Scientia-Tutorial
  • Categories
    • Sitemap
    • About Us
    • Contact Us
    • Join as a Teacher
    • Join as a Student
    • Find Students
    • Find Tutors
    • Course Categories
    • Study Materials
    • All Categories
    • Syllabus
  • Blogs
  • Events
  • Join as a Student
  • Become a Teacher
  • Courses
  • 0 items₹ 0
Login
  • Home
  • Blogs
  • STUDY MATERIALS
  • ASSAMESE LITERATURE অসমীয়া সাহিত্য

ASSAMESE LITERATURE অসমীয়া সাহিত্য

DAKAR BACANA ডাকৰ বচন

  • Posted by ScientiaTutorials.in
  • Date 26/02/2023
  • Categories ASSAMESE LITERATURE অসমীয়া সাহিত্য
  • Tags Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam, ডাকৰ বচন

ডাকৰ বচন – খণ্ড ১
ডাকৰ বচন – খণ্ড ২
ডাকৰ বচন – খণ্ড ৩
ডাকৰ বচন – খণ্ড ৪
ডাকৰ বচন – খণ্ড ৫
ডাকৰ বচন – খণ্ড ৬
ডাকৰ বচন – খণ্ড ৭
ডাকৰ বচন – খণ্ড ৮
ডাকৰ বচন – খণ্ড ৯
ডাকৰ বচন – খণ্ড ১০
ডাকৰ বচন – খণ্ড ১১
ডাকৰ বচন – খণ্ড ১২
ডাকৰ বচন – খণ্ড ১৩
ডাকৰ বচন – খণ্ড ১৪
ডাকৰ বচন – খণ্ড ১৫
ডাকৰ বচন – খণ্ড ১৬
ডাকৰ বচন – খণ্ড ১৭
ডাকৰ বচন – খণ্ড ১৮

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ১

(১) ঔসচ বাঝে মঙ্গল্য কৰি ।
সূৰ্যক দেখাইবা নয়ন ভৰি ।
ব্যাখ্যা- অশৌচ যোৱাৰ পিছত মাঙ্গলিক কার্যাদি সম্পন্ন কৰি নৱজাতকক বাহিৰলৈ আনি সূৰ্য্যক দেখুৱাব লাগে (সূৰ্য্যশুদ্ধি)।

(২) সিজনে পাৰে জদি ইন্দ্রিয় জিনিত।
তেবে বিন্ধ্যাগিৰি পাৰে সাগোৰ তৰিত।
ব্যাখ্যা- যিজনে দধি-দুগ্ধ আৰু শালি ধানৰ অন্ন ভোজন কৰে আৰু তেওঁ যদি নিজ ইন্দ্রিয়াদিক দমন কৰিব পাৰে তেন্তে তেওঁ অনায়াসে বিন্ধ্য পর্বত আৰু সাগৰ অতিক্ৰম কৰিব পাৰে অর্থাৎ দুষ্কৰ কাৰ্যত সিদ্ধি কৰিব পাৰে।

(৩) ভেদ দণ্ড সাম দান।
চাৰি ৰুপে ন্যায়ক জান।
ব্যাখ্যা- ন্যায়ৰ মূল ভিত্তি ভেদ অর্থাৎ শত্রু বশীকৰণৰ উপায়; দণ্ড অর্থাৎ শাস্তি, শিক্ষা, দমন আৰু শাসন, সাম অর্থাৎ সন্ধি আৰু দান অর্থাৎ ত্যাগ-বিসর্জন ।

(৪) যেবে জসি জস বখানে আনে।
তেবেসে গৃহস্ত আটি খাই ধানে।
ব্যাখ্যা- সেইজনেই যশস্বী ব্যক্তি যাৰ যশ আনে প্রশংসা কৰে আৰু সেইজনেই প্রকৃত গৃহস্থ যিজনে ঘৰৰ ধানেৰে বছৰটো খাব পাৰে ।

(৫) সৰ্ব্ব গুনিয়াক ভাতে নাটে।
দুষ্ট পুত্র জাৰ নিতে কান্দে ।।
ব্যাখ্যা- সর্ব গুণযুক্ত লোকক অর্থাৎ সর্ব গুণীয়াক কোনো দিনে ভাতে নাটে আৰু যি মাক বাপেকৰ পুত্ৰ দুষ্ট তেওঁলোকে সদায় চকুলো টুকিব লগা হয়।

(৬) অপোচ পাত্র নোহে ভাল।
দন্ত খসিলে কিলৰ গিতাল ।।
ব্যাখ্যা- যি বিষয়া বা মন্ত্ৰীয়ে সুধি মেলি প্ৰশাসনীয় কাম নকৰে তেওঁক ভাল বুলিব নোৱাৰি তেনেদৰে দাঁত সৰাজন কেতিয়াও গীতাল অর্থাৎ গায়ক হব নোৱাৰে।

(৭) ৰান্ধন সালত যাৰ নাবাজিল পটা।
স্নানৰ সময়ত জাৰ নভৈল ফোটা।।
সিত কালত যাৰ নাহিকে বস্ত্ৰ।
যুদ্ধ সময়ত নাহিকে অস্ত্ৰ।।
যজ্ঞ অৱসানে নাহি দক্ষিনা।
বোলন্ত ডাকে পাচো বিড়ম্বনা ।
ব্যাখ্যা- যি ৰান্ধনী ঘৰত ভাত ৰন্ধাৰ সময়ত পটাত মচলা বটাৰ শব্দ নহয়, স্নানৰ পিছত যিজনে ফোটা নলয়, শীত কালত গাত ল’বলৈ যাৰ কাপোৰ নাই, অস্ত্র-শস্ত্র নোহোৱাকৈ যুঁজ কৰিবলৈ যোৱা কাৰ্য্য আৰু যজ্ঞৰ সমাপ্তিত দক্ষিণা নোহোৱা— এই পাঁচোবিধ কাৰ্যই বিড়ম্বনা মাথোন ।

(৮) জুইক দৃষ্টি সূৰ্যক পিঠি।
কৰাই মুঠি মাহ গুটি।
ব্যাখ্যা- জুই পুৱাব লাগে জুইকুৰা সমুখত ৰাখি, সূৰ্যৰ ফালে পিঠি দি ৰ’দ লব লাগে। মুঠি মাৰি কৰাই খাব লাগে আৰু মাহৰ চেই এটি এটিকে খাব লাগে।

(৯) সকলে নিলে কিহৰ নিয়া।
পাছে পাসে কিহৰ বিয়।।
ব্যাখ্যা- বলী আৰু নিৰ্বলীৰ মাজত সম্পর্ক নিষ্ফল । পঞ্চাশ বছৰীয়া দৰাৰ লগত পাঁচ বছৰীয়া কন্যাৰ বিয়াও সেইদৰে নিস্ফল।

(১০) নিধনি ককা বেঙ্গেনা পকা।
দৰিদ্ৰৰ সোদৰ ভাই।
ব্যাখ্যা- দুখীয়া ককাই (বা ককা/আতা), পকা বেঙেনা আৰু দৰিদ্ৰজনৰ সহোদৰ ভাইৰো কোনো মূল্য নাই।

(১১) কেসৰি নষ্ট গেল টিপচিক পুসি।
মানুহ নষ্ট গেল অন্যোন্যে দুসি।।
ব্যাখ্যা- পোহনীয়া টিপচি চৰাই এটিয়ে সিংহক বিপদত পেলাইছিল, মানুহেও পৰস্পৰে পৰম্পৰক দোষাৰোপ কৰি বিপদত পৰে ।

(১২) মহ বামুন বৰা। পানি নাপালে তিনিও মৰা।।
চাগ চাএ চাই।
বৰুসন হলে তিনিকো নাপাই।।
ব্যাখ্যা- ম’হ , বামুণ আৰু গাহৰি — এই তিনিৰো বাবে পানী অপৰিহাৰ্য। বৰষুণ দি থকা অৱস্থাত ছাগলি , ছাঁ আৰু ছাই বাহিৰত পোৱা নাযায়।

(১৩) আসাঢ়ৰ নৱমী শুক্লপক্ষত। যদি বৰিসে ভুমি তলত।।
হাল তুল বেচি চিন্তিয়ো দেৱ।
ৰাজ গৃহত কৰিয়ো সেৱ।।
ব্যাখ্যা- আহাৰ মাহৰ শুক্ল পক্ষ নবমী তিথিত বৰষুণ হলে সেই বছৰত খেতি-বাতি নহয়। গতিকে খেতিৰ আশা এৰি ৰাজসেৱা কৰা উচিত।

(১৪) চৈত্ৰৰ চতুৰ্দসি যদি সমতুল।
ডাকে বোলে বর্ষা হোৱে বহুল।।
ব্যাখ্যা- যি বছৰত চ’ত মাহত দুটা চতুর্দশী তিথি পৰে সেই বছৰত বৰকৈ বৰষুণ হয়।

(১৫) তিথি বৃদ্ধিয়ে শস্যক নাসে।
ঋক্ষ বৃদ্ধিয়ে তিল নাসে।
ব্যাখ্যা- যি বছৰৰ কোনো এটি মাহত তিথিৰ সংখ্যা বেছি হয় সেই বছৰতে খেতি-বাতি নষ্ট হয় আকৌ তেনেদৰে নক্ষত্ৰৰ বৃদ্ধিয়ে তিলৰ খেতি নষ্ট কৰে।

(১৬) উদয়ে সিন্দুৰ পচিমে কালা।
তেবে জানা বহু বাৰিষাৰ মালা ।।
ব্যাখ্যা- যি বছৰত সেন্দুৰৰ দৰে ৰঙা হৈ সূৰ্য উদয় হয় আৰু পাটত বহাৰ সময়ত ক’লা হয়— সেই বছৰত দুৰ্ঘোৰ বাৰিষা হয়।

