Scientia-Tutorial
  • Categories
    • Sitemap
    • About Us
    • Contact Us
    • Join as a Teacher
    • Join as a Student
    • Find Students
    • Find Tutors
    • Course Categories
    • Study Materials
    • All Categories
    • Syllabus
  • Blogs
  • Events
  • Join as a Student
  • Become a Teacher
  • Courses
  • 0 items₹ 0
Login
  • Home
  • Blogs
  • STUDY MATERIALS
  • ASSAMESE LITERATURE অসমীয়া সাহিত্য

ASSAMESE LITERATURE অসমীয়া সাহিত্য

ASSAMESE LANGUAGE AND LITERATURE QUIZ অসমৰ ভাষা আৰু সাহিত্যৰ কুইজ

  • Posted by ScientiaTutorials.in
  • Date 26/02/2023
  • Categories ASSAMESE LITERATURE অসমীয়া সাহিত্য
  • Tags Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam

১) প্ৰশ্ন : অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা?

উত্তৰ : আৰ্য।

২) প্ৰশ্ন : পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰুপে পৰিগণিত?

উত্তৰ : কামৰুপী।

৩) প্ৰশ্ন : শ্ৰী মন্ত শংকৰদেৱে তেখেতৰ নাট সমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল?

উত্তৰ : ব্ৰজাৱলী।

৪) প্ৰশ্ন : কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল?

উত্তৰ : ১৮৭২ চনত , চাৰ জৰ্জ কেম্পবেলে।

৫) প্ৰশ্ন : ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্ৰথম নাট?

উত্তৰ : কমেদী অৱ এৰৰ্চ।

৬) প্ৰশ্ন : কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?

উত্তৰ : ১৯৬০ চনত।

৭) প্ৰশ্ন : অসমীয়া চুটি গল্পৰ ‘পিতৃস্বৰুপ’ কোন?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

৮) প্ৰশ্ন : ১৯৯০ চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস?

উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱা, ভানুমতী।

৯) প্ৰশ্ন : শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয়?

উত্তৰ : অংকীয়া নাট।

১০) প্ৰশ্ন : সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি?

উত্তৰ : বনফুল।

১১) প্ৰশ্ন : ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈও অধিক লোকে অসমীয়া ভাষা কয়?

উত্তৰ : ৬০ শতাংশতকৈ অধিক।

১২) প্ৰশ্ন : প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল?

উত্তৰ : ১৮৬৭ চন, মাইলছ ব্ৰনছনে।

১৩) প্ৰশ্ন : প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন?

উত্তৰ : ভট্টদেৱ।

১৪) প্ৰশ্ন : আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোন খন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি?

উত্তৰ : অসমীয়া ল’ৰাৰ মিত্ৰ।

১৫) অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি?

উত্তৰ : ফণী শৰ্মা।

১৬) প্ৰশ্ন : অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি?

উত্তৰ : চন্দ্ৰকান্ত অভিধান।

১৭) প্ৰশ্ন : অসমৰ মুখ্য ভাষা কি?

উত্তৰ : অসমীয়া।

১৮) প্ৰশ্ন : হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি?

উত্তৰ : চিত্ৰ ভাগৱত।

১৯) প্ৰশ্ন : অসমীয়া ভাষা – সাহিত্যৰ ‘পিতৃ’ কোন?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

২০) প্ৰশ্ন : অসমীয়া চুটি গল্পৰ জনক কোন?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

২১) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ ‘বনফুল’ (১৯৫৫) ৰ ৰচক কোন?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।

২২) প্ৰশ্ন : ‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ অসমীয়া অনুবাদ কোনে কৰিছিল?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱে।

২৩) প্ৰশ্ন : ‘শোণিত কুঁৱৰী’ নাটক খনৰ লেখক কোন?

উত্তৰ : ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

২৪) প্ৰশ্ন : অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি?

উত্তৰ : অসম সাহিত্য সভা।

২৫) প্ৰশ্ন : ‘ৰামায়ণ’ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰ : মাধৱ কন্দলী।

২৬) প্ৰশ্ন : অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি কাক আখ্যা দিয়া হয়?

উত্তৰ : ৰজনীকান্ত বৰদলৈ।

২৭) প্ৰশ্ন : প্ৰায় সমগ্ৰ ‘মহাভাৰত’ কোনে অসমীয়াত ৰচনা কৰিছিল?

উত্তৰ : ৰাম সৰস্বতী।

২৮) প্ৰশ্ন : ‘গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ : নাথান ব্ৰাউন।

২৯) প্ৰশ্ন : অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট খনৰ নাম কি?

উত্তৰ : বীণ বৰাগী।

৩০) প্ৰশ্ন : অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিক গৰাকী কন?

