অসমীয়া সাঁথৰ - খণ্ড ১ অসমীয়া সাঁথৰ - খণ্ড ২ অসমীয়া সাঁথৰ - খণ্ড ৩…
ASSAMESE GREAT PERSON অসম কুইজ – অসমৰ বিশিষ্ট ব্যক্তি – মহান অসমীয়া
১. কোনজন অসমীয়াক ‘কলাগুৰু’ বোলা হয় ?
– বিষ্ণুপ্ৰসাদ ৰাভা ৷
২. কোনজন অসমীয়াক ‘ৰূপকোঁৱৰ’ বোলা হয় ?
– জ্যোতিপ্ৰসাদ আগৰৱালাক ৷
৩. কোনজন অসমীয়া ‘লোকপ্ৰিয়’ নামেৰে খ্যাত ?
– গোপীনাথ বৰদলৈ ৷
৪. কোনজন অসমীয়া ‘কৰ্মবীৰ’ নামেৰে জনজাত ?
– নবীনচন্দ্ৰ বৰদলৈ ৷
৫. কোনজন অসমীয়াক ‘দেশভক্ত’ নামেৰে খ্যাত ?
– তৰুণৰাম ফুকন ৷
৬. অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ নামে কোন জনজাত ?
– আনন্দ চন্দ্ৰ আগৰৱালা ৷
৭. ‘বিহগী কবি’ হিচাপে কোনজন কবি জনজাত ?
– ৰঘুনাথ চৌধৰী ৷
৮. ‘নটসূৰ্য্য’ নামেৰে খ্যাত অসমীয়া ব্যক্তিগৰাকী কোন ?
– ফণী শৰ্মা ৷
৯. অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে ?
– গুৱাহাটীত ৷
১০. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়ধীশ কোন ?
– মীৰা শৰ্মা ৷
১১. অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?
– ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী ৷
১২. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন ?
– গোপীনাথ বৰদলৈ ৷
১৩. প্ৰথম অসমীয়া ৰাজ্যপালজন কোন ?
– বিষ্ণুৰাম মেধি (মাদ্ৰাজ, ১৯৫৭) ৷
১৪. প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন ?
– ফকৰুদ্দিন আলি আহমেদ ৷
১৫. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন ?
– চৈয়দা আনোৱাৰা টাইমুৰ ৷
১৬. প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল ?
– হলীৰাম ফুকন ৷