(১৭) ধনু মিন কন্যা তৰনিৰ বাস।
হাথি ঘোড়া গৰু মানুহ নাস।।
ব্যাখ্যা-যি বছৰত ধনু, মীন আৰু কন্যা ৰাশিত আদিত্য থাকে সেই বছৰত হাতী, ঘোঁৰা, গৰু, মানুহ আদি মৰি দেশত হাহাকাৰৰ সৃষ্টি কৰে।

(১৮) তুলা কৰ্কট মেষ মকৰ।
এই চাৰি ৰাশি গ্ৰহৰ সাগৰ।।
ব্যাখ্যা- জন্ম কুণ্ডলীৰ তুলা, কর্কট, মেষ আৰু মকৰ ৰাশিৰ ঘৰক গ্রহৰ সাগৰ বোলে।

(১৯) শুক্ৰ গুৰু চান্দ বাৰক চাই।
পঞ্চ ৰেখা আগে কৰিব জাই।।
ব্যাখ্যা- শুক্রবাৰ, বৃহস্পতিবাৰ আৰু সোমবাৰ প্ৰথম হ’ল কৰ্ষণৰ বাবে প্ৰশস্ত দিন ।

(২০) সাতে পাতাল পাচে ঘন।
চয়ে তামোল নন্দন বন্দন ।।
ব্যাখ্যা- সাত হাতৰ আঁতৰে আঁতৰে তামোল ৰোপণ কৰিলে পাতল হয় আৰু পাঁচ হাৰ আঁতৰে আঁতৰে তামোল ৰুলে ঘন হয়। ছয় হাতৰ আঁতৰে আঁতৰে তামোল ৰোৱা উচিত।

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ২ – বিভিন্ন বিষয়ৰ

যদি বৰিসে জল ধাৰে।
কি কৰিব তাক গণিতি কাৰে॥

তথাপিতো তিথি বাৰক চাই।
ডাকে বোলে কিচো বোলা জাই॥

আসাঢ়ৰ নৱমি শুক্ল পক্ষত।
যদি বৰিষে ভূমি তলত॥

হাল ফাল বেচি চিন্তিয়ো দেৱ।
ৰাজ গৃহত কৰিয়ো সেৱ॥

যদি বৰষে জলৰ কণা।
ৰঙ্গ কৰি নাচে কৃষক জনা॥

বোলন্ত ডাকে ঢিল মাটি পাই।
কান্ধে নাঙ্গাল ধৰিয়া যাই॥

মেঘক দেখি হালক বাই।
জানা শস্যৰ লাভক পাই॥

এহাত এমুঠন কলৰ পোত।
তেহে চাবা কলৰ গোট॥

ডাকে বোলে কেনে ধৰণি চহ।
কঠীয়া নাঙ্গল নষ্ট নকৰহ॥

পৌষ মাসে যদি মেঘ গৰ্জন।
মাঘ মাহতে মেঘ সোসন॥

চৈত্ৰত কেন্দু ফল নিৰন্তৰ।
বৈসাগ মাহত পৰে পাথৰ॥

ৰিনি ৰিনি জল পৰে জৈষ্ঠত।
চাৰি মাহ বৃষ্টি হোৱে লোকত॥

চৈত্ৰৰ চতুৰ্দ্দশি যদি সমতুল।
ডাকে বোলে বৰ্ষা হোৱে বহুল॥

তিথি বৃদ্ধিয়ে শষ্যক নাশে।
ঋক্ষ বৃদ্ধিয়ে তিল বিনাশে॥

শ্ৰাৱণ মাসত ৰোহিনি পক্ষত।
যদি নবৰষে দেৱ।

হাল ফাল বেচি কৰ সব লোক।
দেৱি মহাদেৱ সেৱ॥

বাৰিষা কালত বেঙ্গৰ ৰাৱ।
হাল গৰু লৈ পথাৰক যাৱ ॥

মাঘত ৰ’দ বহাগত শীত।
চাৰি মাহে অল্প বৃষ্টি ভূমিত॥

তিনিশ ষাঠী জোপা ৰুবা কল
মাহেকে পষেকে চিকুনাবা তল।
পাত-পচলা লাভত খাবা
লঙ্কাৰ বনিজ ঘৰতে পাবা॥

পূবে ভঁ‌ৰাল, পশ্চিমে গঁ‌ৰাল
উত্তৰে চৰু, দক্ষিণে গৰু।

পূবে গাজিলে জানিবা খৰ
পশ্চিমে গাজিলে মাৰিবা লৰ।
উত্তৰে গাজিলে লুৰিবা খৰি
দক্ষিণে গাজিলে বিচাৰিবা জৰী।।

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ৩ – ৰন্ধন প্ৰকৰণ সম্বন্ধীয়

চিত জেৰোৱা চলি কাতি।
বতা হেঙ্গেৰা খাগৰা মুঠি ॥

স্বাস দীৰ্ঘ কৰি দিবা ফু।
তেহে দেখিবা জুইৰ মু ॥

সোকোতাৰ পাত বেসুয়াৰৰ ঝোল।
তৈলৰ ওপৰে দিয়া তোল ॥

পোৰোলা শাক ৰোহিত মাছ।
ডাকে বোলে সেই ব্যঞ্জন সাচ ॥

মাগুৰ মাছক কচি কুটিয়া।
হালধি মৰিচ হিঙ্গক দিয়া ॥
তৈল লোণ দি কৰিবা পাক।
এই ব্যঞ্জন সাৰ বোলে ডাক ॥

কাৱৈ মাছক কচি কুটিয়া।
হালধি মৰিচ হিঙ্গক দিয়া ॥
ওলোট পালট কৰিবা পিঠি।
খাই পাইবা তেবে দৄষ্টি ॥
( উলট পালট কৰিয়া পিঠ,
খায়া পাবা ভোজন মিষ্ঠ )

চেঙ্গা চেঙ্গলী জামিৰৰ ৰসে।
কাহুদি দিয়া জেবে পৰিসে॥
মুখৰ অৰুচি দূৰক যায়।
আচোক নৰ দেবো মোহ পাই ॥

ইলিহ মাছক কচি কুটিয়া।
ত্ৰিকুট দিয়া তৈল ভাজিয়া ॥
এই বেঞ্জন যি জনে খাই।
আম্ৰৰ সদৄশ মুখ গন্ধাই ॥

কচ বচ চিতলৰ আদ খান।
নেমু লোণ দি বুঝি পৰিমাণ ॥
আকে খাই পাই সন্তোষ প্ৰচুৰ।
আন ব্যঞ্জনক কৰিব দূৰ ॥

চাউল দিবা যেতেক তেতেক।
পানী দিবা তিনি তেতেক ॥
পাগ আহিলে দিবা কাঠি।
তেবে কৰিবা জুই ভাঠি ॥
জেবে নিসিজে চাউল।
তেবে বুলিবা ডাকক বাউল ॥

পকা তেতেলী বুঢ়া বৰালী।
বিস্তৰ কৰি দিবাহা জালি ॥
বাঢ়ি দিবা টেঙাৰ ঝোল।
খাবৰ বেলা মুণ্ড নোতোল ॥

বেল পত্ৰ ঘিলা গমাৰি পাতলা,
গমিয়ৰি মূল পাই৷
কোৱাথ কৰিয়া সলিল ভূঞ্জিয়া,
কফ বাত কৰ ঠাই৷

অষ্টাদশ মূল চপাই আনি,
যথাৱতে লৈব কোৱাথ পানী৷
আক খাইলে যেবে নুগুচে জ্বৰ৷
ডাকে বোলে তেবে আমি পামৰ৷

মাংসত মাং ঘৃতে বাঢ়ে বল৷
দুগ্ধে চন্দ্ৰ বাঢ়ে শাকে বাঢ়ে মল৷

কাক হেনো টেটোন ভাণ্ডিলে কুলা৷
মাংস নষ্ট গৈল ৰান্ধিলে মূলা৷

কেশৰী নষ্ট গৈল তেপসী পুসি৷
মানুহ নষ্ট গৈল অন্যো অন্যে হাসি৷

প্ৰত্যেক দ্ৰব্যৰ লৈয়া প্ৰমাণ৷
কৰা আচৰণ পাইয়া সন্মান৷
এই সৱ কথা হোৱয় যুক্ত৷
জানিবা ডাকেও পাইব মুক্ত৷

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ৪ – প্ৰসুতি প্ৰকৰণ

উপজিয়া ডাক বোলে বাক৷
পোৱাতীক ৰাখি চাবা সুতক৷
ধুৱাই পখলাই ঔ কোলে লৈবা তেবে
ভালে ভালে ফুল পৰিল যেবে৷

জয়ধ্বনি কৰি নাড়ী কাটিবা৷
দৃঢ় আঁটি কৰি গাণ্ঠি বান্ধিবা৷

গোবৰ শুঠি সঠিনি কাঠ৷
সেকিলে যে নাড়ী নহ’ব দাঠ৷

লোণ জালুকেৰে খুৱাবা জ্বাল৷
তেৱে স্তনত ৰস হুইবেক ভাল৷

ক’লা তুলসী বেলৰ পাত৷
সুথায়ে সহিতে বটি পটাত৷
তপত কৰিয়া জননী খাই৷
তেবেসে নাড়ী দৃঢ়ক পাই৷

