Scientia-Tutorial
  • Categories
    • Sitemap
    • About Us
    • Contact Us
    • Join as a Teacher
    • Join as a Student
    • Find Students
    • Find Tutors
    • Course Categories
    • Study Materials
    • All Categories
    • Syllabus
  • Blogs
  • Events
  • Join as a Student
  • Become a Teacher
  • Courses
  • 0 items₹ 0
Login
  • Home
  • Blogs
  • STUDY MATERIALS
  • ASSAMESE LITERATURE অসমীয়া সাহিত্য

ASSAMESE LITERATURE অসমীয়া সাহিত্য

JATUBHA THAMCA জতুৱা ঠাঁচ – খণ্ডবাক্য – বাক্য ৰচনা

  • Posted by ScientiaTutorials.in
  • Date 26/02/2023
  • Categories ASSAMESE LITERATURE অসমীয়া সাহিত্য
  • Tags Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam, খণ্ডবাক্য, জতুৱা ঠাঁচ, বাক্য ৰচনা

জতুৱা ঠাঁচ – খণ্ড ১
জতুৱা ঠাঁচ – খণ্ড ২
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য – খণ্ড ৩
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য – বাক্য ৰচনা – খণ্ড ৪
জতুৱা ঠাঁচ আৰু খণ্ডবাক্য – বাক্য ৰচনা – খণ্ড ৫

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

জতুৱা ঠাঁচ – খণ্ড ১

– চকু চৰহা — লোকৰ ভাল দেখিব নোৱৰা ৷

– চকু পোৰা — লোকৰ ভাল দেখি সহিব নোৱৰা ৷

– চকু লগা — টোপনি অহা ৷

– চকু দিয়া — সাৱধান হোৱা, পাবলৈ ইচ্চা কৰা ৷

– চকু মুদা — মৃত্যু হোৱা ৷

– চকুত লগা — ধুনীয়া হোৱা ৷

– চকু ফুৰা — ওপৰে ওপৰে চোৱা ৷

– কথা চহকী — বৰকৈ যি কথা কয় ৷

– কথা গৰকা — ভাল বেয়া যি গমি চায় ৷

– কথা ক — ভাব প্ৰকাশ কৰ ৷

– কথা হ — আলোচনা কৰ ৷

– কপাল ফুলা — সৌভাগ্য উপস্থিত হোৱা ৷

– কপাল ফুটা — দুৰ্ভাগ্য উপস্থিত হোৱা ৷

– কপাল ধিওৱা — আশাৰে বাট চোৱা ৷

– কপালৰ ঘাম মাটিত পেলোৱা — অতি পৰিশ্ৰম কৰা ৷

– কপাল ধোৱা — আশা এৰা ৷

– কাণ কটা — নিলাজ, দুষ্ট ৷

– কাণ দিয়া — মনোযোগ দিয়া ৷

– কাণ পতা — শুনিবলৈ সাজু হোৱা ৷

– কাণ বাগৰা — লোকৰ মুখে শুনা ৷

– কাণ এৰা — মনোযোগ নিদিয়া ৷

– কাণ কৰা — মনোযোগ দিয়া ৷

– কাণ সৰালি মৰা — নুশুনা ভাও জোৰা ৷

– কাণে কাণ মাৰি — কোনো মতে ৷

– কঁকাল ভগা — দুৰ্বল হোৱা, ক্ষমতাহীন হোৱা ৷

– কঁকাল পৰা — বুঢ়া হোৱা, দুৰ্বল হোৱা৷

– কঁকাল বন্ধা — কোনো কামলৈ সাজু হোৱা, সষ্টম হোৱা ৷

– কঁকাল দঙা — পুনৰ শক্তি লাভ কৰা, পুনৰ টনকিয়াল হোৱা ৷

– আঁঠু লোৱা — সন্মান দেখুৱাবলৈ আঁঠু কাঢ়ি সেৱা কৰা ৷

– আঁঠুত সোণ বিচাৰ — কাম নকৰাকৈ ধন-সম্পদৰ আকাংক্ষা কৰা ৷

– গা ধৰা — শকত হোৱা ৷

– গা এৰা দিয়া — সম্পৰ্ক এৰা বা মনোযোগ নিদিয়া ৷

– গা দাঙি কোৱা — সাহস কৰি কোৱা ৷

– গা ৰখা — হানি বা নষ্টৰ পৰা ৰক্ষা কৰা ৷

– গা পাতি লোৱা — কোনো কাম কৰিবলৈ দায়িত্ব লোৱা বা মান্তি হোৱা ৷

– গা গধুৰ — এলেহুৱা ৷

– গা ঘেলাই ফুৰা — কাম- বন নকৰি ধুন মাৰি ফুৰা ৷

– গা ধৰ — শকত হ ৷

– গাৰ নোম ডাল ডাল হ — ভয়ত শিয়ঁৰি উঠ ৷

– গা চেবা — সন্দেহ হোৱা ৷

– গা দাং — নৰিয়াৰ পৰা উঠা ৷

– গা তোলা — দায়িত্ব বহন কৰা, মান্তি হোৱা ৷

– গা জুৰা — সন্তোষ পোৱা ৷

– গা লৰাই কৰা — মনোযোগ দি কোনো কাম কৰা ৷

– গা নচুৱাই ফুৰা — কাম নকৰি এনেয়ে ঘূৰা-পকা কৰি ফুৰা ৷

– গাত হাত দিয়া — মৰিওৱা বা অপদস্থ কৰা ৷

– গা জোৰা — যথেষ্ট হোৱা, অটা ৷

– গা সৰা — বিপদৰ পৰা ৰক্ষা পৰা , দায়িত্বৰ পৰা অব্যাহতি পোৱা ৷

– গা ৰোৱা — কোনোমতে ৰক্ষা পৰা ৷

– গা তোলা — পুনৰ টনকিয়াল হোৱা ৷

– গা ভাৰী — গৰ্ভৱতী ৷

– গা ঘেলাই ফুৰা —কাম-বন নকৰি ধুন মাৰি ফুৰা ৷

– গা ৰাঁই জাঁই কৰা — চাটি-ফুটি কৰা বা অস্থিৰ হোৱা ৷

– চকু ৰোৱা — দেখিবলৈ ধুনীয়া বা আকৰ্ষণীয় ৷

– চকু ফুৰাই চোৱা — ওপৰে ওপৰে চোৱা ৷

– চকু মুদা কুলি —প্ৰবঞ্চক,ফাকি দিয়া ব্যক্তি ৷

– চকুত ধুলি মৰা — ফাকি দিয়া ৷

– চকুৰ পচাৰতে — নিমিষতে , ক্ষন্তেকতে ৷

– চকুৰ কুটা — অপ্ৰিয় ৷

– চকুৰ মণি — অতি প্ৰিয় বা আদৰৰ ৷

– চকু জুৰ পৰা — চাই সন্তোষ পোৱা ৷

– চকু মেলি চোৱা — অনুগ্ৰহ কৰা ৷

– চকু ৰখা — যত্ন কৰা, ভালদৰে মন কৰা ৷

– চকু এৰা — আশা নকৰা, মনোযোগ দিবলৈ এৰা ৷

– মুখ লগা — আনৰ চকুত পৰি শ্ৰীহানী হোৱা বা অপকাৰ হোৱা ৷

– মুখ নোহোৱা — গঢ় লগাই কথা ক’ব নোৱাৰা ৷

– মুখ মেলা — আনলৈ আশা কৰা ৷

– মুখ মৰা — নিমাত হোৱা ৷

– মুখ বজোৱা — কাজিয়া কৰা ৷

– মুখ ফালি কোৱা — স্পষ্টকৈ কোৱা ৷

– মুখলৈ চোৱা — মৰম বা দয়া কৰা ৷

– মুখত সোপা দিয়া — মাত নাইকিয়া কৰা , নিমাত কৰা ৷

– মুখৰ ভাত কাঢ়ি নিয়া — পোৱা সুবিধা নিজৰ অকৰ্মণ্যতাৰ বাবে হেৰুওৱা বা আনে জোৰ কৰি নিয়া ৷

