অসমীয়া সাঁথৰ - খণ্ড ১ অসমীয়া সাঁথৰ - খণ্ড ২ অসমীয়া সাঁথৰ - খণ্ড ৩…
ASSAM HISTORY QUIZ অসমৰ বুৰঞ্জী কুইজ
১. অসমৰ প্ৰাচীন নাম কি ?
– প্ৰাগজ্যোতিষপুৰ
২. কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?
– ভাস্কৰবৰ্মাৰ দিনত ৷
৩. চীনা পৰিব্ৰাজকজনৰ নাম কি ?
– হিউৱেন চাং
৪. ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?
– আহোমসকলৰ ৰাজত্ব কালৰ পৰা ৷
৫. আহোমসকলৰ আদি ৰজা কোন আছিল ?
– চুকাফা ৷
৬. আহোমৰ শেষ ৰজাজনৰ নাম কি ?
– স্বৰ্গদেউ পুৰন্দৰ সিংহ ৷
৭. আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?
– প্ৰায় ৬০০ বছৰ ৷
৮. আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?
– ইটাখুলি ৰণ (১৬৮২ খ্ৰী:) ৷
৯. কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ণ হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল ?
– স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৷
১০. আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি ?
– চুলিকফা (ৰত্নধ্বজ সিংহ) ৷
১১. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ?
– স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (১৭৫১ চনত) ৷
১২. ৰংঘৰ কোনে সজাইছিল ?
– স্বৰ্গদেউ প্ৰমত্ত সিংহয় (১৭৪৬ চনত) ৷
১৩. অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল ?
– বদন বৰফুকনে ৷
১৪. কেতিয়াৰ পৰা অসম বৃটিচৰ অধীনলৈ যায় ?
– ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা (ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে) ৷
১৫. কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল ?
– কুমাৰ ভাস্কৰ বৰ্মৰ দিনত ৷
১৬. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
– নৰনাৰায়ণ ৷
১৭. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল ?
– চক্ৰধ্বজ সিংহৰ দিনত ৷
১৮. শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল ?
– লাচিত বৰফুকন ৷
১৯. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ?
– ৰাম সিংহ ৷
২০. মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?
– ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৷
২১. আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আৰু তেওঁ কিমান বছৰ ৰাজত্ব কৰিছিল ?
– চুকাফা ৷ মুঠ ৪০ বছৰ ৰাজত্ব কৰিছিল ৷
২২. হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল ?
– গিয়াচুদ্দিন আউলিয়াই ৷
২৩. কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল ?
– গোমধৰ কোঁৱৰে ৷
২৪. ধোদৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল ?
– স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ৷
২৫. স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ পূৰ্বৰ নাম কি আছিল ?
– লাই কোঁৱৰ ৷
২৬. নেঘেৰিটিঙৰ শিৱ’দল কোনে নিৰ্মাণ কৰাইছিল ?
– স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৷
২৭. আহোমৰ প্ৰথম ৰাজধানী ক’ত আছিল ?
– চৰাইদেউত ৷
২৮. বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল ?
– কুমাৰ ভাস্কৰ বৰ্মন ৷
২৯. কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল ?
– ১৯৪৩ চনৰ ১৫ জুনত ৷
৩০. মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল ?
– ভগদত্ত ৰজাই ৷
৩১.বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল ?
– অনিৰুদ্ধই ৷
৩২. বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল ?
– ভাস্কৰবৰ্মন ৷