয়াও সফল হৈ নুঠে৷

নমঞ্চিব কইনা, ওঠৰতা মুৰ্তি

নিবোকা চামোন, গু খোৱা যম: বেছি কথা বতৰা নকয়, কিন্তু মানসিক ভাবে খুব শক্তিশালি।

নেহাহিবি মোক, সোঁচৰিব তোক: মোৰ অৱস্থা দেখি নেহাহিবি, কাৰণ কাইলৈ তোমাৰো তেনে অৱস্থা হব পাৰে।

প

পাপীৰ লগত যমদুতৰ শাস্তি: অপৰাধীৰ লগত আৰক্ষীৰ লোকেও শাস্তি খাব লাগে।

পাগলে নকয় কি, ছাগলে নাখাই কি

পানীত হাঁহ নচৰা অৱস্থা

পাপীৰ পিঠাত মন

পৰ্বতত কাছৰ কনী বিচৰা

পৰৰ পালে জ্বৰৰ গাৰে খোৱা

পৰৰ মূৰত কঁঠাল ভঙা

পোৱতিয়েহে জানে প্ৰসৱ বেদনা কি

পথাৰৰ মাজৰ মুঢ়া, যৰে পৰা চোৱা তৰে পৰাই পোন

পুহত কল, মাঘত জল, তেহে পাবা গাত বল

পঢ়ে পঢ়াই ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন: ছাত্ৰই পঢ়াৰ বাহিৰে বেলেগ একো নকৰে, শিক্ষকে পঢ়োৱাত নিমগ্ন থাকে, খেতিয়কে খেতিৰ বাহিৰে বেলেগ চিন্তা নকৰে, অৰ্থাৎ যাৰ যি কাম তাতে ব্যস্ত থকা।

পঢ়িবা শুনিবা পাইবা দুখে, মৎস্য মাৰিবা খাইবা সুখে

পৰুৱাৰ পাখী গজে মৰিবলৈ: নিজৰ ক্ষমতাতকৈ বেছি কাম কৰিব গলে বিপদত পৰিব পাৰে।

ফ

ফটা বাঁহ জোৰা নালাগে

ফটা কঁথা তিতে মানে গালৈহে গধুৰ

ফিৰিঙতিত খাণ্ডব দাহ

ফুটা কলহৰ মাত সাৰ

ফেউৰাৰ মাতত সিংহই উভতি নাচাই

ফোপজহি ৰঙাই, এদোন ধানৰ পিঠা খুন্দি গোটেই গাওখনকে জনাই

ফটা হওক চিতা হওক পাটৰ তঙালী, কণা হওক কুজা হওক ভুঞাৰ পোৱালি

ফল খাই পানী, যমে নিয়ে টানি

ফাল চাছোটেই মাঁহৰ বতৰ যোৱা

ব

বাজিব লাগে হাচতি, বাজে টেমি কটাৰি: হাচটিত থকা টেমি-কটাৰী আদি নাবাজি হাচটিখন বজা অৰ্থাৎ কথা ক’ব লাগে ব্যক্তিজনে নকৈ তেওঁৰ সমৰ্থনত অন্য ব্যক্তিয়ে অনৰ্থকভাৱে কথা কৈ থকা৷

বন্ধু চিনিবা বিপদৰ বেলা: বিপদত পৰিলেহে কোন প্ৰকৃত বন্ধু তাক চিনিব পাৰি, কিয়নো ভাল সময়ত সকলোৱে ভালদৰেই বন্ধুত্ব দেখুৱাই।

বান্দৰে কি বুজে নাৰিকলৰ মোল: নাৰিকলটো বাহিৰৰ পৰা দেখিবলৈ ভাল নহয়, কিন্তু ভিতৰতহে সুস্বাদু নাৰিকল থাকে, বান্দৰবোৰে কথাটো নাজানি নাৰিকল পালেও পেলাই দিয়ে। অৰ্থাৎ সকলোৱে মূল্যবান বস্তুৰ মূল্য নুবুজে।

বান্দৰৰ তিনিটা কণী, নিতৌ উলিয়াই নিতৌ সুমুৱাই ডালৰ ফেৰেঙনিত বহি

বাপৰ ধনে নাটে আৰু পাপৰ ধনে নাটে

বাছৰ আগত, ঘোৰাৰ পাছত: বিপদজনক ঠাই।

বাঘৰ নেজেৰে কাণ খজুৱা

বাঘৰ আগতেল খোৱা

বাঘৰ আগত ছাগৰ অগা দেৱা

বাৰ হাত জালৰ তেৰ হাত ফটা, ভাল মাৰিলি বাপৰ বেটা, ৰৌ-বৰালি সৰকি গ’ল, পুঠি-খলিহনা পাহে পাহে ৰ’ল

বনৰ বাঘে নখায়, মনৰ বাঘেহে খায়: ভয়ৰ কাৰণেহে বিপদ হয়।

বাওনা হৈ চন্দ্ৰলৈ হাত মেলা: চুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়৷ এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়৷