– মুখেৰে সাত হাল বোৱা — ফিতাহি মাৰি কথা কোৱা ৷

– মুখ পাতি ধৰা — আনৰ কথাত নিজে সোমোৱা ৷

– মুখ উজলোৱা — নাম জনাজাত কৰা ৷

– মুখ উফন্দা — অসন্তোষ ভাৱ দেখুৱা ৷

– দাঁত লগা — লোকৰ চকু পৰাত অমংগল হোৱা ৷

– দাঁতে ওঁঠে নলগা — কোনো কাজিয়া পেচাল নোহোৱা ৷

– দাঁত নাই — সাহস নথকা, সামৰ্থ্য নাই ৷

– হাত এৰা — দায়িত্ব এৰা ৷

– হাত কৰা — নিজৰ কৰা লোৱা , নিজৰ অধীনলৈ অনা ৷

– হাত ঘলা — আনৰ বস্তুৰ প্ৰতি লোভ কৰা ৷

– হাত চোৱা — মংগল চোৱা বা ভাল – বেয়া বিচাৰ কৰা ৷

– হাত দিয়া — কোনো কামত ধৰা ৷

– হাত পতা — ভিক্ষা কৰা, কোনো বস্তু খোজা ৷

– হাত ধৰা — টানকৈ চলা , কৰিব নোৱাৰা হোৱা ৷

– হাত পৰা — অধোগতি , তললৈ নমা ৷

– হাত থকা — প্ৰভাৱ থকা ৷

– হাত ঊঠা — উন্নতি হোৱা , কৃতকাৰ্য হোৱা ৷

– হাত অহা — অভ্যাস হোৱা ৷

– হাত মৰা — লুকুৱাই লোকৰ বস্তু নিজৰ কৰা ৷

– হাত মেলা — নোপোৱা বস্তুৰ প্ৰতি হেঁপাহ কৰা ৷

– হাত সৰা — ৰক্ষা পোৱা , পলাই যোৱা, মুক্তি পোৱা ৷

– হাত সাৱতা — কোনো কাম নকৰি এনেয়ে থকা ৷

– হাত বাগৰা — আনে ব্যৱহাৰ কৰাৰ পিছত পোৱা ৷

– হাত মুকলি — খৰছী, অবাবত খৰচ কৰা ৷

– হাত খালি — টকা – পইছা নথকা ৷

– হাত টান — কৃপণ, চিকতা ৷

– হাত চুটি — ক্ষমতাহীন, অভাৱী মানুহ ৷

– হাত দীঘল — ক্ষমতাশালী ৷

– হাতে-লোতে — অপৰাধ কৰি থকা অৱস্থাতে ধৰা পেলোৱা ৷

– হাত ধোৱা — আশা এৰা বা সম্পৰ্ক এৰা ৷

– হাত লৰ — চোৰ স্বভাৱ ৷

– হাতৰ মুঠিত ৰখা — নিজৰ অধীনত ৰখা ৷

– হাতে ভৰিয়ে ধৰা — কাবৌ-কোকালি কৰা ৷

– হাতে নামাৰি ভাতে মৰা — দেখাকৈ অপকাৰ নকৰি নেদেখাকৈ অপকাৰ কৰা ৷

– হাতত সাৰে ভৰিত সাৰে — গোপনে , মনে মনে ৷

– হাত বুলোৱা — মৰম কৰা ৷

– হাত যোৰ কৰা — প্ৰাৰ্থনা কৰা ৷

– হাত উজান দিয়া — কামত সহায় কৰা ৷

– হাড়-ছাল ওলোৱা — অতি ক্ষীণ ৷

– হাড়ক মাটি কৰা — অতিৰিক্ত পৰিশ্ৰম কৰা ৷

– হাড়লৈকে চিন — ভিতৰলৈকে অৰ্থাৎ অতি ভালকৈ চিনি পোৱা ৷

– হাড় ভগা বন — কঠিন কাম ৷

– হাড়ত বন গজা — বহুদিনৰ আগতে মৰা ৷

– হাড় পেলোৱা — মৃত্যু হোৱা ৷

– হাড় নাইকিয়া জিভা — লাগ বান্ধ নোহোৱাকৈ বা বিবেচনা নকৰাকৈ কথা কোৱা মানুহ ৷

– হিয়া ধুনা — কান্দি ব্যাকুল হোৱা ৷

– হিয়া ধাকুৰীয়া — শোকত ব্যাকুল হোৱা ৷

– হিয়াৰ আমঠু — প্ৰিয়তম লোক ৷

– অজীন পাতকী — মিলিব নোৱাৰা, দন্দুৰা লোক ৷

– অথাই সাগৰ — ডাঙৰ বিপদ ৷

– অমাতৰ মাত — শুনিবলৈ শুৱলা নাত ৷

– অলপ পানীৰ মাছ — দুৰ্বল , নিমাখিত ৷

– অচিন কাঠৰ থোৰা — অপৰিচিত ৷

– অহুত কাণে পহুৰ কাণে — উৰা বাতৰি, ঘুনুক ঘানাককৈ শুণা ৷

– আকোৰ গোঁজালি — একেটা কথাত লাগি থকা ৷

– অটোম টোকাৰি — পৰিপাটি ৷

– আথে – বেথে — অতি সাদৰৰ ৷

– আমঠু ক’লা পৰা — মনত বৰ আঘাত পোৱা ৷

– আকাশী সৰগ ভাগি পৰা — ডাঙৰ বিপদ হোৱা ৷

– আলিবাটত চালি ধৰা — ধুন মাৰি ফুৰা ৷

– আজল মঠ — জানিও নজনা ভাও ধৰা ৷

– আভুৱা ভৰা — ঠগ, প্ৰবঞ্চনা কৰা ৷

– আকাশত চাং পতা — অস্বাভাৱিক কল্পনা কৰা ৷

– আলৈ-আথানি — নিৰাশ্ৰয় বা নি:সহায় ৷

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

জতুৱা ঠাঁচ – খণ্ড ২

অৱস্থা চাই ব্যৱস্থা : চাই চিতি উপায় কৰা।

অকঁৰা মৈত উঠা : মিছাতে কোনো কামত ধৰি এৰিব নোখোজা।

অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ।

আঁঠু কাঢ় : আঁঠুৰে বুল।

আঁঠু ল : মাটিত আঁঠু লগাই সেৱা কৰ।

আভুৱা ভৰা : মিচা কথা কৈ দায় সৰা।

আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা।

আলাসৰ লাড়ু : অতি মৰমৰ।

এপাচি শাকত এটা জালুক : বেচি প্ৰয়োজনত কম যোগান।

ওপৰ চকুৱা : অসাৱধান বা বেহিচাপী লোক।

কপাল ফুটা : দু্ৰ্ভগীয়া।

কপাল ফুলা : সৌভাগ্যই লগ দিয়া।

কপাল ধো : আশা এৰা।

কপালৰ ঘাম মাটিত পেলা : কঠোৰ পৰিশ্ৰম কৰা।

কঁকাল পৰ : বুঢ়া হোৱা।

কাণ কটা : নিলাজ।

কাণ দি : মনোযোগ দিয়া।

কাণ চুই থ : আগলৈ মনত ৰাখ।

কাণ চোৱাই থ : মনত ৰাখিবলৈ কোনো কথা জনাই থ।

কাণত ধৰি ক : শপত খাই ক।

কাণ সমনীয়া : ডেকা।

কাণ বাগৰা : লোকৰ মুখে শুনা।

কুকুৰে মৈ টনা : বিপদত কষ্ট কৰা।

খুজি কিল খোৱা : অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা।

গাত সৰিয়হ ফুটা :