উত্তৰ : ৰঞ্জু হাজৰিকা।

৩১) প্ৰশ্ন: বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায়?

উত্তৰ : চৰিত পুথি।

৩২) প্ৰশ্ন : সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি খনৰ নাম কি?

উত্তৰ : সংগীত কোষ (লক্ষ্মীনাথ বেজবৰুৱা)।

৩৩) প্ৰশ্ন : ইতিহাসৰ আন এটা নাম কি?

উত্তৰ : বুৰঞ্জী।

৩৪) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন?

উত্তৰ : ভট্টদেৱক।

৩৫) প্ৰশ্ন : অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি?

উত্তৰ : হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি।

৩৬) প্ৰশ্ন : প্ৰথম প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম আৰু প্ৰকাশৰ চনটো কি?

উত্তৰ : ‘ধৰ্ম-পুস্তক’, ১৮১৩ৱ চনত।

৩৭) প্ৰশ্ন : অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?

উত্তৰ : খ্ৰীষ্টীয় নৱম-দশম শতিকাত।

৩৮) প্ৰশ্ন : জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন কোন?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।

৩৯) প্ৰশ্ন : অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ‘ডাইজেষ্ট’ আলোচনী খনৰ নাম কি?

উত্তৰ : তফজ্জুল আলি সম্পাদিত ‘সংগম’।

৪০) প্ৰশ্ন : অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি?

উত্তৰ : কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ।

৪১) প্ৰশ্ন : ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম অধিবেশন ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰ : ১৮৮৮ চনৰ ২৫ আগষ্টত ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীট (বৰ্তমান সূৰ্যসেন ষ্ট্ৰীট), কলিকতা (বৰ্তমান ক’লকাতা) – ৯ ত হৈছিল।

৪২) প্ৰশ্ন : কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে?

উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে।

৪৩) প্ৰশ্ন : প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি কি?

উত্তৰ : হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী।

৪৪) প্ৰশ্ন : কোনে, কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল?

উত্তৰ : কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মেননে, ১৯৪০ চনত।

৪৫) প্ৰশ্ন : ‘ধন্য নৰ তনু ভাল’ নামৰ পুথি খন কোনে ৰচনা কৰিছিল?

উত্তৰ : শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে এই উপন্যাস খন ৰচনা কৰিছিল।

৪৬) প্ৰশ্ন : অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছিল?

উত্তৰ : মাগধী, প্ৰাকৃত, আৰ্যোত্তৰ ভাষাসমূহ, জনজাতীয় ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্ছী, আৰবী আদি বিদেশী ভাষা সমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছিল।

৪৭) প্ৰশ্ন : ‘কীৰ্তন-ঘোষা’ আৰু ‘নামঘোষা’ ৰ ৰচক কোন?

উত্তৰ : মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল।

৪৮) প্ৰশ্ন : পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত আছিল?

উত্তৰ : পূৰ্বতে আহোম সকল টাই ভাষাৰ অন্তৰ্ভূক্ত আছিল।

৪৯) প্ৰশ্ন : অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি?

উত্তৰ : তেওঁলোক হ’ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন।

৫০) প্ৰশ্ন : মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ১৮৪২ চনৰ ১৪ নৱেম্বৰত।

৫১) প্ৰশ্ন : মামণি ৰয়চম গোস্বামীয়ে কেতিয়া ‘জ্ঞানপীঠ বঁটা’ অৰ্জন কৰিছিল?

উত্তৰ : ২০০০১ চনত।

৫২) প্ৰশ্ন : অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ৰ প্ৰতিস্থাপক সম্পাদক কোন আছিল?

উত্তৰ : নাথান ব্ৰাউন।

৫৩) প্ৰশ্ন : ‘সাহিত্যৰথী’ নামেৰে জনাজাত অসমৰ প্ৰখ্যাত সাহিত্যিক জনৰ নাম কি?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

৫৪) প্ৰশ্ন : অসমৰ ‘অ’ মোৰ আপোনাৰ দেশ’ নামৰ জাতীয় সঙ্গীতটোৰ ৰচক কোন?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

৫৫) প্ৰশ্ন : কাক ১৯৫৮ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৬৭ চনত ‘অলকানন্দা’ৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়?

উত্তৰ : নলিনীবালা দেৱী।

৫৬) প্ৰশ্ন : অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ১৯৬১ চনত।

৫৭) প্ৰশ্ন : অসামৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনৰ প্ৰকাশিত হৈছিল?

উত্তৰ : ১৮৪৬ চনত।

৫৮) প্ৰশ্ন : প্ৰথম অসমীয়া মাহেকীয়া আলোচনী ‘জোনাকী’ প্ৰথমবাৰ কলিকতাৰ (এতিয়াৰ ক’লকাতা) পৰা প্ৰকাশিত হৈছিল?