যেবে সুতিকাৰ ৰাখিব জীৱ৷
যতন কৰিয়া ঔষধ দিব৷

বাসি পুষ্প ঝিণ্টিমূল ক্ষুদ্ৰ বাৰ্ত্তকি৷
বতিয়ে খুৱাইবে নাথাকে বাকী

অপৰাজিত দুৰতি ইয়াৰ মূল৷
জানি শুনি দিয়া দশৰ মূল৷

আহিতে শিশুক নেদেখিব৷
বুকুৰ ভিতৰে শুৱাই ৰাখিব৷

পূৱলৈ শিৰে শিশুক শুৱাই৷
পুৱাতীক ৰাখিবা অগ্নি জ্বলাই৷

দিনত শিশুক নচাৰিব জনে৷
ৰাখিব নিশাত মাত্ৰ যতনে৷

ইষ্টজনে জাগি ৰাখিব৷
মাজে মাজে জাগি দেখিব৷

উৎপত্তি কালত কুশল জানি৷
সূতিকা নিকটে নথৈবা পানী৷

সূতিকাৰ কাষে থাপিব অস্ত্ৰ৷
সাৱধানে গাৱত ৰাখিব বস্ত্ৰ৷

ঘৰৰ বাজে চাৰি চুকত৷
বচ সিজু বগৰী ৰুব সতত৷

পঞ্চ দিৱসে বাজ মঙ্গল কৰি৷
সূৰ্য্যক দেখাইব নয়ন ভৰি৷

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ৫ – ধৰ্ম্ম প্ৰকৰণ

ব্ৰাহ্মণৰ পিতৃ দেৱ অৰ্চ্চন৷
ক্ষেত্ৰিয় সবৰ প্ৰজা পালন৷
শূদ্ৰৰ স্বধৰ্ম্ম নীতি সেৱন৷
বৈশ্যৰ বাণিজ্য ধন আৰ্জন৷

যেবেসে ধৰ্ম্মক কৰিব জানি৷
পুখুৰী খান্দিয়া ৰাখিব পানী৷
বৃক্ষ ৰুপণত অধিক ধৰ্ম্ম৷
মঠ মণ্ডপৰ গুৰুতৰ কৰ্ম্ম৷

যেই দিবে তাকে পাই৷
পৰলোকে বসিয়া খাই৷

অনিত্য দেহত নাহিকে আশ৷
ধন জন বস্ত্ৰে কিক বিশ্বাস৷

যিজনে দিৱয় অন্নৰ সাৰি৷
সিজন নাযাই যমৰ নগৰী৷

অন্ন জল জানা অধিক দান৷
তাত কৰি শ্ৰেষ্ঠ নাহিকে আন৷

ভাল দ্ৰব্যক যেখানে পাইব৷
দেৱতা দ্বিজক তেখনে দিব৷

কালিৰ ভাগক ৰাখে যিজনে৷
প্ৰশংসে তাহাক ৰবি নন্দনে৷

সোণাৰ তুল্য কন্যাৰ দান৷
ডাকে বোলে তাৰ স্বৰ্গেসে স্থান৷

দধি দুগ্ধ দেই অন্ন বিপুল৷
ঔষধ দানত নাহিকে তুল৷
ডাকে বোলে জানা সেহিসে সাৰ৷
আপুনি মৰিলে কি কৰে আৰ৷

ব্ৰহ্মা হৰ আদি যতেক দেৱ৷
সকলে কৰে গঙ্গাক সেৱ৷
গয়া প্ৰয়াগ বাৰাণসী যাই৷
গঙ্গাৰ স্নানত সৱাকে পাই৷

ৰূপ সোণা হীৰাৰ মূল্য৷
গঙ্গাৰ জলত নুহিকে তুল্য৷

যিজনে যত পাপ আচৰে৷
পৰ ধন পৰ নাৰীক হৰে৷
যদি গয়া গঙ্গা স্নান কৰে৷
সকলে পাতক তেখনে হৰে৷

প্ৰথমে ঘৰে উপবাস কৰি৷
তীৰ্থ যাত্ৰা কৰি যাইবেক লড়ি৷
গঙ্গাৰ জলত ছাড়িলে প্ৰাণ৷
হোৱন্ত মুকুতি স্বৰ্গ প্ৰধান৷

বুঝিয়া সুজিয়া বান্ধিবা আৰি৷
তেবেসে শত্ৰুক জিনিতে পাৰি৷

সাক্ষী মুখে কথা কৰাই বাজ৷
যদি ধৰ্ম্ম কৰি সোধন্ত ৰাজ৷
দৃঢ় কৰি থৈব সাক্ষী সকল৷
সাধিব ন্যায়ত তেবেসে কুশল৷

যেবে ভাল ৰূপে সাক্ষী কহিব৷
তেবেসে সভাত ন্যায়ে জিনিব৷
ডাকে বোলে আগে নিয়াই সাজ৷
ন্যায় হাৰিলে অধিক লাজ

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ৬ – পৰিত্যাগ কথন

তিনি নাৰী যাৰ একেটি স্বামী৷
তাক পৰিহৰা বোলোহো আমি৷

পৰিহৰ সততে পৰ অন্ন আশ৷
পৰিহৰ শূন্য নগৰে নিবাস৷

পৰিহৰ শুকটী মৎস্যৰ ঝোল৷
পৰিহৰ অসতী জনৰ কোল৷

পৰিহৰ যতনে নিদাৰুণী মাৱ৷
পৰিহৰ মন্দিৰে যদি ফটা পাৱ৷

পৰিহৰ মন্দিৰ সম্মুখে বাট৷
পৰিহৰ যুৱতী যি কৰে হাট৷

পৰিহৰ গুৱা কৰে বুনবুন৷
পৰিহৰ নৃপতি যদি নাই গুণ৷

পৰিহৰ অতি ধনী বান্ধৱৰ মুখ৷
পৰিহৰ ব্যঞ্জন বাসিৰ সুখ৷

পৰিহৰ কিৰিষি যদি নদী পাৰে৷
পৰিহৰ পৰনাৰী ৰতি থাকে যাৰে৷

পৰিহৰ দূতৰ গ্ৰামত বাস৷
পৰিহৰ ছাতি বিনা চলে যি বাট৷

পৰিহৰ পুখুৰীৰ পিছলা ঘাট৷
পৰিহৰ কৃষি মধ্যে হ’ল যদি বাট৷

পৰিহৰ বৃদ্ধ বয়সতে কাম৷
পৰিহৰ আৰ্জন বিহীনে দান৷

পৰিহৰ দম্ভ মেষৰ মালা৷
পৰিহৰ গ্ৰীষ্মত মেষৰ শালা৷

পৰিহৰ অন্য দেৱতাৰ আশ৷
ধৰ হৰিৰ পাৱে কৰি বিশ্বাস৷

কানীয়াই ক’লে কানি নাখাবা সমূলি৷
বেশ্যা স্ত্ৰীয়ে জ্ঞান দিয়ে শান্তি হোৱা বুলি৷

চোৰে চোৰ কৰিবলৈ নিচোৰক বাধে৷
পশু পক্ষী মৰা পাপ বুলি ক’লে ব্যাধে৷

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ৭ – বৃষ লক্ষণ

গৰু কিনিবা চিকণ জালি৷
দুই চাৰি ছয় দন্তীয়া ভালি৷

হৰিণৰ মান জিহ্বা কাণ৷
হেন বলধ বিচাৰি আন৷

বলধ কিনিবা বল বুজিয়া৷
বাচিয়া সুণ্টিয়া ধোবা তেলীয়া৷

ছয়ে চোটা চাৰিয়ে মোটা৷
বিচাৰি কিনিবা বলদ গোট৷

ছয় দন্তক ভাগ্যেসে পায়৷
সাত দন্তীক দেখি পলাই৷

গাঁৱৰ বলদ নিকটৰ ভূঁই৷
ইহাক নেৰিবা জানন্তা হুই৷

যুঁজাৰু বিচাৰি কিনিবা গাই৷
সৰু মুৱা পাচ ডাঙ্গৰ চাই৷

বৰালি বকুৱা পানৈ খুৰ৷
ৰাঁওমুৱা হলে তেজিব দূৰ৷

বিছা সজীয়া কলিয়া চুটা৷
কিনিব বিচাৰো বলদ গোটা৷

যাৰ নাই ধাৰ ঋণ৷
সি গৃহস্থে বুঢ়া গৰু কিন৷

বলদক ভাই নেদিবা দুখ৷
তাহাতে আছে ভাৰতৰ সুখ৷

যেবেসে কৃষিক কৰিবা নাশ৷
তেবে নকৰিবা শাওণত চাষ৷

আহাৰ শাওণত নকৰে ধান৷
তাহাৰ কৃষিত কিমত মন৷

যদি স্বামী জন দিঠকৰ হয়৷
তেবেসে কৃষিৰ ফল সিজয়৷

গৰু কিন যদি চিত পাখৰ৷
তাক মেলিবা একে আখাৰ৷

টকা নেজা ঠুটৰী চুটি৷
সেইটো জানিবা গৰীয়া গুটি৷

গৰখীয়ায়ো পীয়ে পানী৷
গোম চকৰীয়াক ঘৰলৈ নানি৷

তাল জুৰিয়া বহে হাল৷
ভাতে নাতে সৰ্ব্বকাল৷

গৰু কিনিবা নিঘূণ বগা৷
বোলন্ত ডাকে মই হওঁ লগা৷

গৰু কিনিবা দীঘল নেজা৷
মৈত উঠিলে নহয় কুঁজা৷

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ৮ – পুৰুষ লক্ষণ

খৰ্ব্ব খৰ্ব্ব মাথাৰ কেশ৷
লক্ষণ বোলে বিশেষ৷

গম্ভীৰ গতি গম্ভীৰ মাত৷
উন্নত আঙুলি দীঘল হাত৷

হিয়াৰ মাজত যাহাৰ খাল৷
সিটো পুৰুষৰ লক্ষং ভাল৷

গলত ৰেখা কুকুহা কাণ৷
তাহাৰ জানিবা দেৱ লক্ষণ৷

পাৱৰ গমন পাৱেসে দেখে৷
তাৰ খ্যাতি দশোদিশে৷

পঞ্চ ৰেখা থাকে উদৰে যাৰ৷
লক্ষণ জানিবা সাৰতো সাৰ৷

অলপ ভোজন নিদ্ৰা ক্ষীণ৷
সিটো পুৰুষৰ সুখৰ চিন৷

বসিয়া থাকয় নানান মনে৷
সিটো পুৰুষক বান্ধিব ঋণে৷

চক্ষু ধেল গজ কম্পাল৷
সুখে যায় সৰ্ব্বতিকাল৷

ডাকে বোলে শুন নৰ৷
থিয় চক্ষু দোষৰ ঘৰ৷

পিঙ্গটা বৰ্ণ পাতল ওঁঠ৷
কোনে সহিব মাতৰ গোট৷
স্নান কৰি আসি থিয়ে বহি পৰে৷
ভাত নাপালে ঘৰিণীক মাৰে৷
হুতাস পাৰি ভোজন ধৰে৷