গা এৰা দিয়া : সম্পৰ্ক এৰা।

গাই বাই চোৱা : চেষ্টা কৰি চোৱা।

গা ধৰা : শকত হোৱা।

ঘৰ গোনা : নিজ ঘৰ এৰি আঁতৰলৈ কোনো কামতে যাব। নোখোজা।

ঘৰিয়ালৰ চকুপানী : মিছাতে চকুপানী টুকি দুখৰ অভিনয়। কৰা।

চকু চৰহা : আনৰ ভাল দেখিব নোৱাৰা।

চকুত লগা : ধুনীয়া হোৱা।

চকুৰ পচাৰতে : নিমিষতে,তৎক্ষণাৎ।

চকুৰ কুটা দাতৰ শাল : ঘোৰ শত্ৰু।

চুক ভেকুলী : একো নজনা।

চুঙা চাই সোপা :

চালে-বেৰে কোবোৱা : সামঞ্জস্যহীন।

ডলাৰ বগৰী : ঘটনাই ঠাই সলোৱা।

তলে পুতল : ভিতৰি ভিতৰি অনিষ্ট কৰা।

দাঁতে ওঁঠে নলগা : সমূলি কাজিয়া নলগা

দেশ চাইহে ভেশ : পৰিস্থিতিৰ লগত মিলিব পৰা।

ধোদৰ পছলা : এলেহুৱা।

ধোঁৱাচাঙত তোল : সৰ্বশান্ত কৰা, সকলো শেষ কৰা।

নপতা ফুকন : নিজে নিজকে ডাঙৰ বুলি ভৱা মানুহ।

নদন-বদন : উভৈনদী।

নাদৰ/কুঁৱাৰ ভেকুলী : ঘৰত সোমাই থকা।

পৰ্বতত কাছ কণী বিচৰা : অবাস্তৱ চিন্তা কৰা।

পাবত গজা : মূল নোহোৱা।

পানীৰ তলৰ কাঁইট : নেদেখা শত্ৰু।

পানীত হাঁহ নচৰা হোৱা : আলাই-আথানি হোৱা, বৰ বিপদ হোৱা।

পানী মিঠৈ : মনে সজা।

পাভ লুটি মৰা : বাগৰ সলোৱা।

পেট চলা : বেছিকৈ শৌচ কৰা।

পেট মচা : নুমলীয়া।

পেটতে হাত ভৰি লুকা : বৰ ভয় কৰা।

পেটে ভাতে খা : জমা নকৰাকৈ কোনো মতে খাই থকা।

পানীত পৰা : অথলে যোৱা।

বাট চা : অপেক্ষা কৰা।

বিনা মেঘে বজ্ৰপাত : আগজাননী নোপোৱাকৈ অহা বিপদ।

বুৰে পতি শেলুক :

ভাত মোকলা : জীৱিকাৰ উপায় উলিয়াই লোৱা।

ভাত ঘৰ : বন্ধু/অতি আপোন মানুহৰ ঘৰ।

মন কৰ : ইচ্ছা কৰ,মনোযোগ দে।

মাটিৰ মানুহ : অতি সহজ-সৰল মানুহ।

মূৰ খা : মৃত্যুৰ কাৰণ হ।

মূৰ ঘমা : বৰকৈ চিন্তা কৰা।

মূৰ পাতি লোৱা : দায়িত্ব লোৱা।

মূৰ পোলোকা মাৰ/দে : গা এৰা দে।

মূৰে ভৰি কঢ়া : অতপালি কৰা, বিপৰীতে কাম কৰা।

মূৰে কপালে হাত দিয়া : বিমোৰত পৰা, বৰ দুখ পোৱা।

হাত উজান দিয়া : কামত সহায় কৰা।

হাত লৰ : চোৰ স্বভাৱৰ।

হাত দীঘল : ক্ষমতাশালী।

হাত সাৱটি থকা : কাম নকৰাকৈ থকা।

হাতে-ভৰিয়ে ধৰা : কাবৌ কৰা।

হাতৰ মুঠিত ৰাখা : অধীনত ৰাখা।

হাত টান : কৃপণ।

শেনৰ এজাত : দুভজীয়া কথা।

শেন চকুৱা : তীক্ষ্ণ দৃষ্টিৰ।

শূন্যত গদা ঘূৰোৱা : জানি-বুজি কৰা ব্যৰ্থ প্ৰচেষ্টা।

সাত ঘাটৰ চেঙেলী : অতি টেঙৰ।

সাত ঘাটৰ চেঙেলী : বৰ টেঙৰ।

সাহেই সিদ্ধি : সাহসেই সিদ্ধি।

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

জতুৱা ঠাঁচ আৰু খণ্ডবাক্য – খণ্ড ৩

কাণে কাণ মাৰি (কোনোমতে, কথমপি): পৰীক্ষাত কাণে কাণ মাৰি উত্তীৰ্ণ হ’লে ভাল কলেজত নামভৰ্তি কৰিব পৰা নাযায়।

কপাল ফুল (সৌভাগ্য উদয় হ): চাৰিওজন পুতেক চাকৰিত সোমোৱাত মাক-বাপেকৰ কপাল ফুলিল।

বুকুৰ কুটুম (অতি আপোন): বুকুৰ কুটুমজনৰ প্ৰতি় সদায়ে মৰমীয়াল হোৱা উচিত।

গা গধুৰ (লেধা, কামধীৰ): গা গধুৰ লোকে কামবোৰ সোনকালে কৰিব নোৱাৰে।

বুকুৰ কুটুম (অতি আপোন) : বুকুৰ কুটুমজনৰ অন্যায় কোনেও সহ্য কৰিব নোৱাৰে।

কাণ কটা (দুষ্ট) : কাণ কটা স্বভাৱৰ লোকক কোনেও ভাল নাপায়।

ঘৰ পতা (বিয়া বাৰু হ) : বয়স হ’ল, ছোৱালী চাই সোনকালে ঘৰখন পাত।

হাত লৰ (চোৰ স্বভাৱ) : হাত লৰ স্বভাৱৰ মানুহে পালেই আনৰ বস্তু নিবলৈ বিচাৰে।

লোকান্তৰ ঘটা (মৃত্যু হোৱা) : বহুদিন বেমাৰত ভুগি থাকি অৱশেষত মানুহজনৰ লোকান্তৰ ঘটিল।

