Scientia-Tutorial
  • Categories
    • Join as a Teacher
    • Join as a Student
    • Sitemap
    • About Us
    • Contact Us
    • Find Students
    • Find Tutors
    • Course Categories
    • Study Materials
    • All Categories
    • Syllabus
  • Blogs
  • Classroom Tuition
  • Become a Teacher
  • Join as a Student
  • Courses
  • 0 items₹ 0
Login
  • Home
  • Blogs
  • STUDY MATERIALS
  • ASSAMESE LITERATURE অসমীয়া সাহিত্য

ASSAMESE LITERATURE অসমীয়া সাহিত্য

ASSAM SPORTS QUIZ অসমৰ খেল কুইজ – ক্ৰীড়া কুইজ

  • Posted by ScientiaTutorials.in
  • Categories ASSAMESE LITERATURE অসমীয়া সাহিত্য
  • Date 26/02/2023

অসমৰ খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ১
অসমৰ খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ২
অসমৰ খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ৩
অসমৰ খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ৪
CRICKET QUIZ ক্ৰিকেট খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ৫

[vcex_divider_dots color=”#dd3333″ margin_top=”10″ margin_bottom=”10″]

[vcex_divider color=”#dddddd” width=”100%” height=”1px” margin_top=”20″ margin_bottom=”20″]

অসমৰ খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ১

(১) আহোম যুগৰ খেলৰ প্ৰাণকেন্দ্ৰ কি আছিল ?

উত্তৰ : ৰংঘৰ ৷

(২) অসমত পুৰণি কালৰেপৰা প্ৰচলিত এবিধ থলুৱা নাম কি ?

উত্তৰ : কড়ি খেল ৷

(৩) অলিম্পিকত পদক লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?

উত্তৰ : লাভলীনা বৰগোহাঁই ৷ লাভলীনা বৰগোহাঁই ২০২১ চনত অনুষ্ঠিত টকিঅ অলিম্পিকত মহিলাৰ বক্সিংত ব্ৰঞ্জৰ পদক লাভ কৰে।

(৪) অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিল ?

উত্তৰ : ভাৰতৰ ফুটবল দলৰ অধিনায়ক ডা° টালিমেৰণ আও ৷ তেওঁ ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত ভাৰতৰ ফুটবল দলৰ অধিনায়ক ৰূপে অংশগ্ৰহণ কৰিছিল ৷

(৫) অলিম্পিকত অংশগ্ৰহণ কৰা দ্বিতীয়জন অসমীয়া কোন আছিল ?

উত্তৰ : বেডমিণ্টনৰ খেলুৱৈ দীপাংকৰ ভট্টাচাৰ্য ৷ তেও দুবাৰ ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিক আৰু ১৯৯৬ চনত আটলাণ্টা অলিম্পিকত অংশগ্ৰহণ কৰিছিল ৷

(৬) অলিম্পিকত অংশগ্ৰহণ কৰা সৰ্বকনিষ্ঠ ভাৰতীয় বক্সাৰ জনৰ নাম কি আছিল?

উত্তৰ:- অসমৰ শিৱ থাপা। (২০১২ চনত লণ্ডন অলিম্পিক)।

(৭) অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল ?

উত্তৰ : দৌৰবিদ ভোগেশ্বৰ বৰুৱা ৷

(৮) কমনৱেলথ গেমছত পদক লাভ কৰা প্ৰথম অসমীয়া কোন আছিল ?

উত্তৰ : নয়নমণি শইকীয়া( ল’ন বল)

(৯) এচিয়ান গেমছত স্বৰ্ণপদক লাভ কৰা অসমীয়া খেলুৱৈগৰাকীৰ নাম কি?

উত্তৰ : ভোগেশ্বৰ বৰুৱা । তেওঁ ১৯৬৬ চনত বেংককত অনুষ্ঠিত এচিয়ান গেমছত ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে ৷

(১০) ভাৰতৰ ক্ৰিয়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চাঁদ খেলৰত্ন বঁটা লাভ কৰা অসমৰ খেলুৱৈ গৰাকীৰ নাম কি?

উত্তৰ:- লাভলীনা বৰগোহাঁই।

(১১) ২০০৬ চনৰ আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত শাখাত সোণৰ পদক লাভ কৰা অসমৰ খেলুৱৈ জনৰ নাম কি আছিল?

উত্তৰ:- জয়ন্ত তালুকদাৰ।

(১২) অসমত কিমানতম ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল ?

উত্তৰ : ৩৩তম ।

(১৩) ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়া কেতিয়া অনুষ্ঠিত হৈছিল ?