গো গ্ৰাস ভোজন বেলা৷
দৰিদ্ৰৰ চিন ডাকে কহিলা৷

গম্ভীৰ গতি গভীৰ মাত
দীঘল বাহু আঙুলি উন্নত
হিয়াৰ মাজত যাহাৰ খাল
সিটো পুৰুষৰ লক্ষণ ভাল
গলত ৰেখা কুকুহা কাণ
তাহাৰ জানিবা দেৱ লক্ষণ

অলপ ভোজন নিদ্ৰা ক্ষীণ
সেটো পুৰুষৰ সুখৰ চিন
বসিয়া থাকয় নানান মনে
সিটো পুৰুষক নেৰিবা ধনে

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ৯ – কৃষি লক্ষণ

ভুঁই ল’বা কোণা৷
গৰু কিনিবা মেনা৷

বেটী কিনিবা মেচী৷
বোজা দিবা হেঁচি৷

হালোৱা ল’বা ভাৰমুৱা৷
দোভাগ নিশাত বিচাৰে গুৱা৷

শত ভাঙ্গি কৰ পঞ্চাশ৷
দয়ে বামে কৰিবা চাষ৷

ছাঁ আহি ছাঁ যাবি৷
তেবে আহি ভাত খাবি৷

তেও যদি নহয় শালি৷
তেবেসে পাৰিবা ডাকক গালি৷

কি কৰিব চাই পুৰণা৷
যদিহে থাকে বেতৰ কেণা৷

ৰ’দে বৰষুণে সমে যাই৷
তেবেসে কৃষি লাভক পাই৷

মাঘী সপ্তমীতে বৰিষে দেৱ৷
ৰেয়া এৰি কৰা নাঙ্গল সেৱ৷

এক মন কৰি ধৰিবা ডাটি৷
তেবেসে নাই কৃষিৰ ঘাটি৷

ৰবি সুত ভূমিৰ নন্দনে৷
মাঘৰ আঁউসী তৃতীয়া দিনে৷

ইহাতে উত্তৰা যেবে পাই৷
অৱশ্যে জানিবা আহু হেৰাই৷

ফল্গুণৰ শেষে চৈত্ৰ প্ৰৱৰ্ত্তে, যেই যিহৰে বাৰ৷
আহু শীতলী শনিৰে পাতলী, ধুৰি আন্ধাৰ৷

সোমে বহু জল, কৃষিৰ বিফল, ডাকৰ বচন সাৰ৷
যদি বৰ্ষে বুধ, বিৰচতি শুক্ৰবাৰ, মেদিনী নসহে শস্যৰ ভাৰ৷

মাহ সৰিয়হ কপাহ বাঁহ৷
চাৰিকো খালে নাহিকে আশ৷

গাঁড়ে নজানে আথান থান৷
সাধিয়ে নজানে গৃহস্থৰ মান৷

বিৰতীয়ে নজানে মগনীয়া৷
যমে নজানে একেটীয়া৷

পূবে ৰেণু পশ্চিমে ছায়া৷
সেহিসে শস্য অমৰ কায়া৷

বড় ঘৰ বড় বাৰী নকৰ৷
এখানি নিজাপি দুখানি কৰ৷

যতেক ৰুৱা ততেক লবা৷
তাৰে তিনিজোখা মাৰলি দিবা৷

পূবা পশ্চিমাকৈ সাজিবা ঘৰ৷
অকাল মৃত্যুক নাহিকে দৰ৷

ধ্বজৰ উত্তৰ গজৰ পূৰ্ব৷
বৃষৰ দক্ষিণ অতি বড় শুভ৷

সিংহৰ পশ্চিম পাই যেবে৷
ধন জন সুখ মিলাইবে তেবে৷

পূবে লৈবা গজা ক্ৰান্তে৷
দক্ষিণে লৈবা কথা মাতে৷

পশ্চিমে লৈবা যিমান পাই৷
উত্তৰ লৈবা ঢোল কোবাই৷

পশ্চিমে বাঁহ, পূবে বেঁত৷
উত্তৰ তামোল দক্ষিণে খেত৷

পূবে ভাণ্ডাৰ পশ্চিমে গোহাল৷
ডাকে বোলে তাৰ সকলো চহল৷

তিনিহাত তিনিমিঠি কোৰৰ নাল৷
অঠাৰ মুঠিয়া টোকোন ডাল৷

কাঁচি খন্তিৰ দুটা মুঠি৷
এহি বুলি ডাক গৈলন্ত উঠি৷

কামত শুদ্ধ নাপিতৰ হাত৷
উদ্ধাৰত শুদ্ধ জ্ঞাতিৰ ভাত৷

ঘাটত শুদ্ধ কৈৱৰ্ত্তৰ নাৱ৷
শয্যাত শুদ্ধ তিৰীৰ পাৱ৷

মাজত গ্ৰাসে যি ভাত খাই৷
বেৰ সৰকাই জাবৰ পেলাই
আন্ধাৰত যিটো চুৱা বোতলে৷
অবিলম্বে তাক আপদে ছলে৷

আগফালে তেতেলী পিছফালে ঔ৷
সেই ঘৰ গিৰিৰ মৰণ হ’লনে নৌ৷

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ১০ – দ্ৰব্য গুণ কথন

ত্ৰিফলা দিয়া নিমৰ ছাল৷
ছাগ দুগ্ধৰে বাটিবা ভাল৷
নিশাভাগে তাক নিয়ৰে থৈব৷
প্ৰভাত সময়ে মাথাত লৈব৷
হাতে ঘসি ঘসি মাথাত দিব৷
শুকালে পাছে স্নান কৰিব৷
যি জনে কৰিব এহি প্ৰকাৰ৷
ক্ৰোশেকৰ পথলৈ দৃষ্টি তাহাৰ৷

ৰাত্ৰি শেষে যিটো পিৱয় পানী৷
তাৰ চিৰকাল জীৱন জানি৷

হৰীতকী লোণ জনি৷
তাক খায়া পিৱয় পানী৷
ডেৰ পৰ গলে খাব ভাত৷
বল শোভা পাব গাত৷

ইষ্ট দেৱতাক কৰি পূজন৷
ক্ষুধা তৃষ্ণা বুঝি ভুঞ্জিব অন্ন৷
মৰণক যদি আছে তৰাস৷
অহিত বস্তু কদাপি ন খাস৷

ভীমৰাজ ঝিণ্টি কেহেৰাজৰ৷
সকলো পত্ৰক গুণ্ডি কৰ৷
দিনে দিনে সুঠি দিয়া খায়৷
পুষ্ট ভৈল গাৱ বাঢ়িয়া যায়৷

হাতি পীপলি লোণ বাবৰি৷
মৰিচ হৰীতকী সমভাগ কৰি৷
মধু সহিতে কৰ অঞ্জন৷
তেবে দৃষ্টি যায় যোজন৷

সুঁথি গুলঞ্চি ভেকুৰি মূল৷
তিনিকো বাটি কৰি সমতুল৷
পিপলি দিয়া খায় বিহানে৷
ন থাকয় তাত ৰোগ মানে৷

ধনিয়া পোৰোলালতি তেজপাত৷
সমভাগ কৰি বটি পটাত৷
কোৱাথ কৰি খাব পানী৷
বাত পীত কফ হৰিব টানি৷

বিৰিঙ শাক গুণ্ডি কৰিয়া৷
বসন খণ্ডেৰে তাক বান্ধিয়া৷
দন্তৰ গুৰিত ধৰিব ঝান্তি৷
দন্তো নসৰে পোকো মৰন্তি৷

গুড় গুলঞ্চ ভুঞ্জিব সমভাগে৷
খণ্ড জলপান কৰিতে লাগে৷
এইৰূপে অজীৰ্ণ কৰিব নাশ৷
উদৰত নকৰে ৰোগ নিবাস৷

সুথ পীপলি লগে খায়৷
সকলো অজীৰ্ণ কৰিব ঠায়৷

উদফাই চিত সবদ যেবে৷
কটু তৈল পান কৰয় তেবে৷

ভাত খাই তিনি শিলিখা৷
তাক কি কৰিব ৰোগ পিলিকা৷

চকুত অঞ্জন, দাঁতত লোণ৷
উদৰ ভৰিয়া তিনি কোণ৷
একেবাৰে পেটত নি দিবা ভৰা৷
আছোক ভাল পোৱা গাৱে মৰা৷

ভৰিত পানী নাভিত তেল৷
বোলন্ত ডাকে সিদ্ধৰ মেল৷

তৰুণ জ্বৰত না খায় দৈ৷
এৱা ভাঙ্গিলে নাখায় বহেৰা চৈ৷

জালুক পীপলি আদা খায়৷
ডাকে বোলে তাৰ কাঁহ পলায়৷

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ১১ – ৰাজনীতি প্ৰকৰণ

ডাকে বোলে বঢ়া টুটা নমাতি৷
লগত ফুৰিব দিন ৰাতি৷
তেবেসে ৰাজাৰ দয়াক পাই৷
ধন-জন সুখ সবে মিলাই৷

যৈত ৰাজা থাকি প্ৰজাক পালে৷
তহিতে বসতি কৰিবা ভালে৷
ৰাজাৰ সেৱাত সৱাকে পাই৷
দুগ্ধত যেন গুড় মিশলাই৷

