Scientia-Tutorial
  • Categories
    • Sitemap
    • About Us
    • Contact Us
    • Join as a Teacher
    • Join as a Student
    • Find Students
    • Find Tutors
    • Course Categories
    • Study Materials
    • All Categories
    • Syllabus
  • Blogs
  • Events
  • Join as a Student
  • Become a Teacher
  • Courses
  • 0 items₹ 0
Login
  • Home
  • Blogs
  • STUDY MATERIALS
  • ASSAMESE LITERATURE অসমীয়া সাহিত্য

ASSAMESE LITERATURE অসমীয়া সাহিত্য

MOVIE, DRAMA, THEATRE AND ENTERTAINMENT IN ASSAM অসমৰ চলচ্চিত্ৰ, নাটক, থিয়েটাৰ আৰু মনোৰঞ্জন

  • Posted by ScientiaTutorials.in
  • Date 26/02/2023
  • Categories ASSAMESE LITERATURE অসমীয়া সাহিত্য
  • Tags Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam

১) প্ৰশ্ন : ড° ভবেন্দ্ৰ নাথ শইকীয়াই কোন খন চলচ্চিত্ৰৰ বাবে আৰু কিমান চনত শ্ৰেষ্ঠ নাট্য লিপিৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল?

উত্তৰ : ১৯৮৬ চনত ‘অগ্নিস্নান’ চলচ্চিত্ৰ খনৰ বাবে।

২) প্ৰশ্ন : ১৯৯৬ চনত ছিংগাপুৰত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোন খন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্ৰদান কৰা হৈছিল?

উত্তৰ : ‘সাগৰলৈ বহু দূৰ’ৰ বাবে বিষ্ণু খাৰঘৰীয়াক প্ৰদান কৰা হৈছিল।

৩) প্ৰশ্ন : অসমত কিমান চনত দূৰদৰ্শন সেৱা ব্যৱস্থা কাৰ্যকৰী হৈছিল?

উত্তৰ : ১৯৮২ চনৰ ১৯ নৱেম্বৰত যেতিয়া দিল্লীত ‘এছিয়ান গেম্‌ছ’ অনুষ্ঠিত হৈছিল।

৪) প্ৰশ্ন : গুৱাহাটী দূৰদৰ্শনত কেতিয়া আৰু কাৰ তত্বাৱধানত প্ৰথম কুইজ প্ৰতিযোগিতা প্ৰচাৰিত হৈছিল?

উত্তৰ : প্ৰবক্তা দিলীপ কুমাৰ বৰুৱাৰ তত্বাৱধানত ১৯৮৫ চনৰ ২৮ মাৰ্চত।

৫) প্ৰশ্ন : কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে ‘এ’ চাৰ্টিফিকেট লাভ কৰিছিল?

উত্তৰ : মৰিচীকা।

৬) প্ৰশ্ন : অল ইণ্ডিয়া ৰেডিঅ’, গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাট খনৰ নাম কি?

উত্তৰ : হৃদয়ৰ প্ৰয়োজন।

৭) প্ৰশ্ন : কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰ্পতি পদক লাভ কৰিছিল?

উত্তৰ : নিপ বৰুৱাই।

৮) প্ৰশ্ন : অনা-অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা প্ৰথ অসমীয়া পৰিচালক জন কোন আৰু তেওঁ নিৰ্মাণ কৰা চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ : প্ৰমথেশ বৰুৱা, দেৱদাস।

৯) প্ৰশ্ন : প্ৰতিখন ছবিতে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰা ছবি নিৰ্মাতা গৰাকী কোন?

উত্তৰ : ড° ভবেন্দ্ৰ নাথ শইকীয়া।

১০) প্ৰশ্ন : ১৯৯২ চনত ড° ভূপেন হাজৰিকাই কোন খন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল?

উত্তৰ : ৰুদালি।

১১) প্ৰশ্ন : ১৯৫৯ চনত ‘বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত’ অংশ গ্ৰহণ কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন?

উত্তৰ : জ্ঞানদা কাকতি।

১২) প্ৰশ্ন : শেখৰ কাপুৰ নিৰ্মিত চলচ্চিত্ৰ ‘বেণ্ডিত কুইন’ত অভিনয় কৰা আৰু ১৯৯৭ চনৰ ‘ফিল্মফেয়াৰ’ চলচ্চিত্ৰ মহোৎসৱত ‘শ্ৰেষ্ঠ আত্মপ্ৰকাশ’ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন?

উত্তৰ : সীমা বিশ্বাস।

১৩) প্ৰশ্ন : ৰাজ্য খনৰ সবাতোকৈ প্ৰসিদ্ধ আৰু ঐতিহ্যময় থিয়েটাৰ গৃহ ‘বেন-ষ্টেজ’ ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰ।

১৪) প্ৰশ্ন : জ্যোতি চিত্ৰবন কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৬৮ চনত।

১৫) প্ৰশ্ন : কোন খন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল?