উত্তৰ : ২০০৭ চনৰ ১৭ ফেব্ৰুৱাৰীত ৷

(১৪) ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মূল ষ্টেডিয়ামখনৰ নাম কি আছিল?

উত্তৰ : ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম, সৰু সজাই, গুৱাহাটী ।

(১৫) ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মেছকেট(শুভংকৰ) কি আছিল ?

উত্তৰ : ৰংমন ।

(১৬) ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে কিমানটা পদক লাভ কৰিছিল ?

উত্তৰ : সোণ ৩৮, ৰূপ ৫৩ আৰু ব্ৰঞ্জ ৫৭টা লাভ কৰিছিল ৷

(১৭) অসমৰ সৰ্বপ্ৰথম ৰঞ্জীট্ৰফী খেল কত অনুষ্ঠিত হৈছিল ?

উত্তৰ : যোৰহাটৰ চিনামৰাৰ জিমখাত খেলপথাৰত ৷

(১৮) অসমত প্ৰথমখন এদিনীয়া আন্তজাৰ্তিক ক্ৰিকেট খেল কেতিয়া কত আৰু কাৰ মাজত অনুষ্ঠিত হৈছিল ।
উত্তৰ : ১৯৮৩ চনৰ ১৭ ডিচেম্বৰত ভাৰত আৰু ৱেষ্টইণ্ডিজৰ মাজত গুৱাহাটীত অনুষ্ঠিত হৈছিল ।

(১৯) প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন আছিল ?

উত্তৰ : বাবুল বাৰ্মিজ।

(২০) ভাৰতীয় ফুটবলৰ এছ’চিয়েছনৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল?

উত্তৰ : নুৰুল আমিন।

(২১) একেৰাহে ২৬ ঘণ্টা সাঁতুৰি অভিলেখ গঢ়া অসমৰ সাতোৰবিদজন কোন আছিল ?

উত্তৰ : এলভিছ আলী হাজৰিকা।

(২২) অসমৰ প্ৰথম মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰা শৰীৰচৰ্চাবিদ কোন আছিল ?

উত্তৰ : মহাদেৱ ডেকা (২০০৯) ৷

(২৩) প্ৰথম অসমীয়া আন্তৰ্জাতিক শৰীৰচৰ্চাবিদ কোন আছিল ?

উত্তৰ : হৰকান্ত বৰগোহাঁই ৷

(২৪) ভাৰত বক্সিং দলত স্থান পোৱা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন আছিল ?

উত্তৰ : বিতোপন শইকীয়া ।

(২৫)গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম কেতিয়া মুকলি কৰা হয়?

উত্তৰ : ১৯৬২ চনৰ ১৫ জুলাই তাৰিখে।

(২৬) ৰঞ্জীট্ৰফীত ১০০০ ৰাণ আৰু ১০০ উইকেট লাভ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল।

উত্তৰ : গৌতম দত্ত।

(২৭) ৰঞ্জীট্ৰফীত ১০০ উইকেট লাভ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল ?

উত্তৰ : অনুপ ঘটক ৷

(২৮) অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া আৰু কিয় পালন কৰা হয়?

উত্তৰ : অৰ্জ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত প্ৰতিবছৰে ৩ ছেপ্তেম্বৰ পালন কৰা হয় ।

(২৯) ভাৰতীয় ‘এ’ অন্তভুৰ্ক্ত হোৱা অসমৰ প্ৰথম গৰাকী ক্ৰিকেটাৰ কোন আছিল। ?

উত্তৰ : জাভেদ জামান।

(৩০) ভাৰতীয় স্কুল ক্রিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ মাধুৰ্য প্ৰসাদ বৰুৱা ৷

(৩১) বৰদলৈ ট্ৰফী কেতিয়াৰ পৰা আৰম্ভ হয় ?

উত্তৰ : ১৯৫২ চনৰ পৰা ।

(৩২) বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী কোন আছিল ?
উত্তৰ : ৰে’লৱে স্পৰ্টছ ক্লাবচ বিজয়ী দল পাণ্ডু ৷

(৩৩) বৰদলৈ ট্ৰফী বৰ্তমান কোনে আয়োজন কৰে ?

উত্তৰ : গুৱাহাটী ক্ৰীড়া সন্থাই ৷

(৩৪) অসম হকী এছ’চিয়েচন কোন চনত সংগঠিত হৈছিল?

উত্তৰ : ১৯৫৫ চনত।

(৩৫) ১৯৮৫ চনত বেংকত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰ জন কোন?

উত্তৰ : ফ্ৰান্সিচ বৰুৱা।

(৩৬) ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল?

