Scientia-Tutorial
  • Categories
    • Sitemap
    • About Us
    • Contact Us
    • Join as a Teacher
    • Join as a Student
    • Find Students
    • Find Tutors
    • Course Categories
    • Study Materials
    • All Categories
    • Syllabus
  • Blogs
  • Join as a Student
  • Become a Teacher
  • Courses
  • 0 items₹ 0
Login
  • Home
  • Blogs
  • STUDY MATERIALS
  • ASSAMESE LITERATURE অসমীয়া সাহিত্য

ASSAMESE LITERATURE অসমীয়া সাহিত্য

ASSAM HISTORY QUIZ অসমৰ ইতিহাস কুইজ

  • Posted by ScientiaTutorials.in
  • Date 26/02/2023
  • Categories ASSAMESE LITERATURE অসমীয়া সাহিত্য
  • Tags Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam

১) প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?

উত্তৰ : চাওলুং চুকাফা।

২) প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।

৩) প্ৰশ্ন : অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?

উত্তৰ : তৰুণ ৰাম ফুকন।

৪) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?

উত্তৰ : চন্দ্ৰকান্ত সিংহ।

৫) প্ৰশ্ন : কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?

উত্তৰ : ১৯৬১ চনত।

৬) প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ : ১৮৮২ চনত।

৭) প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?

উত্তৰ : ১৯২১ চনত।

৮) প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত দাস।

৯) প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?

উত্তৰ : ১৯০৫ চনত।

১০) প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?

উত্তৰ : ১৮২৩ চনত।

১১) প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চুকাফা।

১২) প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত।

১৩) প্ৰশ্ন : ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।

১৪) প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বীৰপাল।

১৫) প্ৰশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটী।

১৬) প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।

১৭) প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ৰেণুকা দেৱী বৰকটকী।

১৮) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১২৫৩ চনত।

১৯) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।

২০) প্ৰশ্ন : আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

উত্তৰ : ১৬৮১ চনত।

২১) প্ৰশ্ন : অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?

উত্তৰ : ১৫৪৮ চনত।

২২) প্ৰশ্ন : অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯২০ চনত।

২৩) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

২৪) প্ৰশ্ন : কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

২৫) প্ৰশ্ন : অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

২৬) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?

উত্তৰ : ১৯০১ চনৰ পৰা।

২৭) প্ৰশ্ন : অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?

উত্তৰ : ১৮৪৭ চনত।

২৮) প্ৰশ্ন : ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?

উত্তৰ : ১৮৬৬ চনৰ পৰা।

২৯) প্ৰশ্ন : অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?

উত্তৰ : ১৯৭৯ চনৰ পৰা।

৩০) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?

উত্তৰ : ১৯১৭ চনত।

৩১) প্ৰশ্ন : অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?

উত্তৰ : ১৮৮৬ চনৰ পৰা।

৩২) প্ৰশ্ন : জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

৩৩) প্ৰশ্ন : অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?

উত্তৰ : শিৱসাগৰ।

৩৪) প্ৰশ্ন : আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?

উত্তৰ : বশিষ্ঠাশ্ৰমত।

৩৫) প্ৰশ্ন : ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?

উত্তৰ : ডিগবৈ।

৩৬) প্ৰশ্ন : অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?

উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।

৩৭) প্ৰশ্ন : স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?

উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।

৩৮) প্ৰশ্ন : অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?

উত্তৰ : শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই।

৩৯) প্ৰশ্ন : স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : হৰেশ্বৰ গোস্বামী।

৪০) প্ৰশ্ন : অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ : আকবৰ হাইদৰী।

৪১) প্ৰশ্ন : অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

উত্তৰ : ভাস্কৰ বৰ্মন।

৪২) প্ৰশ্ন : অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?

উত্তৰ : কলোনেল কীটিং।

৪৩) প্ৰশ্ন : ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয়?

উত্তৰ : ১৮৭৩ চনত।

৪৪) প্ৰশ্ন : প্ৰাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?

উত্তৰ : ৰাজকুমাৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।

৪৫) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ ‘সংগমস্থলী’ বুলি কোৱা হয়?

উত্তৰ : দিহিং, দিবং আৰু লোহিত নদী।

৪৬) প্ৰশ্ন : আহোম আৰু মোগলৰ মআজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত।

৪৭) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

৪৮) প্ৰশ্ন : ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।

৪৯) প্ৰশ্ন : অসম আক্ৰমণ কৰা প্ৰথম জন মোগল আক্ৰমণকাৰী কোন আছিল?

উত্তৰ : মহম্মদ ইবন বখ্‌তিয়া।

৫০) প্ৰশ্ন : কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।

৫১) প্ৰশ্ন : ‘অসম ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰ : ১৯১৬ চনত। সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা।

Tag:Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam

  • Share:
ScientiaTutorials.in

Scientia Tutorials, established in 2007 in Dispur, Guwahati (Assam), is a trusted provider of home tuition, online tutoring, and e-learning courses. With a strong focus on school-level education, we connect students from Classes I to XII with qualified male and female tutors across all subjects.

Founded by Mr. Prasanta Jyoti Saikia (M.Sc., Gauhati University), Scientia Tutorials operates as a registered micro-enterprise in Assam’s education sector. Guided by the values of integrity and responsibility, our mission is to provide verified, reliable tutors and effective learning support to students across the state.

Previous post

ASSAM GEOGRAPHY QUIZ অসমৰ ভূগোল কুইজ
26/02/2023

Next post

FESTIVALS OF ASSAM অসমৰ উৎসৱ – পাৰ্বণ কুইজ
26/02/2023

You may also like

ASSAMESE SATHAR অসমীয়া সাঁথৰ
26/02/2023

অসমীয়া সাঁথৰ – খণ্ড ১ অসমীয়া সাঁথৰ – খণ্ড ২ …

ASSAM HISTORY অসম বুৰঞ্জী
26/02/2023

(১) অসমৰ আটাইতকৈ প্ৰাচীন নাম কি ? উত্তৰ : প্ৰাগজ্যোতিষপুৰ …

ASSAMESE SYNONYMS অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ
26/02/2023

অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ | SYNONYMS IN ASSAMESE – …

Get Your Password

Lost your password? Please enter your username or email address. You will receive a link to create a new password via email.

My Account

  • My account
  • My Cart
  • Checkout

Search

Course Filter

Categories
9
9
23
21
9
9
11
1
13
1
2
20
1
3
Close

Featured Courses

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 9 Mathematics – MCQs with Answers and Explanations

CBSE Class 9 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 8 Mathematics – MCQs with Answers and Explanations

CBSE Class 8 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 7 Mathematics – MCQs with Answers and Explanations

CBSE Class 7 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 6 Mathematics – MCQs with Answers and Explanations

CBSE Class 6 Mathematics – MCQs with Answers and Explanations

₹50.00
Go to Courses

Social Media Link

  • Facebook
  • Twitter
  • Google Plus
  • LinkedIn
  • Pinterest
  • Instagram
  • Youtube

© 2026 Scientia Tutorials. All Rights Reserved.

  • About Us
  • Contact Us
  • Privacy Policy
  • Terms of Use
  • Terms and Conditions
  • Buy Online Courses

Login with your site account

Lost your password?

Not a member yet? Register now

Register a new account

Are you a member? Login now

HomeCourses
Search

Search

    Account
    Articles ShopCart