চকু গজা (বুজন হ, জনা হ) : কিতাপ কেইখনমান পঢ়াৰ পিছতহে তাৰ চকু গজিছে।

থেৰোগেৰোঁ কৰা (কোনো কাম কৰোঁ নকৰোঁ কৰা অৱস্থা) : এলেহুৱা লোকে কাম কৰিবলগীয়া হ’লেই থেৰোগেৰোঁ কৰে।

চকু দিয়া (নজৰ ৰখা) : আমাৰ কাম-কাজৰ দ্বাৰাই পিতৃ-মাতৃ যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি আমি চকু দিয়া উচিত।

দলনিত পোনা মেলা ( আলাই-আথানি কৰ): বানপানীয়ে গাঁৱৰ ৰাইজক দলনিত পোনা মেলিলে।

ঢৌতে খৰ মাৰ (ব্যস্ততাৰ মাজতেই সময় উলিয়াই): পৰীক্ষাৰ বাবে প্ৰস্তুত চলাও ঢৌত খৰ দি মোহনে ঘৰৰ দায়িত্ব পালন কৰিছিল।

দুই নাও দুই ভৰি হোৱা ( কি কৰোঁ কি নকৰোঁ অৱস্থা হোৱা): ইমানবোৰ কাম কৰিবলগীয়া হোৱাত মোৰ দুই নাও দুই ভৰি হোৱাৰ দৰে হৈছিল।

ইহলীলা সম্বৰণ কৰা (মৃত্যু হোৱা): বহু দিন ধৰি বেমাৰত ভুগি থাকি অৱশেষত মানুহজনে ইহলীলা সম্বৰণ কৰিলে।

পানীৰ তলৰ কাঁইট (গোপন শত্ৰু): পানীৰ তলৰ কাঁইটৰ উৱাদিহ পোৱাটো সহজ নহয়।

সাত ঘাটৰ সৈয়াকণী (অতি চতুৰ, অতি দুষ্ট): জীৱ – জন্তুৰ ভিতৰত শিয়ালেই হৈছে সাত ঘাটৰ সৈয়াকণী।

চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা): পাকিস্তানৰ বাবে ভাৰত চকুৰ কুটা দাঁতৰ শাল।

অজীন পাতকী (দুষ্ট): অজীন পাতকী লোকে য’তে ত’তে অঘটন ঘটাই ফুৰে।

হাত টান (কৃপণ): হাত টান মানুহৰ পৰা ধাৰৰ আশা নকৰাই শ্ৰেষ্ঠ।

গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ): প্ৰধানৰ ওচৰত গাই বাই চাইহে তাৰ সন্তানটিৰ নামভৰ্তি ঠিক হ’ল।

ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ ক): অসত্য কথাক সত্য বুলি কোনেও ন দি ক’ব নোৱাৰে।

পাবত গজা (অস্বাভাৱিক): পাবত গজা নেতাই দেশৰ কল্যাণ সাধিব নোৱাৰে।

চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা): চকু চৰহা লোকে আনৰ ভাল হোৱা সহ্য কৰিব নোৱাৰে।

মুখ লাগ ( আনৰ লোভ লগাৰ পৰা পীড়া হ, শ্ৰীহীন হ): মুখ লগা কাৰণেই সুন্দৰ কলথোক নষ্ট হ’ল।

হাতত সাৰে ভৰিত সাৰে (কোনো সাৰ-সুৰ নোহোৱাকৈ): সি শুই থাকোঁতেই চোৰটোৱে তাৰ কাষৰেই হাতত সাৰে ভৰিত সাৰে গৈ বস্তুকেইপদ লৈ গ’ল।

পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি থাক): আজিকালি আনকি দুখীয়া লোকৰো পেটে ভাতে খাই চলাই টান হৈ পৰিছে।

উভৈনদী (অপৰ্যাপ্ত, উপচি): ভাগ্য ভাল হ’লে মানুহৰ ধনে-ধানে উভৈনদী হৈ পৰিছে।

কাণ বাগৰা (লোকৰ মুখে শুনা): কাণ বাগৰা কথাত বিশ্বাস কৰিব নালাগে।

গাজত লগা (হিয়াত লগা, মৰ্মান্তিক, হৃদয় বিদাৰক): গাজত লগা কথাই অন্তৰত বৰ দুখ দিয়ে।

হাত টান (কৃপণ): হাত টান মানুহে সজ কামতো ধন খৰচ কৰিব নোৱাৰে।

পানীৰ তলৰ কাঁইট (গোপন শত্ৰু): পানীৰ তলৰ কাঁইটৰ দৰে দেশখনৰ অনিষ্টকাৰী লোক কিমান আছে ধৰিব নোৱাৰি।

টুপাই বুৰ মাৰ (আসৈ মাত): অকৃতজ্ঞ লোকক সহায় কৰিলেও সহায় পোৱা নাই বুলি টুপাই বুৰ মাৰে।

খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ পাহৰা): খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই।

ধোদৰ পচলা (এলেহুৱা, অকামিলা): ধোদৰ পচলা হৈ ঘূৰি ফুৰিলে আজিৰ দিনত মুখ নভৰে।

পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি থাক): দাম বৃদ্ধি পালেই দৰিদ্ৰ লোকৰ পেটে ভাতে খাই জীয়াই থকাই টান হৈ পৰে।

নাকত তেল দি শোৱা (কোনো চিন্তা-ভাবনা নোহোৱাকৈ থকা): তোৰ সকলো কাম আনে কৰিব যেতিয়া তই নাকত তেল দি শুই থাক।

চকু দিয়া (নজৰ ৰখা): ল’ৰা-ছোৱালীয়ে যাতে অসৎ সংগ নলয় তাৰ প্ৰতি মাক-পিতাকে চকু দিয়া উচিত।

দুই নাও দুই ভৰি হোৱা (কি কৰোঁ কি নকৰোঁ অৱস্থা হোৱা): দুই নাও দুই ভৰি হোৱাতকৈ শান্ত হৈ বাট মোকোলোৱাটোয়েই শ্ৰেষ্ঠ।

খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ পাহৰা): খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই।

আলাসৰ লাডু (অতি মৰমৰ): আইতাকৰ বাবে নাতিনী আলাসৰ লাডু।

ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ ক): এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ যে হমেই ন দি কব পাৰোঁ।

ভিৰাই লৰ মাৰ (পেলোৱা): সচাঁ কথা কোৱাৰ লগে লগে সি ভিৰাই লৰ মাৰিলে।

উলহ মালহ (আনন্দ উৎসৱ সহ): ভাৰতীয় ক্ৰিকেট দলটিয়ে অন্তিমখন খেল জিলাত চৌদিশে উলহ মালহ পৰিৱেশ দেখিব পোৱা গৈছে।

আঁচলৰ ধন (অতি মৰমৰ): একমাত্ৰ জীয়ৰী ইন্দিৰা গান্ধী, পিতৃ জৱাহৰলাল নেহৰুৰ আঁচলৰ ধন আছিল।

ৰমক-জমক (বৰ্ণাঢ্য): সৰ্বশেষত এখনি ৰমক জমক অনুষ্ঠান অনুষ্ঠিত হৈছিল।

এৰা ধৰা (ভালকৈ মনপুতি নলগা): এৰা ধৰা মনোভাৱৰে কোনো কামতেই সফল হ’ব নোৱাৰি।

ৰমক-জমক (জিলমিলাই থকা): সৰু সৰুল’ৰা-ছোৱালীবিলাকে অতি ৰমক জমকৰে নিজৰ জন্ম দিনটো পালন কৰিব বিচাৰে।।