বুঢ়া শালিকাই মাত লোৱা

বিনা মেঘে বজ্ৰপাত

বাটৰ কচু গাত ঘঁহি লোৱা

বাৰীৰ ঘাঁহ গোহালীৰ গৰুৰ ৰাহি যোৰা নাহে

বাহিৰে ৰং-চং ভিতৰি কোৱা-ভাতুৰি: কোৱাভাতুৰী এবিধ লতাৰ ফল, সি পকিলে তাৰ বাহিৰ ভাগ দেখাত সুন্দৰ হয়, কিন্তু ভিতৰৰ ফাল কাউৰীৰ পাখিৰ দৰে ক’লা হয়। ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে, কোনো বস্তু বা ব্যক্তিৰ বাহ্যিকতা দেখি তেওঁৰ গুণাগুণ নিৰূপণ কৰিব নোৱাৰি৷

বাহৰ পৰা উৰিল কাউৰী, পাৰিলহি কুলিয়ে কণী তিনি

বিপদত কুকুৰেও মৈ টানে

বেঁকাকৈ পদুলি, চিকুনকৈ নঙলা, কেতিয়াও সেই ঘৰ নহয় বৰলা

বেছি মেঘে গাজিলে বৰষুণ নিদিযে

বেজিৰ জলঙা মনে, কুঠাৰৰ জলঙা নমনে

বেজৰ নাকত খৰ

বেটিয়ে ভাঙিলে কটৰা, গড়গাঁও পালেহি বতৰা, ঘৈণীয়ে ভাঙিলে কাহী, ঠলে মিচিকাই হাঁহি: বেটি মানে কাম কৰা ছোৱালিয়ে কটৰা ভাঙিলেও সকলোকে কৈ ফুৰা, কিন্তু ঘৈণীয়েকে কাঁহী ভাঙিলেও মনে মনে থকা। অৰ্থাৎ নিজৰ আপোন মানুহৰ ডাঙৰ দোষকো লুকুৱাই ৰাখি আনৰ সৰু দোষকে কৈ ফুৰা৷

বেতনিত ঔ পৰিল, গোবিন্দায় নমঃ: সাধাৰণতে বেতঁনিৰ কাষত ঔ-টেঙাৰ গছ থকা দেখা যায় আৰু ঔ-টেঙা পাৰোঁতে সি যদি বেতঁনিত পৰে তেন্তে তাক তাতে বিসৰ্জন দিয়াৰ বাদে অন্য উপায় নাথাকে (যেনেদৰে যজ্ঞত আহুতি দিয়াৰ সময়ত ‘গোবিন্দাই নমঃ’ বুলি একেবাৰে বিসৰ্জন দিয়া হয়)৷ ইয়াৰ অৰ্থ হ’ল কোনো এটা কাম বা বস্তু পুনৰ আৰম্ভ বা প্ৰাপ্ত কৰিব নোৱাৰাকৈ শেষ হোৱা৷

বোকাতহে পদুম ফুল ফুলে

বোৱাৰী আনিবা দিনটোৰ বাটত, গৰু আনিবা ৰিংটোৰ বাটত: ওচৰৰ ঘৰৰ পৰা ছোৱালী বিয়া কৰাই আনিলে ঘনে ঘনে মাকৰ ঘৰলৈ গৈ থাকিব, সেয়েহে দুৰৈৰ ঘৰৰ পৰা (যলৈ এদিনৰ বাট) বিয়া কৰাব লাগে। আনহাতে গৰু কিনিলে ওচৰৰ ঘৰৰ পৰা কিনিব লাগে, যাতে বাট ভুল কৰি আগৰ ঘৰলৈ গলেও সহজে বিচাৰি আনিব পাৰি।

বলে নোৱাৰা শিলক পৰি নমস্কাৰ

বহিব জানিলে মাটিয়েই পিৰা, খাব জানিলে চাউলেই চিৰা

বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেকা?

বুজাক বুজাবা আকাৰে ঈঙ্গিতে, নুবুজাক বুজাবা হালোৱা এছাৰিৰে

বৰাৰ ঘৰত তৰাৰ গাঁঠি বৰানো থাকিব কেই ৰাতি: তৰাৰ গাঁঠিৰেই মানুহ থাকিব পৰাকৈ কেইদিনমানলৈ এটা ঘৰৰ প্ৰয়োজনীয় গাঁঠিসমূহ দিব পাৰি আৰু সেই কথা অস্থায়িভাৱে থকা মানুহজনে ধৰিব নোৱাৰে ৷ কিন্তু সি চিৰস্থায়ী নহয় ৷ অৰ্থাৎ ক্ষন্তেকিয়া আলহীৰ নিমিত্তে চকুত ভাল লগাকৈ কোনো কাৰ্য্য কৰি মনত সন্তোষ দিয়া ব্যৱস্থা৷

বামত বাম ৰজা, পোটা পুখুৰিত বাকেই ৰজা: নিজৰ নিজৰ ঠাইত সকলোৱে ৰজা।

বাতি খালে আটি যায়, লুকাই খালে ঢুকাই যায়: সকলোৰে লগত মিলিজুলি উপভোগ কৰিলে সকলোৱে ভাগ পায়, আনহাতে অকলে উপভোগ কৰিব চেষ্টা কৰিলে নিজলৈকো নাটে।