উত্তৰ : নন্দিনী বৰুৱা।

(৩৭) বৰ্তমান অসমত চলি থকা আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম কি?

উত্তৰ : স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা ৷

(৩৮) অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : ১৯৪৭ চনত।

[vcex_divider color=”#dddddd” width=”100%” height=”1px” margin_top=”20″ margin_bottom=”20″]

অসমৰ খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ২

১) প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন?

উত্তৰ : বাবুল বাৰ্মিজ।

২) অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজনৰ নাম কি?

উত্তৰ : ভোগেশ্বৰ বৰুৱা আৰু মনালিচা (বৰুৱা) মেহতা।

৩) ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম খেলুৱৈ গৰাকী কোন আছিল?

উত্তৰ : মাধুৰ্য প্ৰসাদ বৰুৱা।

৪) ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : অনুপ ঘটক।

৫) গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?

উত্তৰ : ৱেষ্ট ইণ্ডিজ আৰু ভাৰত।

৬) ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তি জন কোন?

উত্তৰ : নুৰুল আমিন।

৭) অসমৰ ক্ৰীড়াৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?

উত্তৰ : স্বৰ্গীয় আৰ. জি. বৰুৱা।

৮) এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথম অসমীয়া ব্যক্তি জন কোন?

উত্তৰ : সুৰেণৰাম ফুকন।

৯) ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন?

উত্তৰ : জাভেদ জামান।

১০) কোনে ফুটবল প্ৰতিযোগিতাক AIF ৰ দ্বাৰা ভাৰতৰ ‘টপ লীগ’ প্ৰতিযোগিতা হিচাপে মৰ্যাদা প্ৰদান কৰা হয়?

উত্তৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

১১) ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ জন কোন আছিল?

উত্তৰ : বীৰেন বড়ো।

১২) ভাৰতীয় ভলীবল দলত ভাগ লোৱা প্ৰথম অসমীয়া ভলীবল খেলুৱৈ গৰাকী কোন আছিল আৰু কিমান চনত?

উত্তৰ : অভিজিৎ ভট্টাচাৰ্য, ১৯৯৬ চনত।

১৩) পুৰণি অসমৰ ঘাইকৈ শিশুৰ মাজত জনপ্ৰিয় এবিধ খেল আছিল। সেই খেল বিধ কি আছিল?

উত্তৰ : টাং-গুটি।

১৪) ‘অসম ক্ৰীড়া দিৱস’ কেতিয়া উদ্‌যাপিত হয়?

উত্তৰ : ১৭ অক্টোবৰত।

১৫) কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯৮৩ চনত।

১৬) বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল?

উত্তৰ : ১৬ টা।

১৭) অসম হকী এছ’চিয়েচন কোন চনত সংগঠিত হৈছিল?

উত্তৰ : ১৯৫৫ চনত।

১৮) অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : ১৯৪৭ চনত।

১৯) ১৯৮৫ চনত বেংকত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰ জন কোন?

উত্তৰ : ফ্ৰান্সিচ বৰুৱা।

২০) ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : মাধুৰ্য প্ৰসাদ বৰুৱা।

২১) ১৯৮৫ চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক পোৱা অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি?

উত্তৰ : মিঠু বৰুৱা।

২২) ১৯৯৬ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত তিনিটা মীট ৰেকৰ্ডসহ নটা স্বৰ্ণ পদক বিজয়ী অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : এলভিছ আলী হাজৰিকা।

২৩) ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল?

উত্তৰ : নন্দিনী বৰুৱা।

২৪) বিশ্ব টেবুল টেনিছ প্ৰতিযোগিতাত (জুনিয়ৰ শাখা) ভাৰতক প্ৰতিনিধিত্ব কৰা (৩য় স্থান লাভ) অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি?

উত্তৰ : পল্লৱী পৰাশৰ।

২৫) বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ সৰ্বপ্ৰথম বিজয়ী দলটোৰ নাম কি?

উত্তৰ : ৰে’লৱে স্পৰ্টছ ক্লাবচ বিজয়ী দল পাণ্ডু আৰু দ্বিতীয় বিজয়ী দল ইউনিয়ন স্পোৰ্টিং ক্লাৱ।

২৬) ২০১২ চনত অনুষ্ঠিত বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ খিতাপ দখল কৰা দলটোৰ নাম কি?

উত্তৰ : অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজান।

২৭) এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : ভোগেশ্বৰ বৰুৱা (১৯৬৬ চনৰ প্ৰথম এছিয়ান গেমছত)।

২৮) ১৯৯৩ চনত হংকঙত অনুষ্ঠিত এছিয়া পেছিফিক চন্তুৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক বিজয়ী অসমীয়া ছোৱালী প্ৰতিযোগি দুগৰাকী কোন?