এক মন কৰি সেৱিবা ৰাজ৷
তেবেসে সিজিব সমস্ত কাজ৷

দেশ কাল ভাৱ বুঝিয়া মনে৷
সেবিবে ৰাজাক বহু যতনে৷
নীচ সঙ্গত নহৈব কথা৷
একো কালে তাৰ নাপাই বেথা৷

অসতীৰ কথা লাগে খণ্ডিত৷
ধৰ্ম্মক কি জানে মূৰ্খ পণ্ডিত৷

ফটা কঁথাত উৰহ হয়৷
বেশ্যা তিৰীত থাপিত থয়৷

খাতিৰ নৃপতিৰ পাশ৷
বেহা কৰিব লোকৰ শাস৷

বিহা কৰিব এক সুন্দৰী৷
স্মৰণ কৰিবা কেৱলে হৰি৷
তেবেসে মানিক আন্ধাৰে জ্বলে৷
তেবেসে তৰু হালি জাই ফলে৷
তেবেসে সতী স্বামী সঙ্গে যায়৷
তেবেসে বিদ্যাধন ধৰ্ম্ম পায়৷

বিষু যাই কয়ে কুঁজে৷
প্ৰজা মৰিব অনাযুঁজে৷

নগৰ মাজত কুঁৱাকুঁই দেখি৷
নৰৰ মুণ্ড গণ্ডাগণ্ডে লেখি৷

আকাশত ভাসে পানীৰ গছা৷
পৃথিৱী বুৰাই জানিবা সঞ্চা৷

কটা নাকত কিহৰ ঢাকনী৷
যাচি নগলে কিহৰ ৰান্ধনী৷

অশুদ্ধ হৈলে কিহৰ পাত্ৰ৷
তিনিকো জানিবা বৰ্ব্বৰ মাত্ৰ৷

ৰাজাক চিনিবা দানত৷
ঘোঁৰাক চিনিবা কাণত৷
খুৰক চিনিবা শানত৷
তিৰীক চিনিবা স্নানত৷

ভোজনৰ ৰস ভুঞ্জিয়ো ভোকে৷
বাণিজ্য ৰস বেহাই লোকে৷

যাত্ৰাৰ ৰস আনে বয় ভাৰ৷
কথাৰ পৰশ ত্ৰিভূৱনে সাৰ৷

ভোজনৰ পৰশ নাই যেবে পৰ্শে আৰে৷
নাওৰ পৰশ নাই লোকে নিয়ে ধাৰে৷

নৰ গজ বিশ ছয়৷
বছৰ বত্ৰিশ ঘোঁৰা ৰয়৷
চৌব্বিশ বলধা ষোল্ল ছাগল৷
পঢ়ি শুনি বড়াই কেনে পাগল৷

জন্ম লগ্ন যাত্ৰা জোৰা৷
বৰাহ মিহিৰে নপাৱে ওৰা৷

পঢ়ে পঢ়াই ৰোৱে পাণ৷
এই তিনিয়ে নিচিন্তে আন৷

কমাৰৰ কালি ধোবাৰ বাহী৷
নটে বোলে পাক দিয়াহি৷

পোহাৰীৰ ষোল৷
কূটনীৰ বোল৷

বাই নগলে কিহৰ লাঠি৷
আট নহলে কিহৰ গাণ্ঠি৷
ভাৰ্যা নহলে কিহৰ ঘৰ৷
স্নেহ নহলে কিহৰ সোদৰ৷

বাই মৰা ভিনিহি৷
কঠিয়া মৰা কিৰিষি৷

কোন সধু কোন চোৰ চিনা সব টান৷
বিত পালে সকলোৱে এৰিবেক মান৷

কলিৰ লোকত নাথাকিব চিন৷
অন্তৰত এক, কাজে ভিন ভিন৷

হেন জানি লোকে এৰি আন কাম৷
কলি দোষে মুক্ত হোৱা বোলা ৰাম ৰাম৷

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ১২ – বৰ্ষা লক্ষণ

যেবে জলধৰে বৰিষে ধাৰে৷
তবে কি কৰিব গণিতি কৰি৷
তথাপিতো তিথি বাৰকো চাই৷
ডাকে বোলে কিছু বোলা নযাই৷

আহাৰৰ নৱমী শুক্লা পক্ষত৷
যদি নবৰিষে ভূমিৰ তলত৷
হাল বুলাইবে চিন্তিয়ো দেৱ৷
ৰাজাৰ গৃহত কৰিয়ো সেৱ৷

যদি বৰিষয় জলৰ কণা৷
ৰঙ্গ কৰি নাচে কৃষক জনা৷

বোলন্ত ডাকে ঢিল মুঠি পাই৷
কান্ধত নাঙ্গল ধৰিয়ো যাই৷

মেঘক দেখিয়া হালকো বাই৷
জানা শস্য তাৰ অধিক পাই৷

ডাকে বোলে কেন ধৰণী চহ৷
কঠিয়া নাঙ্গল নষ্ট কৰহ৷

মাঘ মাহত ৰোহিণী নক্ষত্ৰ, যদি নবৰিষে মেঘ৷
হাল তুলি বহি কৰ সবলোক দেৱ মহাদেৱক সেৱ৷

বৰ্ষা কালত বেঙ্গৰ ৰাও৷
হাল গৰু লৈয়া পথাৰক যাওঁ৷

মাঘত ৰৌদ্ৰ বৈশাগত শীত৷
চাৰি মাহ অল্পবৃষ্টি ভূমিত৷

মাঘৰ শেষত বৰিষে পানী৷
তেবে অল্প বৃষ্টি আগলৈ জানি৷

উদয়ে সিন্দূৰ পশ্চিমে কাল৷
তেবেসে হৈব বৰিষণ ভাল৷

প্ৰকাশিয়া ৰবি উঠিয়া নাশে৷
ডাকে বোলে বৃষ্টি হৈব আকাশে৷

ধনু মীন কন্যাত শনিৰ বাস৷
হাতী ঘোঁৰা গৰু মানুহ নাশ৷

নৰয় নবীনো পুৰাতন নাশ৷
যুদ্ধত লোক যমপুৰে বাস৷

আকাশত ভাসে পানীৰ গছা৷
পৃথিৱী বুড়াইব জানিবা সঞ্চা৷

ভূমিক চহাইব ডাকে বোলয়৷
বীজপৰা শালি বহুত হয়৷

মেঘ কাৰ্ক তুলা মকৰ৷
এই চাৰি ৰাশি গণিতা ভিতৰ৷

ইহাতে যদি উত্তৰা পাই৷
গহীন বাৰিষা আহু হৰাই৷

শিঙ্গ ভঙ্গা গৰু নুযুৰি হালে৷
ৰঙ্গা বৰণীয়াকো যুৰিয়ো হালে৷

কলা বলদকো যতনে যুৰি৷
আঁজুৰিব জোৰা দুই ডামুৰি৷

যদি হালে হোৱে লাঙ্গলে ভঙ্গ৷
বৎসৰত তাৰ নিমিলে ৰঙ্গ৷

তাত যদি গোৱে যোন্ত চিৰে৷
মাৰে গৃহস্থক অতিশয় পীড়ে৷

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ১৩ – খেতি বৰ্ণন

ডাকে বোলে বাপু শুনা উপাই৷
বাণিজ্যৰ ফল কৃষিতে পাই৷

যি নৰে সদা কৃষিক কৰে৷
বেপাৰৰ ফল পাইব ঘৰে৷

সোণা ৰূপা কিবা কৰে৷
ভাত নাখালে ভোকতে মৰে৷

হীৰা মাণিক থাকে অপাৰ৷
খুদ গাল নহলে মৰণে সাৰ৷

ধনৰ মধ্যত ধান্যসে শোভন৷
ধান নহলে মৰা তেতিক্ষণ৷

এতেকে কৃষিত কৰিব সাৰ৷
দুৰ্ভিক্ষত কৃষি কৰে বিস্তাৰ৷

নাঙ্গল বলদত সবাৰে আশ৷
যাৰ নাই তাৰ সকলে নাশ৷

জেঠ মাস গৈল বিনা নাঙ্গলে৷
তাহাৰ কিমতে কিৰিষি ফলে৷

কিৰিষিত যদি কৰিবা মন৷
হাল গৰু ৰাখি কৰা যতন৷

মাজে জল যদি যায় বহিয়া৷
খাই সুখে থাক ঘৰে বসিয়া৷

ধান হলে ৰোৱা সবে সাফল৷
ধান নহলে সকলো বিফল৷

বেৰিয়া ভূমিক লৱে সুবুদ্ধি৷
ঘন আলি দিবা সবাক সুধি৷

শাওণৰ কঠিয়া নহয় ধান৷
আহিনৰ গোছ বিফল জান৷

আহিন কাতিত ৰাখিবা পানীক৷
যেনেকৈ জৰাই ৰাখে ৰাণীক৷

আলিৰ ওপৰে দিবাহা আলি৷
খেতি হল বুলি জানিবা ভালি৷

কিৰিষি কৰিবা একান্ত মনে৷
নফলে কিৰিষি বিনা যতনে৷

গোচৰৰ নিষ্ফল বৰুৱা নকৰে কাণ৷
খেতিৰ নিষ্ফল পথাৰত নহয় ধান৷
লৰৰ নিষ্ফল আগত আছে নৈ৷
তিৰীৰ নিষ্ফল পাটীত নাই পৈ৷

আহু কৰা খোজত বুৰি৷
শালি ৰুবা বেগত জুৰি৷
আঁঠুৰ ওপৰে থাকে পানী৷
হাতগৰ্তে গোছ দিবা জানি৷

কৃষি কৰিবা বেঢ়ি যতনে৷
সাম্ফল কৃষি জানিবা মনে৷
কৃষি কৰিবা ওচৰ ভাগে৷
ডাকে বোলে মোৰ মন লাগে৷