বাৰিৰ পুখুৰি সিচোতেও দুই চাৰিজনক শিঙিয়ে বিন্ধে: একবাৰে সাধাৰণ কামতো অলপ হলেও বিপদ থাকিব পাৰে।

ভ

ভৰালত নাই কণটো, বৰসবাহলৈ মনটো: সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা।

ভুকুতে কলটো নপকে: সকলো কাৰ্য্য সম্পূৰ্ণ হোৱাৰ এটা সময় থাকে, তাকে নামানি অসময়ত ফলাফল বিচৰা অফলপ্ৰসূ হয়।

ভুৰুকাত হাতী ভৰোৱা: বিশালাকাৰ একোটা বিষয় অতি সংক্ষেপে প্ৰকাশ কৰা, যেন চূণৰ সৰু টেমি এটাত হাতী এটাহে ভৰোৱা হৈছে৷

ভুতৰ মুখত ৰাম নাম: কাৰোবাৰ চৰিত্ৰ বা ব্যক্তিত্বৰ লগত খাপ নোখোৱা ধৰণৰ কথা কাণ্ড।

ভাতত নাখাই লোণ, পিটিকাত যায় তিনিগুণ

ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেউ ডৰায়

ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি

ভাল ভাল ঘোৰাই নাপাই ঘাঁহ, বটুৱা ঘোৰাই বিচাৰে মাহ

ভালুকৰ ওলোটা খোজ: অসম্ভৱ ঘটনা।

ভালে পায় ভাল, জাবৰে পায় খাল

ভবা কথা নহয় সিদ্ধি, বাটত আছে কনা বিধি

ম

মৰে উৰুলিপুঙা, মৰে পদূলিশুঙা, মৰে অলপ পানীৰ মাছ

মাউখে উতিলে গুৰি পৰুৱাৰ মৰণ নাই: একতা থাকিলে কোনো জনসমূহ বিপদত নপৰে।

মাকতকৈ জীয়েক কাজী, ঢেঁকীথোৰা লৈ বাতে পাজী: মাকক সাধাৰণতে জীয়েকতকৈ সকলো বিষয়তে বেছি অভিজ্ঞ বুলি ধৰা হয়, কিন্তু জীয়েকে জনা দেখুৱাই পটাৰ সলনি মছলা বটিবলৈ ঢেঁকীথোৰা ব্যৱহাৰ কৰা অৰ্থাৎ অলপ জ্ঞান থকা বিষয় বস্তুৰ ওপৰত বেচি জনা দেখুওৱা৷

মাছত বতিয়া আৰু মানুহত কটিয়া, ইহতৰ পৰা অলপ বাছি থাকিবা

মাজ মুৰত নাই চুলি, গিৰিয়েকে মাতে ৰূপহী বুলি

মাতিলে ৰণলৈও যাবা, নামাতিলে ভোজলৈও নাযাবা: আমন্ত্ৰণ জনালে ৰণলৈও যাবলৈ সংকোচ কৰিব নালাগে, কিয়নো এমে কৰিলে সন্মান পোৱা যায়৷ কিন্তু নামাতিলে ভোজ-ভাত খবলৈও যাব নালাগে, ইয়াত আত্ম-সন্মান হানি হ’ব পাৰে৷

মাছে বোলে মাতে পানীয়ে দুই কোৱাৰি ভেটে: কোনো কথা ক’ব পৰাৰ উপযুক্ত যুক্তি থকাৰ পিছতো পাৰিপাৰ্শ্বিক পৰিবেশৰ বাবে ক’ব নোৱাৰা অৱস্থা৷

মাছ বুলি নাখাই জীজী বুলি খায়: কোনো এটা বস্তু পোণ-পটিয়া ভাবে নলৈ আন অজুহাতত লোৱা৷ যেনে পোণ-পটিয়া ভাবে ভেটি নোলোৱা, কিন্তু আন প্ৰকাৰে লোৱা৷

মাছৰ কেঁচা, চাহৰ চেঁচা: অখাদ্য।

মামা বাৰীৰ কলি গাই, এক পিয়ন দি মৰি যায়

মানুহটোৱে প্ৰতি মনটো, ধানটোৱে প্ৰতি কণটো: প্ৰতিটো ধানৰ ভিতৰত একোটাকৈ কণ থকাৰ দৰে প্ৰতিজন মানুহৰ নিজস্ব মন একোটা থাকে। অৰ্থাৎ এজনৰ ভাৱধাৰা আন এজনৰ লগত নিমিলিবও পাৰে।

মোল্লাৰ দৌৰ মছজিদলৈ

মন থাকিলে চন, বাকৰি মাটিতো ধন: কষ্ট কৰিলে যিদৰে ছন পৰা মাটিত শস্য উৎপাদন কৰিব পাৰি, সেইদৰে মনৰ দৃহতা থাকিলে যিকোনো কঠিন কামেই সমাধান কৰিব পাৰি ।