উলহ মালহ (আনন্দ উৎসৱ সহ): ঘৰৰ একমাত্ৰ ছোৱালীজনী শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাত ঘৰত এক উলহ মালহ পৰিবেশ।

ডলাৰ বগৰী (অনাই বনাই ঘূৰি ফুৰা): ডলাৰ বগৰী হৈ ফুৰিলে জীৱনত উন্নতি কৰিব নোৱাৰি।

তলা-নলা (আঁতি গুৰি): তলা-নলা নজনাকৈ কোনো কথাৰে মন্তব্য দিব নালাগে।

উখল মাখল (কিবা কাম কৰিবলৈ আয়োজনকৰোঁতে হোৱা আলোচনা): ইমান উখল মাখল হৈছে যে একো শুনিব নোৱাৰা হৈছোঁ।

আঁচলৰ ধন (অতি মৰমৰ): মোৰ জীয়েকজনী মোৰ বাবে আঁচলৰ ধন।

উৰহীৰ ওৰ ( আচল কথা): উৰহীৰ ওৰ ওলাই পৰাত ঘটনাটো সকলোৱে বুজি পালে।

জয়দেউ কাকূতি (অতি অনুনয়-বিনয়): মানুহজনে কত জয়দেউ কাকূতি কৰিলে, তথাপি তেওঁৰ অন্তৰ নগলিল।

উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন কৰোঁতে হোৱা আলোচনা): উখল-মাখল পৰিৱেশতো বহুতো কথা শিকিব পৰা যায়।

জাকত জিলিকা (অতি সুন্দৰ): ছোৱালীজনী দিনে দিনে জাকত-জিলিকা হৈ উঠিছে।

আশা ভৰসা (আশ্ৰয়): বিপদৰ সময়ত ঈশ্বৰেই একমাত্ৰ আশা-ভৰসা।

মন বান্ধ খা (মন দমা): মন বান্ধ খালেহে কামত সফলতা লাভ কৰিব পাৰি।

ধোদৰ পচলা (এলেহুৱা, অকামিলা): ধোদৰ পচলা হৈ ঘূৰি ফুৰিলে একো কামত নাহে।

হাত লৰ (চোৰ স্বভাৱ): হাত লৰ স্বভাৱৰ মানুহৰ লগত মিতিৰালি পাতিলে নিজৰহে বিপদ।

চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা): চকু চৰহা লোক সদায়ে মানসিক অস্থিৰতাত ভোগে।

কাণে কাণ মাৰি (কোনোমতে, কথমপি): পৰীক্ষাত সি কাণে কাণ মাৰি উত্তীৰ্ণ হোৱাত ভাল কলেজত নামভৰ্তি কৰিব অসুবিধা পাই আছে।

জাকত জিলিকা ( বিখ্যাত, নামজলা): মহাত্মা গান্ধী এগৰাকী জাকত জিলিকা নেতা।

ডলাৰ বগৰী (ঘনাই মত বা বাসস্থান সলোৱা মানুহ): ডলাৰ বগৰীৰ দৰে হ’লে একো কামত নাহে।

বগলী ভকত (মিছলীয়া সাধু): সম্প্ৰতি বগলী ভকতৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে।

গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ): হাত থকা মানুহৰ ওচৰত গাই বাই চালেও টকা পইচা নিদিলে চাকৰি পোৱাৰ আশা নাই।

উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন কৰোঁতে হোৱা আলোচনা): বিয়া পাতিবলৈ লোৱাত ঘৰখনত উখল মাখল লাগি পৰিছে।

কুন্দত কটা (ধুনীয়া, নিপোটল): ছোৱালীজনী ইমান ধুনীয়া যেন কুন্দত কটাহে।

আকাশ কুসুম (মনৰ মিছা কল্পনা): আকাশকুসুমত সময় কটায় কোনো লাভ নাই।

পানীৰ তলৰ কাঁইট (গোপন শত্ৰু): আমি সকলোৱে পানীৰ তলৰ কাঁইটক চিনিব পৰাকৈ বুদ্ধিমান হ’ব লাগে।

বিনা মেঘে বজ্ৰপাত (অভাৱনীয় ভাৱে, অকস্মাৎ বিপদ অহা): আমন-জিমনকৈ (মনমৰা) : বেয়া খবৰটো পাই সি আমন-জিমনকৈ বহি আছে।

উলহ মালহ (আনন্দ উৎসৱ সহ): বহু দিনৰ মূৰত ল’ৰাজন ঘৰলৈ ঘূৰি অহাত ঘৰখনত এক উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে।

ডলাৰ বগৰী (ঘনাই মত বা বাসস্থান সলোৱা মানুহ): সৰু সৰু ল’ৰা-ছোৱালীবিলাক গোটেই দিনটো ডলাৰ বগৰীৰ দৰে ঘূৰি থাকে।

পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : পানীৰ তলৰ কাঁইটে ক’ত কি বিপদ ঘটায় ক’ব নোৱাৰি।

চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা) : আনৰ চকুৰ কুটা দাঁতৰ শাল হৈ লাভ নাই।

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

জতুৱা ঠাঁচ আৰু খণ্ডবাক্য – বাক্য ৰচনা – খণ্ড ৪

অমাতৰ মাত (শুৱলা মাত )—অমাতৰ মাত বুলিলে শিশুৰ মাতক বুজায় ।

অলপ ধতুৱা (সামান্য সাহ)—অলপ ধতুৱাই জীৱনত উন্নতি কৰিব নোৱাৰা।

অজৌ গছৰ বজৌ গুটি (অতি দুষ্ট)—কনকক এক নক’বা, সি আজৌ গছৰ বজৌ গুটি।

আহুকাণে-পহুকাণে (ইকাণে-সিকাণে)—আহুকাণে-পহুকাণে শুনিলো যে তুমি বিয়া পাতিলা।

আঁঠুৱাৰ তলৰ মহ (অধীন লোক)—নবী খুৰায়েকৰ আঁঠুৱাৰ তলৰ মহ।

আলপৈচান ধৰ (সেৱা-শুশ্ৰূষা কৰা)—গুৰুজীক আলপৈচান ধৰিবি।

আপোন পেটা (স্বাৰ্থপৰ)— আপোন পেটা ডেকাচামৰ দ্বাৰা সমাজৰ লাভ নহ’ব?