ঘন সৰিয়হ পাতল মাহ৷
আৱৰণ দিবা কপাহ বাঁহ৷

তিনিশ ষঠি জোপা ৰুবা কল৷
মাহেকে পষেকে চিকুণাবা তল৷
পাত পচলা লাভত খাবা৷
লঙ্কাৰ বণিজ ঘৰতে পাবা৷

আঠীয়াত গোবৰ, মনোহৰত জাবৰ৷
পুৰাত সাঁই, মালভোগত ছাই৷

সাতে পাতল পাঁচত ঘন৷
ছয়ত তামোল নদন বদন৷

জালিকত গোবৰ পাণত মাটি৷
কলাপুলি ৰুবা তিনিবাৰ কাটি৷

তিনি শাওণে পাণ৷
একে আহিনে ধান৷

পূবে হাঁহ, পশ্চিমে বাঁহ৷
উত্তৰে গুৱা দক্ষিণে ধুৱা

হাতী ভালুকত বাগি৷
বৰাত কাতি, গঁড়ত উঠি৷

কুকুৰত মাটি, সাপত লাঠি৷
মহত পৰ, বাঘত ঠৰ৷

পহুৰ আঠ, বাঘৰ সাত৷
নোৱাৰ ধৰিব লহি খাপ৷

যদি আহাৰ নিমিলে নমৰি জাতি৷
সূৰ্যলৈ চাই খাবি তিনি কামোৰ মাটি৷

কথাৰ নাই টেনু৷
ফাকত লৈবা ধেনু৷

মঙ্গলৰ আঁক বিযুগ্ম৷
ভক্তিৰ আঁক সুক্ষ্ম৷

সততে ফুৰিবা হৰিক স্মৰি৷
তেবেসে যাইবা সংসাৰ তৰি৷

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ১৪ – কোষ্ঠী প্ৰকৰণ

তুঙা তুঙি কৰে বিচাৰ৷
যোগাযোগি কৰি পৰিহাৰ৷

সাতে আঠে খোৰা কুঁজা৷
নৱে আঠে ভূমি তনুজা৷

চতুৰ্থে পঞ্চমে থাকে জা৷
তাহাৰ কোষ্ঠী বিফল বুঝা৷

ইতিনি ভূবনে নাহিকে ৰাখ৷
শগুণে শৃগালে ভূঞ্জিব তাক৷

এক পাপ গ্ৰহ থাকে লগ্নত৷
তাহাৰ শংকা হুতাশনত৷

কূঁজাৰ ঘৰে ৰবিৰ বাস৷
অনেক ধন কৰাৱে নাশ৷

সপ্তমে শুক্ৰে দেখায় যেবে৷
ধন জন সুখ হোৱয় তেবে৷

বুধে চান্দে এক সঙ্গ৷
তাহাৰ কোষ্ঠীত নাহিকে ভঙ্গ৷

খোৰাই কূঁজাই দেখে যেবে৷
জলত পড়ি মৰিব তেবে৷

যেবে ভূমি সুত থাকয় সাতে৷
জীয়ে সিটোজন নিজৰ ভাতে৷

লগ্নে সুজা লগ্নে কূঁজা৷
তাতে থাকে ভানু তনুজা৷

সপ্তমত যদি খোৰাক পায়৷
অষ্ট দিনে সিটো মৰিয়া যায়৷

চাৰি সাগৰত গ্ৰহৰ মেলা৷
দোলা ছত্ৰে তাহাৰ মেলা৷
সৰ্ব্বকালে তাৰ শোভন বিধি৷
থাপৰ গোপৰ পাৰয় নিধি৷

গঙ্গা সাগৰত মজিব মাথ৷
অৱশ্যে দেখিব জগন্নাথ৷

শনিয়ে ৰবিয়ে যাহক দেখে৷
চোৰৰ লগত তাহাক লেখে৷

লগ্নত চান্দে বেদ বখানে৷
নপঢ়ি নুশুনি সবাকে জানে৷

লগ্ন সাতে থাকে পাপ৷
মাৰে জননী পীড়ে বাপ৷

শনি মঙ্গল একে ঘৰে থাকে৷
দুখীয়া পুত্ৰ প্ৰসৱে মাকে৷

ধনু মীন কন্যাত শনিৰ বাস৷
তাত বাপৰ থাকয় আশ৷

মকৰত মঙ্গল লগ্ন সহিত৷
দোলা ছত্ৰ মিলায় বিত৷

চন্দ্ৰ বৃহস্পতি একে ৰাশিত৷
লক্ষ্মী সৰস্বতী তাহাত থিত৷

দশমত চান্দ তৃতীয়ত কুজ৷
ষষ্ঠত ৰাহু শত বৰ্ষ বুঝ৷

গুৰুৱে যদি দেখে লগ্নক৷
তাহাৰ লক্ষ্মী মিলে আৱশ্যেক৷

মেষত চন্দ্ৰ সাগৰত লগ্ন৷
অশেষ দোষক কৰে ভগ্ন৷

মেষত ৰবি ভূমিনন্দন৷ বিদ্যা
বুদ্ধি বাঢ়ে ৰতন৷

চন্দ্ৰমা সহিত থাকে ৰবি৷
পণ্ডিতৰ মাঝত হোৱয় কবি৷

বুধ সমে ৰবি থাকয় যথা৷
বুদ্ধিত নিপুণ জানন্তা কথা৷

লগ্ন সমে থাকে মন্দ৷
ঘনে ঘনে লাগে দ্বন্দ্ব৷

মঙ্গলে সহিতে থাকয় ৰবি৷
শাস্ত্ৰাৰ্থভূষণ নাইবা কবি৷

লগ্নৰ লগত থাকয় গুৰু৷
ৰাজাৰ সভাত নহয় সৰু৷

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ১৫ – সাধাৰণ প্ৰকৰণ

মৰে লপায় তুৰুঙ্গা৷
মৰে পদূলি শুঙ্গা৷

নাচে গায় ভাল নহয় মাত৷
ভাল শিপিনীৰ ছিগিল তাঁত৷

ভাল ৰান্ধনীৰ কেঁচা খৰি৷
ককৰ্থনা খায় আহুকালত পৰি৷

ছদকা লৰফৰ লাঙ্গি৷
ভাৰৰ লৰফৰ সাঙ্গী৷
বচনৰ লৰফৰ অৱা৷
কুলৰ লৰফৰ ছদকা৷
সমন্ধৰ লৰফৰ শালপতি ভাই৷
শপতৰ লৰফৰ ঘনে মূৰ খায়৷

ওৰ শিলিখা কোবত ঘঁহি৷
ডাকৰ বচনে হল মহী৷

খোৱাৰ ৰস ভূঞ্জয় ভোকে৷
বণিজৰ ৰস বেহায় লোকে৷
যাত্ৰাৰ ৰস আনে বয় ভাৰ৷
মাতৰ ৰস ভূবনতে সাৰ৷

বেৰ নাইকিয়া বাৰী৷
শাহু নাইকিয়া বোৱাৰী৷
গৰখীয়া নাইকিয়া গৰু৷
ঢাকোন নাইকিয়া চৰু৷

বছৰেকে ছমাহে মিতিৰৰ ঘৰে যাবা৷
পানী পিঠাগুড়ি চেনেহ পাবা৷

এদিনৰ মিতিৰ দুদিনৰ মিতিৰ৷
তিনি দিন হলে দলনি ঢেঁকৰ৷

যমে নজানে একেটি পো৷
কমাৰে নজানে দুখীয়াৰ লো৷

কাপ মহী তুলাপাত৷
তিনি মিলি হয় আখৰৰ জাত৷

মাছৰ চিকুণ মোৱা৷
টোপনিৰ চিকুণ পুৱা৷

সৰুকৈ কাটিবা ঘনাই খাবা৷
তেহে তামোলৰ বিলাস পাবা৷

ঘনে ঘনি, পৰেকত ছেপা৷
সদায় ৰাখিবা তিৰীত বেথা৷

বাঢ়ৈৰ গোবৰ, সোণাৰীৰ সেতু সুৱগা৷
শিপিনীৰ সেপ, এই চাৰি বজ্ৰ লেপ৷

বশ্যা তিৰী গোলাম চতুৰ৷
ঘৰ পৰ নাজানে বলীয়া কুকুৰ৷

নেজ গোবৰা গো৷
শেঙুণ নকা পো৷

বাৰী শুৱনী বাঁহে৷
ভোজন শুৱনী মাহে৷

বসন্তৰ সুখ যুৱতী ভালি৷
শীতকালৰ সুখ তুলি নিহালী৷

ধৰ্ম্ম কথা অল্পে মূৰ্খেও পণ্ডিত৷
সাধু জন নপৰে গণ্ডীত৷

পুৰুষে নাৰীয়ে ধৰ্ম্ম আচৰয়৷
তেবেসে গৃহস্থী সুফল হয়৷

কপট আচাৰ তেজিয়ো মন৷
কেৱলে ভজিয়ো হৰিচৰণ৷

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ১৬ – নীতি-কথা

ডাকৰ বচন বেদৰ বাণী৷
পো লগা তিৰী ঘৰলৈ নানি৷
তোকো বঞ্চে মোকো বঞ্চে৷
ভাল ভাল বস্তু পুতেকলৈ সাঞ্চে৷

