অসমীয়া সাঁথৰ - খণ্ড ১ অসমীয়া সাঁথৰ - খণ্ড ২ অসমীয়া সাঁথৰ - খণ্ড ৩…
HANDICRAFTS OF ASSAM – HANDLOOM OF ASSAM অসমৰ হস্ত শিল্প – অসমৰ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প
১) প্ৰশ্ন : অসমৰ গৌৰৱময় সূতা কি?
উত্তৰ : মুগা।
২) প্ৰশ্ন : শুৱালকুছি কিহৰ বাবে বিখ্যাত?
উত্তৰ : পাট আৰ মুগাৰ বাবে বিখ্যাত।
৩) প্ৰশ্ন : গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ?
উত্তৰ : মৃৎ শিল্প।
৪) প্ৰশ্ন : হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?
উত্তৰ : কুমাৰশালৰ।
৫) প্ৰশ্ন : পাট-মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক’ত?
উত্তৰ : শিৱসাগৰ।
৬) প্ৰশ্ন : ‘অ’ক টাচাৰ’ অসমত কোন চনত প্ৰচলিত হয়?
উত্তৰ : ১৯৭২ চনত।
৭) প্ৰশ্ন : পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰা অসমৰ দুবিধ মুখ্য বাঢ়ৈ সঁজুলিৰ নাম কি কি?
উত্তৰ : এশিঙীয়া গঁড় আৰু কামাখ্যা মন্দিৰৰ প্ৰতিৰুপ।
৮) প্ৰশ্ন : কাঁহী, শৰাই, বাটি, লোটা ইত্যাদি কি ধাতুৰ দ্বাৰা তৈয়াৰী?
উত্তৰ : পিতল।