আঁকোৰ-গোজালি (একেটা কথাতে লাগি থাক)—তপন এজন আঁকোৰ-গোজালি স্বভাৱৰ ল’ৰা ।

আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা)—কমল আকাশত চাং পতা ল’ৰা।

আলাসৰ লাড়ু (অতি মৰমৰ)—সন্তান-সন্ততি মা-দেউতাকৰ আলাসৰ লাড়ু।

আলৈ-আথানি (অৱহেলিত, নিৰাশ্ৰয়)—দেউতাক ঢুকাবৰে পৰা ল’ৰা-ছোৱলীকেইটাৰ আলৈ-আথানি হ’ল।

আঁচলৰ ধন (অতি আদৰৰ)—নমিতা তাইৰ মাকৰ একমাত্ৰ আঁচলৰ ধন।

আলৈ-বিলৈ (দুখ-দুৰ্গতি )— পিতৃহীন হোৱাৰ পৰা ল’ৰাকেইটাৰ আলৈ-বিলৈ হ’ল।

আঁঠু ল (সেৱা কৰ)—বয়োবৃদ্ধ লোকক আঁঠুলৈ আশীৰ্বাদ ল’ব লাগে।

আঁঠু কাঢ় (আঁঠুৰে বুল বা খোজ কাঢ়)—শিক্ষকে দুষ্ট ছাত্ৰক আঁঠু কাঢ়াই থয়।

আমা-ডিমা (নিচেই সৰু)—আমা-ডিমা ল’ৰা কেইটাই তাতে বহি আছে।

ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা)—চাকৰিটো পাই তাই ঊনৈশত বা বলিবলৈ ল’লে।

উলহ-মালহ (অতিশয় আনন্দ)—উৰুকাৰ দিনাই ল’ৰাকেইটাৰ উলহ-মালহ লাগিল।

এলা-পেচা (সামান্য)—ৰাম এলা-পেচা লোক নহয়।

এলাই বাদু (অকাজী)—এলাই বাদু ছোৱালীক কোনও ভাল নাপায় ।

ওভতগোৰে নাচ (বৰ দুষ্টালি কৰ)—সি ইয়ালৈ আহি ওভতগোৰে নাচিবলৈ ল’লে।

কাণ পাত (শুনিবলৈ সাজু হ)—শিক্ষকে কি কৈছে, কাণ পাতি শুনা।

কাণ চোৱাই থ (মনত ৰাখিবলৈ কোনো কথা জনাই থ )—নগেনৰ দুষ্টালিৰ কথাটো তোমাক কাণ চোৱাই থলো।

কঁকালত টঙালি বান্ধ (কামলৈ সাজু হ)—লাচিত বৰফুকনে কঁকালত টঙালি বান্ধি মোগলৰ বিৰুদ্ধে থিয় দিছিল।

কাণ সৰালি মাৰ (নুশুনাৰ ভাও জোৰ)—তুমি কাণ সৰালি মাৰি নাথাকিবা।

কপাল মুকলি হ (ভাগ্য উদয় হ)—চাকৰিটো পোৱাৰ লগে লগে মধুৰ কপাল মুকলি হ’ল।

কপালৰ ঘাম মাটিত পেলা (কঠোৰ পৰিশ্ৰম কৰা)—কৃষকে কপালৰ ঘাম মাটিত পেলাইহে দুবেলা দুমুঠি খাব পাৰে।

কাণ কৰ (মনোযোগ দে)—গুৰুজীৰ কথালৈ কাণ কৰিবা।

কাণত ধৰি ক (শপত খাই ক)—তুমি কাণত ধৰি ক’লেও তোমাৰ কথাটো আমি বিশ্বাস নকৰো।

কাণ সমনীয়া (ডেকা)—কাণ সমনীয়া হৈয়ো অকনে নিজৰ দায়িত্ব নুবুজে !

কাণ বাগৰা (লোকৰ মুখে শুনা)—কাণ বাগৰা কথাত আমি বিশ্বাস নকৰো।

কাঠ চিতীয়া (নিষ্ঠুৰ, নিৰ্দ্দয়)—কাঠ চিতীয়া লোকৰ পৰা কোনো সহায় নাপাবা।

কাঠ-বাঁজী (একেবাৰে সন্তান নোহোৱা তিৰোতা)—কাঠ-বাঁজীজনী এইবাৰ বছৰ বয়সত ঢুকাল।

কণাৰ লাখুটি (একমাত্ৰ সহায়)—একমাত্র নাতিনীজনীয়েই বুঢ়াটোৰ কণাৰ লাখুটি।

কথা চহকী (বেছিকৈ কথা কোৱা লোক)—ৰজনী এজন কথা চহকী লোক।

বুকু ডাঠ (সাহসিয়াল)—আমাৰ বুকু ডাঠ ল’ৰাবোৰৰহে প্ৰয়োজন।

কাঠ সংস্কাৰ কৰ (মৰা শ খৰি দিয়া)– আমি নগেনৰ কাঠ সংস্কাৰ কৰিলো ।

খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা)— খাই পাত ফলা লোকৰ পৰা সাৱধানে থকাই শ্ৰেয়।

গা টঙা (নৰিয়াৰ পৰা উঠা)—গাৰ্গীয়ে বহু দিন কষ্ট ভোগ কৰাৰ পিছতহে গা টঙালে।

গা চাই ফুৰ (সাৱধান হৈ ফুৰ)—আচহুৱা ঠাইত গা চাই ফুৰিবি।

গাই বাই চা (যত্ন কৰি চা)—কোনো কাম এবাৰত নোৱাৰিলে আকৌ গাই বাই চাব লাগে।

ঘৰ পাত (বিয়া কৰ)—সি যোৱা মাহত ঘৰ পাতিলে।

ঘৰ গোনা (সদায় ঘৰতে বহি থকা)—ঘৰ গোনা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে।

চকু মুদ (মৃত্যু হোৱা)—ৰয়চম গোস্বামীয়ে বহু দিন কষ্ট কৰি অৱশেষত চকু মুদিলে।

চকুৰ কুটা (অপ্ৰিয় শত্ৰু)—ৰাকেশ সকলোৰে চকুৰ কুটা।

চকুত ধূলি মাৰ (ফাঁকি দিয়া)—অকনে চকুত ধূলি মাৰি মোৰ পৰা দহ টকা সৰকালে।

চকু চৰহা (লোকৰ ভাল দেখিব নোৱাৰা)—চকু চৰহা লোকক কোনেও ভাল নাপায়।

চকু মুদা কুলি (প্ৰৱঞ্চক)— আদিত্য এজন তেওঁ চকু মুদা কুলিহে।

চকুৰ মণি (অতি আদৰৰ)—বৰুৱা সকলোৰে চকুৰ মণি।

চকুত লগা (ধুনীয়া, মৰম লগা)— কি যে চকুত লগা বাৰীখন বনালা!

মুখৰ ছাই গুচা (মৃতকৰ শ্ৰাদ্ধাদি কৰি শুচি হ)—আমি কেতিয়াৱাই ককাৰ মুখৰ ছাই গুচাই উঠিলো।

মুখৰ ওপৰত ক (ভয় নকৰি সন্মুখতে কথা ক)—ডাঙৰৰ মুখৰ ওপৰত কথা ক’ব নালাগে।

হাতত সাৰে ভৰিত সাৰে (মনে মনে, গোপনে)—সিদ্ধাৰ্থই হাতত সাৰে ভৰিত সাৰে প্ৰসাদৰ পৰা ওলাই গৈছিল ।

হাত দীঘল (ক্ষমতাশালী)—ইন্দিৰা গান্ধী এজনী হাত দীঘল নেতা আছিল।

হাত লৰ (চোৰ স্বভাৱৰ)—তোমাৰ হাত লৰ স্বভাৱটো এৰি দিয়া।

হাত সাবটি থাক (কামত প্রবৃত নোহোৱাকৈ থাক)— হাত সাবটি বহি নাথাকিবা।

হাত টান (কৃপণ)—দীপাৰ এজনী হাত টান ছোৱালী।

পেট ভাটৌ (প্ৰকাশ নকৰি পেটত কথা লুকাই ৰাখি থোৱা মানুহ)— তেওঁক প্ৰশ্ন কৰি লাভ নহ’ব সি পেট ভাটৌহে।