উত্তৰ : মনিকংকনা দত্ত বৰুৱা আৰু তেওঁৰ ভগ্নী পল্লৱী দত্ত বৰুৱা।

২৯) ২০০১ চনত কলম্বোত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান অৰ্জন কৰা অসমীয়া প্ৰতিযোগী গৰাকীৰ নাম কি?

উত্তৰ : ১৪ বছৰ বয়সীয়া অংশুমান দত্ত।

৩০) ১৯৯২ চনৰ গুৱাহাটীত অনুষ্ঠিত ফেডাৰেচন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগল্‌ছ খিতাপ কোনে অৰ্জন কৰিছিল?

উত্তৰ : অসমৰ চিৰাজ-উদ-দিন আহমেদ।

৩১) ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দুটা সোণৰ পদক আৰু চেম্পিয়নৰ খিতাপ অৰ্জন কৰা অসমৰ ছোৱালী প্ৰতিযোগী গৰাকী কোন আৰু কিমান চনত তেওঁ এই সন্মান লাভ কৰিছিল?

উত্তৰ : ১৯৯৭ চনত অৰুণিমা মজুমদাৰ।

৩২) ১৯৯৪ চনৰ ৫৮ তম ‘ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ’ত পুৰুষৰ খিতাপ অৰ্জন কৰা অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : দীপাংকৰ ভট্টাচাৰ্য সুশান্ত চক্ৰৱৰ্তী পৰাস্ত কৰে।

৩৩) অসমৰ কোন গৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ বৰ্তমান যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে জনাজাত?

উত্তৰ : নিপ বৰুৱা।

৩৪) অলিম্পিক গেমছত অংশ গ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ গৰাকী কোন আৰু তেওঁ কিমান চনত অংশ গ্ৰহণ কৰিছিল?

উত্তৰ : ১৯৪৮ চনৰ লণ্ডনত অনুষ্ঠিত অলিম্পিকত ড° টালিমেৰণ আও।

৩৫) অসমৰ কোন গৰাকী সাঁতোৰবিদে ৯ টা সোণৰ আৰু তিনিটা নতুন মীট ৰেকৰ্ড সৃষ্টি কৰিছিল?

উত্তৰ : এলভিছ আলী হাজৰিকা।

৩৬) ৰাষ্ট্ৰীয় বক্সিং দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন?

উত্তৰ : বিতোপন শইকীয়া।

৩৭) এছিয়ান গেমছত অংশ গ্ৰহণ কৰা অসমীয়া টেনিছ খেলুৱৈ গৰাকী কোন?

উত্তৰ : বিদ্যুৎ গোস্বামী।

৩৮) ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমৰ দুগৰাকী ফুটবল খেলুৱৈৰ নাম কি?

উত্তৰ : টালিমেৰণ আও আৰু ফ্ৰান্সিচ বৰুৱা।

৩৯) ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত ১০০০ ৰাণ আৰু ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : গৌতম দত্ত।

৪০) অসম চৰকাৰে কোনটো দিনক ‘অসম ক্ৰীড়া দিৱস’ হিচাপে ঘোষণা কৰিছে?

উত্তৰ : ১৭ অক্টোবৰ, ৰাধাগোবিন্দ বৰুৱাৰ জন্মদিন।

৪১) ২০০১ চনত কলম্বোত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেনিচ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান লাভ কৰা অসমীয়া খেলুৱৈজনৰ নাম কি ?

উত্তৰ : অংশুমান দত্ত (১৪ বছৰ বয়সত)।

৪২) ১৯৯৪ চনত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিন্টন চেম্পিয়নশ্বিপত পুৰুষৰ খিতাপ অৰ্জন কৰা অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰ : দীপাংকৰ ভট্টাচাৰ্য।

৪৩) ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দুটা সোণৰ পদক আৰু চেম্পিয়নৰ খিতাপ অৰ্জন কৰা অসমৰ ছোৱালী প্ৰতিযোগী গৰাকী কোন আছিল ?

উত্তৰ : অৰুনিমা মজুমদাৰ (১৯৯৭ চন)।

৪৪) ইয়াৰে কোনটো দল সংগঠিত নহয় ?

(ক) ভলীবল

(খ) কাবাডী

(গ) দবা

(ঘ) ফুটবল

উত্তৰ : দবা ।

৪৫) নিম্নলিখিত কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে ?