ম’হতকৈ শিং চৰা

মাছৰ তেলেৰে মাছ ভজা

মাখিৰ মুৰৰ ঘী কাঢ়ি খোৱা

মেকুৰিৰ ডিঙিত টিলিঙা অৰা

মৰে উৰুলি পুঙা, মৰে পদুলি শুঙা

মুৰত থলে ওকনিয়ে খায়, মাটিত থলে পৰুৱাই খায়

মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাহঁনিত: এজন মহন্ত আচলতে কিমান মহৎ, তেওঁ মাহনী এখনৰ মাজেৰে নিঃসংগে লোভনীয় মাহ চিঙি নোখোৱাকৈ পাৰ হৈ যাব পাৰেনে তাতেই ধৰা পৰে। এতেকে এজন মানুহ কিমান মহৎ, তেওঁ সুবিধা থকা সত্তেও লোভ সংযম কৰিব পাৰিলেহে ধৰা পাৰে।

মহৰ আগত বজাও টোকাৰি, মহে ঘাহ খায় মুৰ জোকাৰি

মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল

মূৰ্খই থেকি শিকে, জ্ঞানীয়ে দেখি শিকে: মূৰ্খ মানুহে নিজৰ ভুলৰ পৰা শিকে, আনহাতে জ্ঞানী মানুহে আনৰ ভুল দেখি শিকে।

মাহৰ মাৰ দেখি তিলে বেট মেলা: আনক সোধ-পোছ কৰা দেখি ভয়তে নিজে নিজে দোষ স্বীকাৰ কৰা।

মিছা কথাৰ ঠেং চুটি: মিছা কথা বেছিদিন নিতিকে।

য

যতে বাঘৰ ভয়, ততে ৰাতি হয়: যেতিয়া কিবা এটাৰ ভয় হয়, তেতিয়াই তাৰ সম্মুখিন হব লগা হয়।

যতে ৰাতি ততে কাটি

যদিহে নোপোৱা মছলা ভাল, তলত দিবা বেছিকৈ জাল

যশ চাই যশিনী, কৃষ্ণ চাই ৰুক্মিণী: আপুনি যেনে মানুহ তেনে সঙ্গই পাব৷

যাৰ জহত শাখা সেন্দুৰ, তাকে পাতে ভোকোৰা এন্দুৰ

যাৰ যি ইচ্ছা, হাত দাঙি দাঙি নাছা

যাৰ নাই গৰু, সি সবাতোকৈ সৰু

যাৰ নাই ধন, তাৰ নাই মান

যাৰ নাই বাহ, তাৰ নাই সাহ

যি যিমান নামে, সি সিমান তিতে

যি মূলা বাঢ়ে তাৰ দুপাততে চিন

যি পহু মাৰিলা বনত, সেই কথা ৰাখিবা মনত

যিয়ে লঙ্কালৈ যায়, সিয়ে ৰাৱণ হয়

যাচি দিয়া সোণৰো মূল্য নাই।

যাৰ ঘৰত নুগুছে কন্দল, তাৰ ঘৰত নুফুলে কমল

যিমানে বিলাই দিবা সিমানে মহান হবা: দান-বৰঙণী কৰিলে মহান বুলি স্বীকৃতি পায়।

যিয়েই ৰজা তাৰেই প্ৰজা: সাধাৰণ মানুহৰে বাবে কোনে ৰাজত্ব কৰিছে সেয়া ডাঙৰ কথা নহয়, কাৰণ যিয়েই ৰাজত্ব নকৰক, সাধাৰণ প্ৰজাৰ অৱস্থা একেই থাকে।

যেনে কুকুৰ, তেনে টাঙোন

যোগ্যে ভোগ্যে বসুন্ধৰা (সংস্কৃত): যাৰ যোগ্যতা আছে সিহে উপভোগ কৰে

ৰ

ৰজাই ভাল দেখে যাক, শতৰু নুবুলিবা তাক: যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহৰ লগত শত্ৰুতা নকৰাই ভাল।

ৰজাই ভাল দেখে যাক, ভেটিও নালাগে তাক: যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহে অনায়াশে নিজৰ কাম কৰাব পাৰে, যি কামৰ বাবে সাধাৰণ মানুহে ভেটি দিব লাগে।