পেটে ভাতে খা (সঞ্চয় কৰিব নোৱাৰি কোনো মতে খাই বৈ থকা)— আমি কোনো মতে পেটে ভাতে খাই আছো।

পেটত হাত ভৰি লুকা (বৰকৈ ভয় পা)—সিংহটো চাইয়েই ল’ৰাটোৰ পেটতে হাত ভৰি লুকালে।

ভাতৰ ভতুৱা (অকামিলা)—ৰমেনৰ দ্ধাৰা কোনো কাম নহ’ব, সি ভাতৰ ভতুৱাহে।

মাটিৰ মানুহ (অতি সহজ সৰল লোক)—কৰিম এজন মাটিৰ মানুহ।

হাড়ত বন গজা (বহুত দিন আগেয়ে মৰা)—ককাৰ হাড়ত বন গজিল।

হাড়ক মাটি কৰ (কঠোৰ পৰিশ্ৰম কৰ)—কৃষকে হাড়ক মাটি কৰি পথাৰত কাম কৰে।

হাড় পেলা (মৃত্যু হ)—ভূপেন হাজৰিকাই কেতিয়াবাই হাড় পেলালে।

হাড়ে ছালে লগা (ক্ষীণ, দুবৰ্বল)—এই হাড়ে ছালে লগা ল’ৰাটোৰ যত্ন ল’বা ।

ভৰি নচুৱাই থাক (কাম বন নকৰি বহি থাক)—ভৰি নচুৱাই থাকিলে নহ’ব কিবা এটা কৰিব লাগিব ।

গাখীৰতে ম’ৰ খুটি (মহা সুখ)—সি চাকৰিটো পাই গাখীৰতে ম’হৰ খুটি যেন পালে।

গোট গৰু (মূৰ্খ)—তাইক বুজাই লাভ নাই, সি গোট গৰু।

চকুত সৰিয়হ ফুল দেখা (বৰ বিমোৰত পৰা)—দেউতাক মৰাৰ পিছত সি চকুৱেদি সৰিয়হৰ ফুল দেখা আৰম্ভ কৰিলে।

চুক ভেকুলী (একো নজনা)—হিৰেনএজন চুক ভেকুলী।

ডাল দৰিদ্ৰ (অতি দুখীয়া)— ডাল দৰিদ্ৰক সহায় কৰিব লাগে ।

ডলাৰ বগৰী (সঘনে ঠাই সলোৱা মানুহ)—ভূপেন এজন ডলাৰ বগৰীহে।

ঢৌতে খৰ মাৰি (ব্যস্ততাৰ মাজত সময় উলিয়াই)—বা বহু ব্যস্ততাৰ মাজত ঢৌতে খৰ মাৰি তোমাৰ কামটো কৰিলো।

থৈয়া-নথৈয়া (ভয়ানক)—পানীপথ নাম ঠাইত ইব্রাহিম লোডী আৰু বাবৰৰ মাজত থৈয়া-নথৈয়া ৰণ হৈছিল।

দোপত দোপে (ক্ৰমে ক্ৰমে)—সি ব্যৱসায়ত দোপত দোপে উন্নতি কৰিবলৈ ল’লে।

দুখে কুলাই-পাচিয়ে নধ’ৰা (অতিশয় দুখ হোৱা)—দেউতাকৰ মৃত্যু হোৱাত ল’ৰাহঁতৰ দুখে কুলাই পাচিয়ে নধ’ৰা হ’ল।

চুঙাৰ বাদুলি (অনভিজ্ঞ মানুহ)—চুঙাৰ বাদুলি হৈ ৰাজনীতিলৈ মন নেমেলিবা দেই ।

চিলিম ছিগ (উপায় নাইকীয়া হ)—চাকৰিটো হেৰালত ডেভিডৰ চিলিম ছিগিল।

টুপাই বুৰ মাৰ (সমূলি মিছা মাত)—খবৰটো সোধাত সি টুপাই বুৰ মাৰিলে।

ধোঁৱা-খুলীয়া (অতিপাত খৰচী)—ললিতা এজনী ধোঁৱা-খুলীয়া ছোৱালী ।

ধোদৰ পচলা (অকামিলা)—ধোদৰ পচলাই জীৱনত উন্নতি কৰিব নোৱাৰে।

নপতা ফুকন (নিজকে নিজে ডাঙৰ বুলি ভবা)—ৰাকেশ নপতা ফুকন হৈ বহি আছে।

নিমাও মাও (মাত বোল নোহোৱা)—নিমাও মাও হৈ বহি আছা কিয়?

নলে-গলে লগা (অতি ঘনিষ্ট, পৰম)—ৰাম আৰু ৰহিম নলে-গলে লগা বন্ধু।

নলঙা জেঙাত লাগ (অযথা মূৰ পাতি ল)—কৰিমে নলঙা জেঙাত লাগি বহুত অসুবিধাৰ সন্মুখীন হ’ল।

মূৰত সৰগ ভাগি পৰ (ঘোৰ বিপদত পৰা)—চাকৰিটো হেৰালত তাইৰ মূৰত সৰগ ভাগি পৰিল।

সান্দহ খোৱা বালি তল যা (সুবিধা সমূলি নাশ হোৱা)—এইবাৰ দালালৰ সান্দহ খোৱা বালি তল পৰিল।

ফুটুকাৰ ফেন (অস্থায়ী, অথলে যোৱা)—তেওঁৰ সকলো প্ৰচেষ্টা ফুটুকাৰ ফেনত পৰিণত হ’ল।

বিধি পথালি দিয়া (বাধা দিয়া)—কামত বিধি পথালি নিদিবা।

বিনা মেঘে বজ্ৰপাত (অকস্মাৎ বিপদ)—মাকৰ মৃত্যুৰ খবৰ পৰিয়ালটোৰ কাৰণে বিনা মেঘে বজ্ৰপাতৰ দৰে হ’ল।

বগলী ভকত (বাহিৰে সাধু ভিতৰে অসৎ)—আমি বগলী ভকতৰ পৰা সাৱধানে থাকিব লাগে ।

বাপতি সাহোন (পৈত্ৰিক সম্পতি)—বিহু উৎসৱটি অসমীয়াৰ বাপতি সাহোন।

মৰণত শৰণ দি (প্ৰাণ পণে)—ইব্রাহিম লোডীয়ে পানীপথৰ যুদ্ধত মৰণত শৰণ দি যুঁজিছিল যদিও পৰাজিত হয় ।

হৰিভৰ দিয়া (সন্মতি দিয়া)—তোমাৰ সিদ্ধান্তত সদায়ে আমি হৰিভৰ দি আহিছো।

পানীৰ মিঠৈ (কাল্পনিক কথা)—তাইৰ পানীৰ মিঠৈয়ে আমাক ভুলাব নোৱাৰে।

পাবত গজা (মূল নোহোৱা)—সমাজত পাবত গজা নেতাৰ অভাৱ নাই।

পোতক তোল (প্ৰতিশোধ লোৱা)—এইবাৰ ৰাকেশে তোমাৰ অসভ্যালিৰ পোতক তুলিব।

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

জতুৱা ঠাঁচ আৰু খণ্ডবাক্য – বাক্য ৰচনা – খণ্ড ৫

১) গোট গৰু: (মহা মূৰ্খ)- সি এটা গোট গৰু।

২) জাকত জিলিকা: (চকুত লগা)- জাকত জিলিকা গাঁওখন সকলোৰে প্ৰিয়।

৩) চিকা চন্দা: (ভাল বেয়াৰ বিচাৰ কৰা)- এনেকৈ চিকা চন্দাকৈ থাকিলে কি হ’ব!