জীয়াৰী মত জোঁৱাইত নাথাকে আদৰ৷
ঘৰ পেনীয়াৰ নাই সমাদৰ৷

চক্ষু থাকোঁতেও নহ’বা কণা৷
ই তিনি কথা জগতে জনা৷

ছাগ পাৰ পোহে হাঁহ৷
দুই সীমাত ৰোৱে বাঁহ৷
যাৰ থাকে ম’হ গৰু৷
ই তিনি কথাত নহ’বা সৰু৷

যদি সৰু নোহোৱা, হোৱা ঠাকুৰ৷
লোকে বুলিব নিলাজ কুকুৰ৷

জাপি লাঠি টনা৷
ইয়াক এৰিলে দিনতে কণা৷

শিয়ে পীয়ে লীয়ে৷
এই তিনি ওপৰতে জীয়ে৷

পঢ়ে পঢ়ায় ৰোৱে পাণ৷
এই তিনিয়ে নিচিন্তে আন৷

অজীৰ্ণে ভোজন মুণ্ডনত স্নান৷
পুৱাৰ ৰ’দ নলয়৷

সন্ধ্যাতে নখায়, প্ৰতসে উঠয়৷
ডাকে বোলে মোৰ ভাই৷

পৰে আপোন নোহে চল চাই মাত্ৰ৷
শিমলু কি হ’ব পাৰে চন্দনৰ পাত্ৰ৷

কৈৱৰ্ত্ত মৰীয়াৰ নেহেৰায় চিন৷
ভোকত সিংহেও নাখাই তৃণ৷

কেঁঞাৰ চিন মৎস্য নচুব৷
ফেঁচাৰ চিন নিশা নুশুব৷

যৱনে কি কাছ খাব৷
সাধুৱে কি অবাটে যাব৷

খলুৱায়ো নেৰে খল৷
উদফাই ৰোগত নাথাকে বল৷

জীয়াৰী মৰা জোঁৱাইত নাথাকে আদৰ৷
ঘৰ চপনীয়াৰ নাই সমাদৰ৷

কাঁহ পাত্ৰ ভগা ভাল বজালেই চিনি৷
সাক্ষী ক’লে চিনিবা কিমানৰ জ্ঞানী৷

পুত্ৰক চিনিবা বিবাহৰ পৰে৷
বিপদে চিনি মিত্ৰে কেনে কৰে৷

কথা ক’লে চিনিবা মূৰ্খ নে পণ্ডিত৷
সাধুক চিনিবা কৰি লেন-দেন বিত৷

ব্যৱহাৰে চিনিবা যাৰ আছে দয়া৷
গমনতে চিনিবা মানুহ ভাল নে বেয়া৷

তিৰীৰ চিকুণ ওৰণী লোৱা৷
গৰু চিকুণ হামোৰে কামোৰে খোৱা৷

কটাৰী চিকুণ গুৱা৷
টোপনী চিকুণ পুৱা৷
ব্যঞ্জন চিকুণ হালধি৷
কুটনে চিকুণ খাৰলি৷

লিখনে চিকুণ কাপ৷
বাৰীৰ চিকুণ ঢাপ৷

কমাৰৰ চিকুণ অস্ত্ৰ৷
ধোবাৰ চিকুণ বস্ত্ৰ৷

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ১৭ – গৃহিণী লক্ষণ

শুদ্ধ ভাব শুদ্ধ বংশে উতপতি৷
পতি পদ বিনে আনত নাই গতি৷

মধুৰ বচন বোলে সদাই৷
স্বামীৰ কিছু নেপেলাই৷

সম সৰু দন্ত লাবণ্য মাত৷
গৃহে বাতি দেই সন্ধ্যা বেলাত৷

ৰন্ধন কৰয় বচন মিষ্ট৷
সেই গৃহিণীক বোলয় ইষ্ট৷

শাশুৰীত পুছি কৰে আয় ব্যয়৷
সে নাৰীক সদা লক্ষ্মী নেৰয়৷

গুৰু পদ সেৱ অতিথি পূজে৷
চিৰকালে নাৰী সুখক ভূঞ্জে৷

ৰৌদ্ৰত কাটি কুটি থৱে শুকাই৷
বৰ্ষা চাৰি মাসে বসিয়া খায়৷

কড়া কড়া কৰি সাঞ্চয় ধন৷
ৰাখিব বিশ্বাস কৰি যতন৷

স্বামীৰ সেৱা গধূলি ৰাতি৷
ডাকে বোলে সেই লক্ষ্মী জাতি৷

যি নাৰী প্ৰভাতে নিদ্ৰাক যায়৷
বাসি শয্যাত সূৰ্যক পায়৷
উদয় কালত নিলিপে ঘৰ৷
ডাকে বোলে তাইক ছাড়িয়ো নৰ৷

স্বৰ্ণ দন্ত পাতল ওঁঠ৷
তাইৰ দেখিবা দম্ভৰ ছোট৷

ওঁঠৰ ওপৰে গোঁফৰ শাৰী৷
সেইজনী জানিবা অসুখী নাৰী৷

বাৰীত কূপ সঘনে নদীক যাই৷
সেই স্ত্ৰী পৰমুখ চাই৷

স্তন কোষ দৰশাৱে পিঠি৷
বোলন্ত ডাকে হেৰা যাই দুষ্টী৷

কুৰ্কুটা মুৰী চাকলা পিঠি৷
খাইব যাইব তাই হেলন দিঠি৷

ধান বনাই আনোৱায় পানী৷
বোলন্ত ডাকে সেজনী ৰাণী৷

হেটামূৰীয়া গিৰি৷
লেৰুৱা ওঁঠী তিৰী৷
সাজৰ কোৰত গাজে দেৱ৷
ই তিনিৰ আশয় নাপায় কেৱ৷

সৰু সূতা কাটে বৱে তাঁত৷
চা-চুবুৰীয়াই নুশুনে মাত৷

ৰন্ধন কালে নালাগে কালী৷
তাকে বোলে সেই ৰান্ধনী ভালি৷

কাষত কলসী নদীক যাই৷
তলমুণ্ড কৰি কাকো নাচাই৷
যে পথে যাই সে পথে আসে৷
ডাকে বোলে ভাল মনত ভাষে৷

কুচ্ছিত নাৰীত যাহাৰ বাস৷
তাহাৰ কোন জীৱন পথে আশ৷

অল্প বুলিলে পাৰয় গালি৷
ডাকে বোলে তাইক খেদা নিকালি৷

পৰ গোহালীত যাহাৰ বাস৷
তাহাৰ কোন জীৱনত আশ৷

যিটোৱে নুবুজে ৰাজ কাজ৷
তাক নপঠাইবা সভাৰ মাজ৷

উঠঙ্গা কপাল বকতা স্ত্ৰী৷
একো কালে তাইৰ নাহিকে শ্ৰী৷

বগৰীত উৰহী চালত লাও৷
সি গিৰিহঁতে সুখে ভাত খাওঁ৷

দিবা ভাগে যোগ্য নুহিকে ৰতি৷
নদীৰ কুলক নযাইব ৰাতি৷

শাক শুকলতি দিনত বাছে৷
সে ঘৰত জানিবা লক্ষ্মী আছে৷

যি ঘৰত অতিথি পূজা নকৰে৷
লক্ষিমী নাথাকে তাহাৰ ঘৰে৷

প্ৰতি দিনে যিটো বিপ্ৰক ভূঞ্জায়৷
তাহাৰ জানা সফলে আয়ু যায়৷

গৃহিণী হৈয়া বোলে কটুৰ৷
আয় নাজানি কৰে ব্যয় প্ৰচুৰ৷

ওলাই গৈ নাহে সোনকালে৷
দুষ্টা স্ত্ৰী বোলে ডাক গুৱালে৷

যি গৃহিণী আউল কেশ৷
কন্দল কৰে বিপৰীত বেশ৷

অল্প খাই পেলায় প্ৰচুৰ৷
ডাকে বোলে তাইক কৰিয়ো দূৰ৷

কন্দল শুনিলে বাহিৰে যাই৷
নাচনী দেখিলে সত্বৰে ধাই৷
সেই নাৰীৰ সঙ্গে যি কৰে বাস৷
তাহাৰ কোন জীৱনত আশ৷

অতিথি দেখিলে খঙ্গেৰে চাই৷
সিজনী মৰিলে স্বৰ্গে যাই৷

ভাল বস্তু পাইলে অকলে খাৱে৷
যমদূতে তাইৰ মুখ নচাৱে৷

যি গৃহিণী নুবুজে ন্যায়৷
স্বামীৰ নাজানে অভিপ্ৰায়৷
ভাল বুলিলে কৰয় খঙ্গ৷
তাইৰ সঙ্গত নিমিলে ৰঙ্গ৷

ৰৌদ্ৰত বান্ধে কাঠে খেৰে৷
বৰ্ষাত বান্ধে চালে বেৰে৷
পাতত যিজনে পৰিশে লোণ৷
তাইৰ ঘৰৰ হৰিব সোণ৷

এক বুলিলে দুগুণ বোলে৷
স্বামীৰ শয্যাক পাৱৰে তোলে৷
দুনাই বুলিলে কৰয় খঙ্গ৷
পণ্ডিত নৰে নকৰে সঙ্গ৷

অতি দীঘল হোৱয় ৰাণ্ডী৷
কথাতে ভূকে জানিবা বান্দী৷

পঙ্গটা নয়নে চঞ্চল আতি৷
কেৰা নয়নে কুলটা জাতি৷

যাৰ পেট পিঠি উচ্চ ললাট৷
তাইক দেখিলে চাৰিবা বাট৷

স্বামী বধে মাৰে দেৱৰ৷
ডাকে বোলে তাইক চাৰিয়ো নৰ৷

ঘুমতিত যিজন থাকে গুঙাই৷
স্বামীক খঙ্গত বোলে বোপাই৷
ধৰণী কাম্পে পাৱৰ ঘাই৷
জানিবা সিজনী স্বামীক খাই৷

নুগুছে যিজনী স্বামীৰ পাশে৷
পৰ মুখ চাই মিচিকিয়াই হাসে৷
ঘৰত ঢেঁকী পৰ ঘৰে যাই৷
ডাকে বোলে তাইক পৰেসে বাই৷

টিক বলধা ওলায় মাটি৷
মাক ভালে জীয়েক জাতি৷

পৰ ঘৰ হন্তে ৰাখিবা নাৰী৷
তেবেসে ধৰ্মক ৰাখিতে পাৰি৷

যত লাভ পাই সৰিয়হ মাহে৷
তত লাভ পাই কলা কপাহে৷
যথাত কলা কপাহৰ বাৰী৷
তথাত লুভীয়া সকল নাৰী৷