উত্তৰ : চামেলি মেমচাব।

১৬) প্ৰশ্ন : ১৯৪৮ চনত কোন খন ছবিত বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল?

উত্তৰ : চিৰাজ।

১৭) প্ৰশ্ন : ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?

উত্তৰ : বিজয় চৌধুৰী।

১৮) প্ৰশ্ন : ১৯৫৫ চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰ খন কি?

উত্তৰ : পিয়লি ফুকন।

১৯) প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন?

উত্তৰ : প্ৰতাপ বৰুৱা।

২০) প্ৰশ্ন : নটসূৰ্য ফণী শৰ্মাই ‘জয়মতী’ চলচ্চিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল?

উত্তৰ : চাউদাং বৰুৱা।

২১) প্ৰশ্ন : ড° ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি আছিল?

উত্তৰ : মাহুত বন্ধুৰে।

২২) প্ৰশ্ন : জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ’টোৰ নাম কি?

উত্তৰ : জয়মতী।

২৩) প্ৰশ্ন : প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?

উত্তৰ : আইদেউ সন্দিকৈ।

২৪) প্ৰশ্ন : প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোন খন?

উত্তৰ : ইটো সিটো বহুতো।

২৫) প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন?

উত্তৰ : প্ৰমথেশ বৰুৱা।

২৬) প্ৰশ্ন : জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালক কোন খন চলচ্চিত্ৰই ২০০২ চনৰ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে?

উত্তৰ : মণিকাৰ ৰামধেনু।

২৭) প্ৰশ্ন : প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি?

উত্তৰ : অবুজ বেদনা।

২৮) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ : জয়মতী।

২৯) প্ৰশ্ন : প্ৰথম অসমীয়া সংগীত পৰিচালিকা কোন আছিল?

উত্তৰ : মনীষা বৰুৱা।

৩০) প্ৰশ্ন : প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী জনৰ নাম কি?

উত্তৰ : প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

৩১) প্ৰশ্ন : একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পী গৰাকী কোন?

উত্তৰ : জুবিন গাৰ্গ।

৩২) প্ৰশ্ন : অসমৰ থিয়েটাৰৰ পুৰণি কালত প্ৰচলিত মূল ভেটি দুটা কি কি?

উত্তৰ : ওজাপালি আৰু পুতলা নাচ।

৩৩) প্ৰশ্ন : শংকৰদেৱে ৰচনা কৰা ভাওনা আৰু অংকীয়া নাটৰ প্ৰথম মঞ্চস্থ হোৱা নাট খন কি?

উত্তৰ : চিহ্ন যাত্ৰা।

৩৪) প্ৰশ্ন : অংকীয়া নাটৰ মুখ্য চৰিত্ৰ কি?

উত্তৰ : সূত্ৰধাৰ।

৩৫) প্ৰশ্ন : প্ৰথম অসমীয়া সামাজিক নাটক কি?

উত্তৰ : ৰাম নৱমী।

৩৬) প্ৰশ্ন : গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচলন হোৱা প্ৰথম নাট খন কি?

উত্তৰ : ধৰালৈ যিদিনা নামিব সৰগ।

৩৭) প্ৰশ্ন : অসমীয়া নাটকৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

৩৮) প্ৰশ্ন : শংকৰদেৱৰ অংকীয়া নাটৰ প্ৰথম ৰচনা শৈলীৰ অংকীয়া নাট দুখনৰ নাম কি কি?

উত্তৰ : খুলীয়া ভাওনা আৰু খুলীয়া ভাৱৰীয়া।

৩৯) প্ৰশ্ন : গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰচনা কৰা প্ৰথম অসমীয়া নাটক খনৰ নাম কি?

উত্তৰ : ৰাম নৱমী।

৪০) প্ৰশ্ন : সংস্কৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন আছিল?

উত্তৰ : লম্বোদৰ বৰা ; নাট: শকুন্তলা।

৪১) প্ৰশ্ন : কোনজন অসমীয়া অভিনেতাই অসমৰ বাহিৰত প্ৰথমে অসমীয়া একক অংকীয়া নাট মঞ্চস্থ কৰিছিল?

উত্তৰ : হেমন্ত মিশ্ৰ, আমেৰিকাত।

৪২) প্ৰশ্ন : কোন গৰাকী ব্যক্তিয়ে ‘লেডি ডায়েনা’ নাটৰ নাট্যৰুপ দিছিল?

উত্তৰ : সেৱাব্ৰত বৰুৱা।

৪৩) প্ৰশ্ন : অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমান নাট্যদল কোনটো?