উত্তৰ : ১৮৮৯ চনত।

৫৯) প্ৰশ্ন : জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম জন অসমীয়া সাহিত্যিক কোন?

উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

৬০) প্ৰশ্ন : প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ নাম কি?

উত্তৰ : ৰুক্মিণী হৰণ।

৬১) প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া নাট লিখিছিল?

উত্তৰ : ছয় খন।

৬২) প্ৰশ্ন : কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল?

উত্তৰ : দিলীপ কুমাৰ দত্ত।

৬৩) প্ৰশ্ন : প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম কি?

উত্তৰ : যাত্ৰিকৰ যাত্ৰা।

৬৪) প্ৰশ্ন : কাক ‘অসমীয়া সাহিত্য-সংস্কৃতিৰ জনক’ বুলি কোৱা হয়?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

৬৫) প্ৰশ্ন : অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো?

উত্তৰ : ব’হাগ।

৬৬) প্ৰশ্ন : প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি?

উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ।

৬৭) প্ৰশ্ন : প্ৰথম অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথি খনৰ নাম কি?

উত্তৰ : অসমীয়া সাহিত্যৰ বুৰঞ্জী।

৬৮) প্ৰশ্ন : প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি?

উত্তৰ : দৈনিক বাতৰি।

৬৯) প্ৰশ্ন : প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম কি?

উত্তৰ : প্ৰহ্লাদ চৰিত।

৭০) প্ৰশ্ন : প্ৰথম অসমীয়া বুৰঞ্জী মূলক উপন্যাস খনৰ নাম কি?

উত্তৰ : ভানুমতী।

৭১) প্ৰশ্ন : প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি?

উত্তৰ : অসমীয়া পুথিৰ তালিকা।

৭২) প্ৰশ্ন : প্ৰথম অসমীয়া ছনেট (sonnet) পুথি খন কি?

উত্তৰ : মলাৰ।

Tag:Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam

  • Share:
ScientiaTutorials.in

Scientia Tutorials, established in 2007 in Dispur, Guwahati (Assam), is a trusted provider of home tuition, online tutoring, and e-learning courses. With a strong focus on school-level education, we connect students from Classes I to XII with qualified male and female tutors across all subjects.

Founded by Mr. Prasanta Jyoti Saikia (M.Sc., Gauhati University), Scientia Tutorials operates as a registered micro-enterprise in Assam’s education sector. Guided by the values of integrity and responsibility, our mission is to provide verified, reliable tutors and effective learning support to students across the state.

Previous post

CULTURE AND TRADITION OF ASSAM অসমৰ ৰীতি – নীতি, পৰম্পৰা, ধৰ্ম আৰু ধৰ্মীয় বিশ্বাস সমূহ
26/02/2023

Next post

HANDICRAFTS OF ASSAM - HANDLOOM OF ASSAM অসমৰ হস্ত শিল্প - অসমৰ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প
26/02/2023

You may also like

ASSAMESE SATHAR অসমীয়া সাঁথৰ
26/02/2023

অসমীয়া সাঁথৰ – খণ্ড ১ অসমীয়া সাঁথৰ – খণ্ড ২ …

ASSAM HISTORY অসম বুৰঞ্জী
26/02/2023

(১) অসমৰ আটাইতকৈ প্ৰাচীন নাম কি ? উত্তৰ : প্ৰাগজ্যোতিষপুৰ …

ASSAMESE SYNONYMS অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ
26/02/2023

অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ | SYNONYMS IN ASSAMESE – …

Login with your site account

Lost your password?

Not a member yet? Register now

My Account

  • My account
  • My Cart
  • Checkout

Search

Course Filter

Categories
9
9
23
21
9
9
11
1
13
1
2
20
1
3
Close

Featured Courses

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 9 Mathematics – MCQs with Answers and Explanations

CBSE Class 9 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 8 Mathematics – MCQs with Answers and Explanations

CBSE Class 8 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 7 Mathematics – MCQs with Answers and Explanations

CBSE Class 7 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 6 Mathematics – MCQs with Answers and Explanations

CBSE Class 6 Mathematics – MCQs with Answers and Explanations

₹50.00
Go to Courses

Social Media Link

  • Facebook
  • Twitter
  • Google Plus
  • LinkedIn
  • Pinterest
  • Instagram
  • Youtube

© 2026 Scientia Tutorials. All Rights Reserved.

  • About Us
  • Contact Us
  • Privacy Policy
  • Terms of Use
  • Terms and Conditions
  • Buy Online Courses

Login with your site account

Lost your password?

Not a member yet? Register now

Register a new account

Are you a member? Login now

HomeCourses
Search

Search

    Account
    Articles ShopCart