ৰাইজে নখ জোকাৰিলে নখ বয়

ৰাক্ষ্যসৰ আগত ধোৱা চাউল

ৰাতি হলে সাত হাল, দিনত হলে এহালো নাই

ৰান্ধনীশালত কাঁহী-বাতিৰ শব্দ হবই

ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।

ৰামলৈ যি পাত, সুগ্ৰিবলৈও একেই পাত

ৰৌ বৰালী সৰকি যায়, পুঠি খলিহনা ৰৈ যায়

ৰছকিয়ে পাতে গাও, নিবুকিয়ে ভাঙে গাও

ৰূপ টকাৰ কানি, একে হোপাই শেষ

ৰূপেনো কি কৰে, গুণেহে সংসাৰ তৰে

ৰূৱা চাবা পুৱা বেলিত, গাভৰু চাবা মাছৰ তলিত

ল

লুইতেহে জানে বঠা কিমানলৈ বহে

লুকাই খালে ধুকাই যায়, বাটি খালে আটি যায়

লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি

লোভে পাপ, পাপে মৃত্যু

লোহাৰেহে লোহা কাটিব পাৰি: কাৰোবাক পৰাস্ত্ৰ কৰিব হলে তাৰ সমানেই শক্তি থাকিব লাগে।

লাগি থাকিলে মাগি নাখায়: যি অনৰহ কাম কৰি থাকে, সি আনৰ ওচৰত কেতিয়াও হাত পাতিব নালাগে।

স

সময়ৰ টিকণি আগফালে উৰে

সময়ৰ শৰ সময়ত মাৰিবা: যি সময়ত যি কাম কৰিব লগা আছে, সেই সময়তেই সেই কাম কৰিব লাগে, সময়ত নকৰি পিছলৈ পেলাই থলে বিপদত পৰিবলগা হব পাৰে।

সৰুৱে পানী পেলাই, ডাঙৰে পিছল খাই: সৰু লৰা-ছোৱালীৱে কৰা দোষৰ শাস্তি সিহতৰ অভিভাৱকে পায়।

সান্দহ খোৱা বালি তল যোৱা

সাপ মাৰি নেগুৰত বিষ এৰা

সৰিয়ঁহৰ ডুলিত ভুত

সন্ধিৰ বাহ বুদ্ধিৰে কটা

সকলো চৰাইয়ে মাছ খায়, মাছৰোকাৰ নাম ৰয়: মাছৰোকা এবিধ বিশেষ মাছখোৱা চৰাই । কিন্তু দেখা যায় যে অন্য চৰায়ে মাছ খালেও কেৱল মাছৰোকাৰ নামহে কোৱা হয় । অৰ্থাৎ
সকলো মানুহে দূষ কৰে কিন্তু বিশেষ কোনো ব্যক্তিকহে তাৰ বাবে জগৰ ধৰে।

সকলো জিলিকা বস্তু সোণ নহয়

সাগৰেদি উটি যায় শংখ, নেগুৰিয়া শামুকে কয় ময়ো তাৰে বংশ

সাত পুৰুষত নহ’ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায়: সাধাৰণতে ফুটনি মৰা মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। কোনো মানুহৰ সামান্য কাম এটা কৰাৰোঁ সক্ষমতা নাথাকে কিন্তু আনক দেখুৱাই ডাঙৰ ডাঙত কাম কৰাৰ কথা কয়। অৰ্থাৎ ঘৰত গাই-গৰু নথকাকৈয়ে গাখীৰ খিৰাবলৈ যোৱাৰ দৰে কথা।

সাতে পাতল, পাছে ঘন, ছয়ে তামুল, নদন বদন

সাত পো বাৰ নাতি, তেহে কৰিবা কুহিয়াৰ খেতি

সু জল বৰিষণা, সু মত্স্য দৰিকণা

সু তিৰী ফেদেলী, সু ফল কদলী

সাতোৰ সাতোৰ নিজ বাহু বলে, সাতুৰিব নোৱাৰিলে যা ৰসাতলে: পানীত পৰি সাতোৰিব নোৱাৰিলে মৃত্যু নিশ্চিত। অৰ্থাৎ নিজৰ বাহু বলে কোনো কাম কৰিব নোৱাৰি আনৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে একো ফল লাভ কৰিব নোৱাৰি।

সাপে নাপাহৰে ককালৰ কোব, মাকে নাপাহৰে পুত্ৰৰ শোক: সাধাৰণতে সাপৰ স্মৃতি শক্তি অতি প্ৰখৰ। কোনোবা ব্যক্তিয়ে সাপক অনিষ্ট কৰিলে সেই ব্যক্তি জনক কেতিয়াও নাপাহৰে আৰু আক্ৰমণ কৰিবৰ কাৰণে প্ৰস্তুত হৈ থাকে। একেদৰে মাকৰ বাবে পুত্ৰত মৃত্যু কেতিয়াও পাহৰিব নোৱাৰা শোক। অৰ্থাৎ কোনোবা ব্যক্তিক আমি এবাৰ অপকাৰ কৰিলে সেই ব্যক্তিজনে যিমান ভাল হ’লেও সদায় মনৰ মাজত এটা ক্ষোভ ৰাখি থয় আৰু সুবিধা পালে অন্যায় কৰিবলৈ নাপাহৰে।

সাপৰ লেখা, বাঘৰ দেখা

সাপ হৈ খোটা, বেজ হৈ জৰা: নিজেই অন্যায় কৰি শেষত ভালৰি লগাবলৈ বা আনক দেখুৱাবলৈ তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰা।