উত্তৰ : নটৰাজ থিয়েটাৰ।

৪৪) প্ৰশ্ন : ১৯৫৪ চনত দিল্লীত মঞ্চস্থ হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটে শ্ৰেষ্ঠ লোক নাটৰ সন্মান লাভ কৰে?

উত্তৰ : শোণিত কুঁৱৰী।

৪৫) প্ৰশ্ন : অসমত নতুন পৰিচয়সহ গঠিত হোৱা প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ খনৰ নাম কি?

উত্তৰ : নটৰাজ থিয়েটাৰ, ১৯৬৩-৬৪।

৪৬) প্ৰশ্ন : কোনজন অসমীয়া নাট্যকাৰে ‘টাইটানিক’ নামৰ ইংৰাজী কথাছবি খনৰ নাট্যৰুপ দিয়াৰ লগতে নাটখন পৰিচালনাও কৰিছিল?

উত্তৰ : হেমন্ত দত্ত।

৪৭) প্ৰশ্ন : তেওঁ এজন বিশিষ্ট নাট্যকাৰ, অভিনেতা, নাট পৰিচালক আৰু থিয়েটাৰ সংগঠক। তেওঁ ১৯২৯ চনত নৱম শ্ৰেণীত পঢ়ি থাকোতেই ‘একলব্য’ নামৰ প্ৰথমখন নাট ৰচনা কৰিছিল। এই গৰাকী ব্যক্তিৰ নাম কি?

উত্তৰ : শ্ৰী লক্ষ্যধৰ চৌধুৰী।

৪৮) প্ৰশ্ন : ঊনবিংশ শতিকাৰ শেষৰ ফালে অসমত থিয়েটাৰ মঞ্চ আন্দোলন গঢ়ি তোলাৰ উদ্দেশ্যে গুৱাহাটীৰ পানবজাৰত এটি সংস্থা গঠন হয়। এই সংস্থাটোৰ নাম কি?
উত্তৰ : আৰ্য নাট্য মঞ্চ।

Tag:Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam

  • Share:
ScientiaTutorials.in

Scientia Tutorials, established in 2007 in Dispur, Guwahati (Assam), is a trusted provider of home tuition, online tutoring, and e-learning courses. With a strong focus on school-level education, we connect students from Classes I to XII with qualified male and female tutors across all subjects.

Founded by Mr. Prasanta Jyoti Saikia (M.Sc., Gauhati University), Scientia Tutorials operates as a registered micro-enterprise in Assam’s education sector. Guided by the values of integrity and responsibility, our mission is to provide verified, reliable tutors and effective learning support to students across the state.

Previous post

PRIZES AND PRIZE WINNERS IN ASSAM অসমৰ বঁটা আৰু বঁটা বিজয়ী সকল
26/02/2023

Next post

ASSAM SPORTS QUIZ অসমৰ খেল কুইজ - ক্ৰীড়া কুইজ
26/02/2023

You may also like

ASSAMESE SATHAR অসমীয়া সাঁথৰ
26/02/2023

অসমীয়া সাঁথৰ – খণ্ড ১ অসমীয়া সাঁথৰ – খণ্ড ২ …

ASSAM HISTORY অসম বুৰঞ্জী
26/02/2023

(১) অসমৰ আটাইতকৈ প্ৰাচীন নাম কি ? উত্তৰ : প্ৰাগজ্যোতিষপুৰ …

ASSAMESE SYNONYMS অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ
26/02/2023

অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ | SYNONYMS IN ASSAMESE – …

Login with your site account

Lost your password?

Not a member yet? Register now

My Account

  • My account
  • My Cart
  • Checkout

Search

Course Filter

Categories
9
9
23
21
9
9
11
1
13
1
2
20
1
3
Close

Featured Courses

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 9 Mathematics – MCQs with Answers and Explanations

CBSE Class 9 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 8 Mathematics – MCQs with Answers and Explanations

CBSE Class 8 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 7 Mathematics – MCQs with Answers and Explanations

CBSE Class 7 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 6 Mathematics – MCQs with Answers and Explanations

CBSE Class 6 Mathematics – MCQs with Answers and Explanations

₹50.00
Go to Courses

Social Media Link

  • Facebook
  • Twitter
  • Google Plus
  • LinkedIn
  • Pinterest
  • Instagram
  • Youtube

© 2026 Scientia Tutorials. All Rights Reserved.

  • About Us
  • Contact Us
  • Privacy Policy
  • Terms of Use
  • Terms and Conditions
  • Buy Online Courses

Login with your site account

Lost your password?

Not a member yet? Register now

Register a new account

Are you a member? Login now

HomeCourses
Search

Search

    Account
    Articles ShopCart