৪) চাউল উঠ: (জীৱিকা বন্ধ হোৱা)- ৰমেনৰ এইবাৰ চাউল উঠিল।

৫) ছলাহ-মলাহ: (ফাকি-ফুকা দি ফুৰা)- তাৰ ছলাহ মলাহ কথাত কোনেও ভোল নাযায়।

৬) ছাল বাকলি নোহোৱা: (সম্বল নথকা)- এইবাৰ বানপানীত তাৰ ছাল বাকলি গ’ল।

৭) জধা মূৰ্খ: (মহা মূৰ্খ)- মহেন্দ্ৰ এজন জধা মূৰ্খ লোক।

৮) জয়-জয় ময়-ময়: (ভাল অৱস্থা)- প্ৰাচীন ভাৰতৰ জয়-জয় ময়-ময় অৱস্থা আছিল।

৯) জয় ঢোল কোবোবা: (বেছিকৈ প্ৰকাশ কৰা)- সি পাছ কৰা কথাটো কৈ জয় ঢোল কোবাব ধৰিছে।

১০) আঁঠুৱাৰ তলৰ মহ: (দুৰ্বল শত্ৰু)- সি এতিয়া আঁঠুৱাৰ তলৰ মহ।

১১) অজৌ গছৰ বজৌ গুটি: (অতি দুষ্ট)- সি অজৌ গছৰ বজৌ গুটি।

১২) উনৈশত বা বলা: (বিলাস আৰু আনন্দত ঘূৰি ফুৰা)- গাড়ীখন পাই তাৰ উনৈশত বা বলিছে।

১৩) উভত গোৰে নচা: (অত্যাচাৰ কৰা)- টকা হ’লেই উভয় গোৰে নাচিব নালাগে।

১৪) এলাই বাদু: (কোনো কামৰ নোহোৱা)- তাৰ দৰে এলাই বাদু মোক নালাগে।

১৫) এৰা-ধৰা: (আপোচমূলক)- এৰা-ধৰাকৈ চলিম।

১৬) পোটক তাল: (প্ৰতিশোধ লোৱা)- এইবাৰ তাৰ পোটক তুলিহে এৰিম।

১৭) পেপুৱা লাগ: (বিবুদ্ধি হোৱা)- বাঘটো দেখি তাৰ পেপুৱা লাগিল।

১৮) বিনামেঘে বজ্ৰপাত: (অকস্মাৎ হোৱা দুখ)- বাতৰিটো পাই তাৰ বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ’ল।

১৯) বাপতি-সাহোন: (পৈত্ৰিক সম্পত্তি)- এই সা-সৰঞ্জামবোৰ মোৰ বাপতি সাহোন।

২০) ভিকচান ভাগ: (জীৱিকাৰ পথ নাইকীয়া কৰা)- দোকানখন উঠাই দিয়াত তাৰ ভিকচান ভাগিল।

২১) ধোদৰ পচলা: (এলেহুৱা)- সি এটা ধোদৰ পচলা।

২২) নলে-গলে লগা: (পৰম বন্ধু)- হৰি আৰু মধু একেবাৰে নলে-গলে লগা।

২৩) নলগা জেঙাত লাগ: (অযথা মূৰপাতি লোৱা)- সি নলগা জেঙাত লাগি ভাল পায়।

২৪) নগুৰ-নাগতি: (কষ্ট পোৱা)- এইবাৰ ইলেকছনত বৰ নগুৰ নাগতি হ’লো।

২৫) নপতা ফুকন: (নিজে নিজে ডাঙৰ হোৱা)- এই নপতা ফুকনক কোনে মাতিছে।

২৬) ডলাৰ বগৰী: (এনেয়ে ঘূৰি ফুৰা)- সি এটা ডলাৰ বগৰী।

২৭) ডাল দৰিদ্ৰ: (অতি দুখীয়া)- ডাল দৰিদ্ৰৰ কোনোদিনে সুখ নাই।

২৮) ঠেৰু ছিগা: (নিৰাশ্ৰয়)- সি এতিয়া ঠেৰু ছিগা মানুহ।

২৯) টাটক নাটক: (লগনীয়া)- এনে ধৰণৰ টাটক নাটক কথা ক’লে কোনে বিশ্বাস কৰিব।

৩০) টেঁটুৱা খা: (ডিঙিত চেপা খোৱা)- সি টেঁটুৱা খাই কোনো মতেহে বাচিল।

Tag:Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam, খণ্ডবাক্য, জতুৱা ঠাঁচ, বাক্য ৰচনা

  • Share:
ScientiaTutorials.in

Scientia Tutorials, established in 2007 in Dispur, Guwahati (Assam), is a trusted provider of home tuition, online tutoring, and e-learning courses. With a strong focus on school-level education, we connect students from Classes I to XII with qualified male and female tutors across all subjects.

Founded by Mr. Prasanta Jyoti Saikia (M.Sc., Gauhati University), Scientia Tutorials operates as a registered micro-enterprise in Assam’s education sector. Guided by the values of integrity and responsibility, our mission is to provide verified, reliable tutors and effective learning support to students across the state.

Previous post

ASOMIYA BHASHA JOGOT SOBHALOI JABO অসমীয়া ডেকাৰ উক্তি লেখক: জ্যোতিপ্ৰসাদ আগৰৱালা
26/02/2023

Next post

DAKAR BACANA ডাকৰ বচন
26/02/2023

You may also like

ASSAMESE SATHAR অসমীয়া সাঁথৰ
26/02/2023

অসমীয়া সাঁথৰ – খণ্ড ১ অসমীয়া সাঁথৰ – খণ্ড ২ …

ASSAM HISTORY অসম বুৰঞ্জী
26/02/2023

(১) অসমৰ আটাইতকৈ প্ৰাচীন নাম কি ? উত্তৰ : প্ৰাগজ্যোতিষপুৰ …

ASSAMESE SYNONYMS অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ
26/02/2023

অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ | SYNONYMS IN ASSAMESE – …

Login with your site account

Lost your password?

Not a member yet? Register now

My Account

  • My account
  • My Cart
  • Checkout

Search

Course Filter

Categories
9
9
23
21
9
9
11
1
13
1
2
20
1
3
Close

Featured Courses

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 9 Mathematics – MCQs with Answers and Explanations

CBSE Class 9 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 8 Mathematics – MCQs with Answers and Explanations

CBSE Class 8 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 7 Mathematics – MCQs with Answers and Explanations

CBSE Class 7 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 6 Mathematics – MCQs with Answers and Explanations

CBSE Class 6 Mathematics – MCQs with Answers and Explanations

₹50.00
Go to Courses

Social Media Link

  • Facebook
  • Twitter
  • Google Plus
  • LinkedIn
  • Pinterest
  • Instagram
  • Youtube

© 2026 Scientia Tutorials. All Rights Reserved.

  • About Us
  • Contact Us
  • Privacy Policy
  • Terms of Use
  • Terms and Conditions
  • Buy Online Courses

Login with your site account

Lost your password?

Not a member yet? Register now

Register a new account

Are you a member? Login now

HomeCourses
Search

Search

    Account
    Articles ShopCart