সেই ৰামো নাই, সেই অযোধ্যাও নাই: এজন ভাল ব্যক্তিয়ে এটা ভাল পৰিবেশো সৃষ্টি কৰে। কিন্তু তেওঁৰ মৃত্যুৰ লগে লগে চাৰিওফালৰ পৰিবেশটোও এলাগি হৈ পৰে। অৰ্থাৎ কোনো ভাল বস্তুৰ লগতে তাৰ চাৰিওফালৰ আনুষাঙ্গিক বিষয়বস্তু বিলাকো শেষ হৈ যায়।

সীতা থাকিবলৈ ৰামো থাকিব লাগিব

সোণ বেছি দৰিদ্ৰ হোৱা: এসময়ত ধণ সম্পত্তি আছিল, কিন্তু কালক্ৰমত দুখীয়া হৈ যোৱা।

সোণত সুৱগা চৰা

সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ: সাধাৰণতে ৰণত হৰা জিকা থাকেই, কিন্তু নিজতকৈ শ্ৰেষ্ঠজনৰ লগত বা দুৰ্বলজনৰ লগত হৰা জিকা হ’লে কোনেও আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰে। অৰ্থাৎ নিজৰ সমকক্ষ ব্যক্তিজনৰ লগত কাম কৰি, নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি হৰা জিকা হ’লে কোনেও কাকো দোষ দিব নোৱাৰে বা আনৰ ওচৰতো লাজ পাব নোৱাৰে।

সময়ৰ টিকনি সদায় আগফালে: সাধাৰণতে মানুহৰ টিকনি পাছফালে থাকে আৰু তাত সহজতে ধৰি মানুহক ৰখাব পাৰি। কিন্তু আগফালে থকা হ’লে কোনেও সেই কাম কৰিব নোৱাৰিলেহেঁতেন। একেদৰে সময়ৰ টিকনিডাল আগফালে থকা বাবে সময়ৰ গতিক কোনেও ধৰি ৰাখিব নোৱাৰে। অৰ্থাৎ আমি সময় থাকোতেই সকলোঁ কাম কৰা উচিত। ইয়াত টিকনি-ক কেৱল ধৰি ৰখাৰ সুবিধাজনক আহিলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে।

সিয়নীত শুৱা, ভটিয়নি পানীত যোৱা: পানীৰ সোঁতৰ লগত সাধাৰণতে মিলি যাবলৈ সহজ। তাৰ বাবে বেছি কষ্ট কৰিব নালাগে। অৰ্থাৎ বুদ্ধিৰে সহজ ব্যৱস্থা গ্ৰহণ কৰি চলি থকা।
আনহাতে সিয়নীত শুৱা কথাষাৰৰ লগতো এটা সাধুকথা জড়িত হৈ আছে। এবাৰ তিনিজন ককাই-ভাইৰ মাজত সম্পত্তিৰ ভাগ কৰিব লগা হ’ল। সম্পত্তিৰ নামত এখন কম্বল আৰু এযোৰ বেজি-সূঁতা। কোনে কি ল’ব ভাবি থাকোতে আটাইতকৈ বুদ্ধিয়ক জনে গুলি-সূঁতা ল’লে আৰু বাকি দুজনক কম্বলখন ফালি ল’ব ক’লে। সেই মতে কাম হ’ল। কিন্তু ৰাতি ফটা কম্বল দুখন লৈ দুজনে টানি-টানি শুই থাকিল। কিন্তু বুদ্ধিয়কজনে দুয়োজনৰ মাজত শুবলৈ সোমাই বেজি-সূঁতাৰে দুয়োখন চিলাই আৰামত শুই থাকিল।

স্থান এৰিলে মান যায়: নিজৰ থকা ঠাই এৰিলে সেই ঠাইত ইমান দিনে আৰ্জন কৰা মান ও এৰিব লাগে, কাৰণ নতুন ঠাইৰ মানুহে আপোনাৰ বিষয়ে নাজানে।

শ

শ পাপে জ্বৰ, হাজাৰ পাপে খৰ: ভগবানে আপোনাৰ পাপৰ হিচাপ সৰু সৰু ৰোগৰ দ্বাৰা দিয়ে।

শালৰ মাজত শিঙি ওলোৱা

শাল শিঙৰি কহিৰৰ এফাল, ইকৰাই বোলে নিতিতিলে নুশূকালে মইও যাও কত কাল: নিৰ্মাণ সামগ্ৰী হিচাবে ইকৰা একেবাৰে দুৰ্বল, কিন্তু ঠিকভাবে ৰ’দ-বৰষুণৰ পৰা বছালে ইও বহুদিন যায়।

শেনতো হৈ গৈ ফেঁচাতো হৈ ঘুৰি অহা: দম্ভালি মাৰি কিবা কাম এটা কৰিম বুলি গৈ বিফল হৈ ঘুৰি অহা।

শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে: কিবা এটা পাবলে হলে কাম কৰিব লাগিব।