কলা কপাহ বেহাবা দূৰ৷
ওচৰত ভৈলে দোষ প্ৰচুৰ৷
যিজনী নাৰী অতি দূৰে যাই৷
সিজনী সতীৰ ধৰ্ম নাপাই৷

কথা কহিতে তোলয় হাসি৷
ডাকে বোলে আমি ভাল নভাসি৷

ধুবুনী মালিনী নটী গোৱালী৷
সদা পৰিহাস বচনে তালি৷
যাৰ কোন কথা হাসিয়ে সাৰ৷
ডাকে বোলে সেই দুষ্টীক ছাৰ৷

ঘৰে চুলি মেলি বান্ধে বাহিৰে৷
অল্পচুলি ফালি বান্ধয় শিৰে৷
সব ছাৰি যাই পৰৰ ঘৰ৷
ডাকে বোলে দুষ্টা জানিবি নৰ৷

বাটে ঘনে ঘন উলটি চাই৷
পৰ পুৰুষত থাকে অভিপ্ৰায়৷
যলৈকে পায় তলৈকে যায়৷
ডাকে বোলে তাইক নেদিবা ঠাই৷

মানুহ নহলে গাৱয় গীত৷
পৰ পুৰুষত থাকয় চিত৷
অল্প কৰি লয় ওৰণী৷
লাসে লাসে যাই সেই দুৰ্জনী৷
তাইক নুবুলিবা কদাপি সতী৷
সিজনীৰ সততে পৰত ৰতি৷

সততে হাসি মুখত কৰে৷
ডাকে বোলে তাইক নথৈবা ঘৰে৷

যিজনী দিনত নিদ্ৰাক যাই৷
স্বামীক দণ্ডিলে দুখ নাপায়৷
যত কাৰ্য কৰে কাতো নুপুছে৷
ডাকে বোলে তাইক মনে নুৰুছে৷

ওচৰত পুখুৰী দূৰক যাই৷
পৰক আশায়ে বাটক চাই৷
ৰাণ্ডী হুই কৰে ভোগক ইচ্ছা৷
ৰাতি ফুৰি মাতে দিনত মিছা৷

পৰত খুজিয়া গুৱাক খাই৷
ডাকে বোলে ভাল নহব তাই৷

আৰ দৃষ্টি কৰি আসিয়া চাই৷
অৱসৰ পাইলে বাজক ধাই৷
যি নাৰী বাৰীয়ে কৰয় বাট৷
যুৱতী হুই বেহায় হাট৷
চল চাই দেখাৱে স্তন৷
ডাকে বোলে বেশ্যাৰ জানিবা মন৷

বাৰিষাত জাপি এৰিয়া যায়৷
পানী বুলি সিটো তৰাশে ধাই৷
শিয়া পাত লৈ খাই দুগুধু৷
ডাকে বোলে সিটো নিশ্চয় অবোধ৷

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ডাকৰ বচন – খণ্ড ১৮ – নীতি প্ৰকৰণ

বিপ্ৰে বৃষ্টি কৰে যাহাৰ শিৰে৷
প্ৰত্যেক দিবসে ভোজন ক্ষীৰে৷

ভক্ত গুৰু বিষ্ণু নাম নিচিনে৷
কাহাত বলে চয় শত্ৰু চিনে৷

পিতৃ মাতৃ দুইৰো বন্দে চৰণ৷
বোলন্ত ডাকে সাৰ্থক জীৱন৷

ষাঠি বছৰত বোলে আই৷
আহাৰ শাওণত দোহে গাই৷

পুহত আহু, জেঠত শালি৷
তেবেসে জানিবা গৃহস্থালি৷

তেবেসে যশ বখানে আনে৷
তেবেসে গৃহস্থৰ আঁটিব ধানে৷

যিটো পুত্ৰে পিতৃত পুছে কাজ৷
জানিবা নৃপতিয়ে লৱে ৰাজ,

সৰ্ব্ব গুণীবাক নাটয় ভাতে৷
দুষ্ট পুত্ৰ যাৰ নিতান্ত কান্দে৷

অপুত্ৰ মন্ত্ৰী নোহয় ভাল৷
দন্ত খসিলে কিহৰ গীতাল৷

জ্যোতিষ পৰে গ্ৰহৰ নাই থিত৷
দণ্ডভুক্ত বিনে কি কৰে বিত৷

বৈদ্য হুয়া মৰে আপুনি বিষে৷
নৃপতি হুই প্ৰজাক হিংসে৷

শিৰে নবন্দে মাধৱৰ পাৱ৷
সৱে বিড়ম্নন জানিবা মাৱ৷

ৰান্ধন শালত নবাজে পটা৷
স্নান অৱসৰে নভৈলে ফোঁটা৷

শীত কালে যাৰ নভৈল বস্ত্ৰ৷
যুদ্ধ সময়ত ধুকাইল অস্ত্ৰ৷

যজ্ঞ অৱসানে নাই দক্ষিণা৷
বোলন্ত ডাকে পাঞ্চো বিড়ম্বনা৷

অসতীৰ সুখ নাহি একো কালে৷
দুগ্ধক ভাল নেদেখে মাতোৱালে৷

চোৰে ভাল নেদেখে চন্দ্ৰৰ জ্যোতি৷
দুষ্টা স্ত্ৰীৰ নাই পুত্ৰৰ ৰতি৷

জুইক দৃষ্টি সূৰ্য্যক পিঠি৷
মাহক খুতি কৰাইক মুঠি৷

ছাইত পৰিলে ঘৃত হয় নষ্ট৷
দণ্ডকৰ হৈলে গঢ় হোৱে ভ্ৰষ্ট৷

বাঘ চাব লাগিলে বোণ্ডাকে চাবা৷
ভাল মানুহ চাব খুজিলে আলিকে যাবা৷

চিতল খণ্ডে গঢ়ি কুঠাৰ৷
বক্ৰ ভাৱত কৰ ব্যৱহাৰ৷

উৰুষা ঘৰত বাৰিষা থাকে৷
যুৱতী কন্যাক বাপেকে ৰাখে৷

অতি বড় গ্ৰাসে খাৱয় ভাত৷
ধৰুৱা গৃহস্থক নিদিয়ৈ মাত৷

চোৰে এৰে কৰে সঙ্গ৷
ই তিনিৰ জানিবা ভঙ্গ৷

তিৰোতাৰ গৰু ৰখা দেখিবলৈ কুৎসিত৷
মুনিহৰ ভাত ৰন্ধা অগত্যা উচিত৷

নিস্ফল জীৱন নিতে লোৰে খৰি৷
নিস্ফল জীৱন ধৰুৱাই নিয়ে ধৰি৷

নিস্ফল জীৱন পৰত কৰে আশ৷
নিস্ফল জীৱন খণ্ড প্ৰবাস৷

সবলে নিৰ্ব্বলে কিহৰ নিয়া৷
পঞ্চ পঞ্চাচত কিহৰ বিয়া৷

বাঘৰে ছাগৰে কিহৰ মতামতি৷
বতাহৰে কউৰৰে কিহৰ হতাহতি৷

দুষ্টা স্ত্ৰী হলে কিহৰ মাৱ৷
অক্ষমী জনত কিহৰ ভাৱ৷

 

 

 

Tag:Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam, ডাকৰ বচন

  • Share:
ScientiaTutorials.in

Scientia Tutorials, established in 2007 in Dispur, Guwahati (Assam), is a trusted provider of home tuition, online tutoring, and e-learning courses. With a strong focus on school-level education, we connect students from Classes I to XII with qualified male and female tutors across all subjects.

Founded by Mr. Prasanta Jyoti Saikia (M.Sc., Gauhati University), Scientia Tutorials operates as a registered micro-enterprise in Assam’s education sector. Guided by the values of integrity and responsibility, our mission is to provide verified, reliable tutors and effective learning support to students across the state.

Previous post

JATUBHA THAMCA জতুৱা ঠাঁচ - খণ্ডবাক্য - বাক্য ৰচনা
26/02/2023

Next post

PHAKARA YOJANA অসমীয়া ফকৰা যোজনা ASSAMESE PROVERB
26/02/2023

You may also like

ASSAMESE SATHAR অসমীয়া সাঁথৰ
26/02/2023

অসমীয়া সাঁথৰ – খণ্ড ১ অসমীয়া সাঁথৰ – খণ্ড ২ …

ASSAM HISTORY অসম বুৰঞ্জী
26/02/2023

(১) অসমৰ আটাইতকৈ প্ৰাচীন নাম কি ? উত্তৰ : প্ৰাগজ্যোতিষপুৰ …

ASSAMESE SYNONYMS অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ
26/02/2023

অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ | SYNONYMS IN ASSAMESE – …

Register

Are you a member? Login now

My Account

  • My account
  • My Cart
  • Checkout

Search

Course Filter

Categories
9
9
23
21
9
9
11
1
13
1
2
20
1
3
Close

Featured Courses

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 9 Mathematics – MCQs with Answers and Explanations

CBSE Class 9 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 8 Mathematics – MCQs with Answers and Explanations

CBSE Class 8 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 7 Mathematics – MCQs with Answers and Explanations

CBSE Class 7 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 6 Mathematics – MCQs with Answers and Explanations

CBSE Class 6 Mathematics – MCQs with Answers and Explanations

₹50.00
Go to Courses

Social Media Link

  • Facebook
  • Twitter
  • Google Plus
  • LinkedIn
  • Pinterest
  • Instagram
  • Youtube

© 2026 Scientia Tutorials. All Rights Reserved.

  • About Us
  • Contact Us
  • Privacy Policy
  • Terms of Use
  • Terms and Conditions
  • Buy Online Courses

Login with your site account

Lost your password?

Not a member yet? Register now

Register a new account

Are you a member? Login now

HomeCourses
Search

Search

    Account
    Articles ShopCart