শগুনৰ শাওত বুঢ়া গৰু নমৰে

শাকত নাখাই লোণ, পিটিকাত যায় তিনিগুণ: সৰু সৰু খৰছ এৰাব চেষ্টা কৰা, কিন্তু ডাঙৰ খৰছ কৰা।
আগৰ দিনত লোণ বহুমূল্য সামগ্ৰী আছিল, যিহেতু ইয়াক অসমত পোৱা নগৈছিল সেই বাবে বাহিৰৰ পৰা আমদানী কৰা হৈছিল। সেয়েহে লোণ কমকৈ ব্যৱহাৰ কৰিবলৈ শাকত লোণ নিদিয়াকে বনোৱা হল, কিন্তু পিটিকা লোণ নোহোৱাকে খাব নোৱাৰা কাৰণে তাত লোণ দিব লগা হল, এতিয়া শাকত যিমান লোণ লাগিলহৈ পিটিকাত তাতকৈ বেছি লোণ লাগিব।

শাহু-বোৱাৰীৰ ঘৰ, কোনে খালে দৈ-সৰ: শাহু বোৱাৰীৰ মাজত দ্বন্দ্ব যিকোনো সৰু সৰু কাৰণতে হয়। ঘৰখনত কোনো এটা বস্তু ইফাল সিফাল হ’লেও সাধাৰণতে শাহু-বোৱাৰীয়ে পৰস্পৰক সন্দেহৰ দৃষ্টিৰে চায়।

শিয়ালৰ জাক জাক, সিংহৰ এটাই যথেষ্ট: সিংহ যথেষ্ট শক্তিশালী চিকাৰী প্ৰাণী, ইয়াক বনৰ সকলো জন্তুৱেই ভয় কৰে, আনহাতে শিয়ালে নিজে চিকাৰ নকৰে, আনে চিকাৰ কৰি খাই এৰি থৈ যোৱা মাংস খায়। বহুকেইটা শিয়াল একেলগে থাকিলেও অকলশৰীয়া সিংহ এটাকে ভয় কৰে। অৰ্থাৎ বহুকেইজন সাধাৰণ মানুহ থকাতকৈ এজন শক্তিশালী মানুহেই যথেষ্ট।

শত্ৰু জ্ঞান কৰি বান্ধিবা, মিত্ৰ জ্ঞান কৰি নিবা

শুনা কথাত নিদিবা কাণ, দেখিলেও লবা তিনিটা প্ৰমান

শুকান জেওৰা খৰিৰ ৰস চেপি উলিওৱা

শূণ্যত গডা ঘুৰোৱা বীৰ: দুৰৰ পৰা হুঙ্কাৰ কৰি আচল যুদ্ধলৈ যাব ভয় কৰা লোক।

হ

হাতীয়ে খায় যিমান লাডেও সিমান: প্ৰত্যেকেই নিজৰ সামৰ্থ আৰু যোগ্যতা অনুসৰি খৰচ কৰিব লাগে।

হাতত নাই কণটো, বৰ সবাহলৈ মনটো: হাতত ফুটাকড়ি এটাও নোহোৱাকে ডাঙৰ কামলৈ মন মেলা স্বভাৱ। মনৰ অলিক কল্পনা।

হাতৰ কুঠাৰ ভৰিত মাৰ: নিজেই নিজৰ অপকাৰ কৰা।

হাতী চোৰ আগে আগে যায় বেঙেনা চোৰক ধৰি কিলায়: হাতী চোৰেই হওক বা বেঙেনা চোৰেই হওক সকলোৱেই অপৰাধী। কিন্তু ডাঙৰ অপৰাধী কিবা প্ৰকাৰে সাৰি যায় আৰু ধৰা নপৰে, কিন্তু সৰু-সুৰা অপৰাধীবোৰ হে ধৰা পৰে।

হাবিৰ জুই দেখি, মনৰ জুই নেদেখি: হাবিত জুই লাগিলে সকলোৱে দেখা পাই, কিন্তু মানুহৰ অন্তৰত থকা দুখঃ কষ্ট বাহিৰৰ পৰা কোনেও উমান পাব নোৱাৰে।

হাৰ নাইকিয়া জিভা, কয় কিবা কিবা: নকবলগিয়া কঠা এটা কৈ পিছত জিভা পিছলা বুলি কোৱা।

হাৰত বন গজা: বহু পুৰণি হোৱা।

হাঁহ চোৰৰ মুৰত পাখী, কঠাল চোৰৰ আঠায়ে সাক্ষী: হাঁহ চোৰ কৰিবলৈ যাওঁতে ক’ব নোৱাৰাকৈয়ে ক’ৰবাত পাখী লাগি থাকে আৰু কঠাল খাওতে মুখত কিবা প্ৰকাৰে আঠা লাগিবই। অৰ্থাৎ কিবা অপকৰ্ম কৰাৰ পিছত কৰবাত নহয় কৰবাত চিন থাকি যায়।

হাঁহৰ ওপৰত শিয়াল ৰজা: প্ৰতিজন দুৰ্বল ব্যক্তিৰ ওপৰত সেই জনতকৈ অলপ সবল ব্যক্তিজনে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰা।

হব চলি, বুলিব বাপ, তেহে গুচিব মনৰ তাপ

হৰিণাৰ মাংসই বৈৰী: হৰিণাৰ মাংস অতি উত্তম মাংস। সেই মাংসৰ কাৰণেই হৰিণা সহজতে চিকাৰীৰ চিকাৰত পৰে। এতেকে কেতিয়াবা কোনো মানুহৰ নিজস্ব ধন-সম্পত্তিয়েই নিজৰ বিপদ নমায় আনে।

হলা গছ দেখিলে সকলোৱে বাগি কুঠাৰ মাৰে: গছ হালি থকিলে কাটি তাক বগৰাবলৈ সহজ হয়। আনহাতে তাৰ বাবে বেছি কষ্ট কৰিবও নালাগে। সেই দৰে কোনো দুৰ্বলি লোকক তাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহন কৰি সকলোৱে অপকাৰ কৰিবলৈ আগবাঢ়ে।

হস্তিৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাৱ: ডাঙৰ বা মহৎ লোকৰো কেতিয়াবা কোনো কথাত ভুল হ’ব পাৰে।

হস্তিৰো লাড দেখি শহাই ফাৰে পাৱ: আনৰ উন্নতি, সুখ, আনন্দ দেখি নিজৰ সক্ষমতালৈ নাচাই তাক জোৰ কৰি পাব বিচাৰি নিজে কষ্ট পোৱা।

হয় পো মুখে, নহয় পো গুফে, হয় পো ধনী, নহয় পো লনি: ইয়াত এজন পুৰুষৰ চাৰিটা গুণ থাকিলে কেতিয়াও বিপদত নপৰাৰ কথা প্ৰকাশ কৰিছে। যদি এজন মানুহে সুন্দৰ কথা ক’ব পাৰে, নাইবা গুফযুক্ত অৰ্থাৎ পৌৰষত্ব থাকে, যদি ধনী হয় নাইবা দেখিবলৈ সুন্দৰ হয় তেনে হ’লে তেও যিকোনো এটা গুণ কাৰ্য্যত খটোৱাই নিজৰ বংশ ৰক্ষা কৰিব পাৰিব।

হাঁহেৰেও ৰাজী, মাঁহেৰেও ৰাজী: যিকোনো কথাতে সন্তুষ্ট হোৱা।

হুলেৰেহে হুল কাঢ়িব পাৰি: কাৰোবাক পৰাস্ত্ৰ কৰিব হলে তাৰ সমানেই শক্তি থাকিব লাগে।

 

Tag:Assam quiz, assamese gk question answer, ASSAMESE PROVERB, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam, অসমীয়া ফকৰা যোজনা

  • Share:
ScientiaTutorials.in

Scientia Tutorials, established in 2007 in Dispur, Guwahati (Assam), is a trusted provider of home tuition, online tutoring, and e-learning courses. With a strong focus on school-level education, we connect students from Classes I to XII with qualified male and female tutors across all subjects.

Founded by Mr. Prasanta Jyoti Saikia (M.Sc., Gauhati University), Scientia Tutorials operates as a registered micro-enterprise in Assam’s education sector. Guided by the values of integrity and responsibility, our mission is to provide verified, reliable tutors and effective learning support to students across the state.

Previous post

DAKAR BACANA ডাকৰ বচন
26/02/2023

Next post

MOHOT LUKOR BANI মহৎ লোকৰ বাণী
26/02/2023

You may also like

ASSAMESE SATHAR অসমীয়া সাঁথৰ
26/02/2023

অসমীয়া সাঁথৰ – খণ্ড ১ অসমীয়া সাঁথৰ – খণ্ড ২ …

ASSAM HISTORY অসম বুৰঞ্জী
26/02/2023

(১) অসমৰ আটাইতকৈ প্ৰাচীন নাম কি ? উত্তৰ : প্ৰাগজ্যোতিষপুৰ …

ASSAMESE SYNONYMS অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ
26/02/2023

অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ | SYNONYMS IN ASSAMESE – …

Login with your site account

Lost your password?

Not a member yet? Register now

My Account

  • My account
  • My Cart
  • Checkout

Search

Course Filter

Categories
9
9
23
21
9
9
11
1
13
1
2
20
1
3
Close

Featured Courses

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 9 Mathematics – MCQs with Answers and Explanations

CBSE Class 9 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 8 Mathematics – MCQs with Answers and Explanations

CBSE Class 8 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 7 Mathematics – MCQs with Answers and Explanations

CBSE Class 7 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 6 Mathematics – MCQs with Answers and Explanations

CBSE Class 6 Mathematics – MCQs with Answers and Explanations

₹50.00
Go to Courses

Social Media Link

  • Facebook
  • Twitter
  • Google Plus
  • LinkedIn
  • Pinterest
  • Instagram
  • Youtube

© 2026 Scientia Tutorials. All Rights Reserved.

  • About Us
  • Contact Us
  • Privacy Policy
  • Terms of Use
  • Terms and Conditions
  • Buy Online Courses

Login with your site account

Lost your password?

Not a member yet? Register now

Register a new account

Are you a member? Login now

HomeCourses
Search

Search

    Account
    Articles ShopCart