(ক) জাপান

(খ) ভাৰত

(গ) নিউজিলেণ্ড

(ঘ) বাংলাদেশ

উত্তৰ : জাপান ।

৪৬) ভাৰত কেতিয়া বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম চেম্পিয়ন হৈছিল ?

উত্তৰ : ১৯৮৩

৪৭) কোনখন দেশে বিশ্বকাপ ফুটবলৰ সৰ্বাধিক বিজয়ী হোৱাৰ সুযোগ লাভ কৰিছে ?

উত্তৰ : ব্ৰাজিল ।

৪৮) যিকোনো বিদেশী ফুটবল ক্লাবৰ হৈ খেলা প্ৰথম ভাৰতীয় খেলুৱৈ কোন ?

উত্তৰ : বাইচুং ভূটিয়া ।

৪৯) টকিঅ’ অলিম্পিক ২০২০ ত জেভলিন থ্ৰো ইভেণ্টত ভাৰতৰ হৈ কোনে সোণৰ পদক জিকিছিল?

উত্তৰ : নীৰজ চোপ্ৰা ।

৫০) টকিঅ’ অলিম্পিক ২০২০ ত ভাৰতীয় পুৰুষ হকী দলে কোন দেশৰ হকী দলক পৰাজিত কৰি ব্ৰঞ্জৰ পদক জিকিছিল?

উত্তৰ : জাৰ্মানী

[vcex_divider color=”#dddddd” width=”100%” height=”1px” margin_top=”20″ margin_bottom=”20″]

অসমৰ খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ৩

প্ৰশ্ন:- ভাৰতৰ প্ৰথম অলিম্পিক পদক লাভ কৰা মহিলা বক্সাৰ গৰাকীৰ নাম কি?
উত্তৰ:- মেৰী কম।

প্ৰশ্ন:- ভলিবল কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰ:- উইলিয়াম মৰগানে আবিষ্কাৰ কৰিছিল ১৮৯৫ চনত।

প্ৰশ্ন:- কি খেল আগতে “মিণ্টনেট” হিচাপে পৰিচিত আছিল?
উত্তৰ:- ভলিবল।

প্ৰশ্ন:- প্ৰথম দক্ষিণ এছিয়ান গেমছ কত অনুষ্ঠিত হৈছিল আৰু কিমান চনত অনুষ্ঠিত হৈছিল?
উত্তৰ:- কাঠমাণ্ডু, নেপালত অনুষ্ঠিত হৈছিল, ১৯৮৪ চনত।

প্ৰশ্ন:- ৰুভাৰছ কাপ (Rovers Cup) কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- ফুটবল।

প্ৰশ্ন:- WISPA কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- স্কোৱাছ খেলৰ সৈতে সম্পৰ্কিত। (WISPA ৰ সম্পূৰ্ণ অৰ্থ হৈছে – Women’s International Squash Players Association) ।

প্ৰশ্ন:- এজৰা কাপ (Ezra Cup) কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- প’ল (Polo) খেলৰ সৈতে জড়িত।

প্ৰশ্ন:- কি খেলত “মৌলানা আবুল কালাম আজাদ” (MAKA) ট্ৰফী দিয়া হয়?
উত্তৰ:- আন্ত বিশ্ববিদ্যালয় খেলত।

প্ৰশ্ন:- “আগাখান ট্ৰফী” কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- শো জাম্পিং (Show Jumping) খেলৰ সৈতে জড়িত।

প্ৰশ্ন:- বিশ্বৰ সৰ্বোচ্চ হকী স্থল ক’ত অৱস্থিত?
উত্তৰ:- শিলাৰোত অৱস্থিত। চিমলাৰ পৰা শিলাৰোলৈ দূৰত্ব প্ৰায় ৫২ কিলোমিটাৰ।

প্ৰশ্ন:- অলিম্পিক পদক প্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা গৰাকীৰ নাম কি আৰু কিমান চনত এই পদক পাবলৈ সক্ষম হৈছিল?
উত্তৰ:- কৰ্ণাম মালেশ্বৰী। (২০০০ চনত চিডনীত অনুষ্ঠিত হোৱা অলিম্পিক খেলত এই পদক পাবলৈ সক্ষম হৈছিল।)

প্ৰশ্ন:- আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতীয় খেল কি?
উত্তৰ:- বেচবল (Baseball) ।

প্ৰশ্ন:- “ৰাইডাৰ কাপ” কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- গলফ খেলৰ সৈতে জড়িত।

প্ৰশ্ন:- “ইলেক্ট্ৰা গোল্ড কাপ” কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- টেবুল টেনিছ।

প্ৰশ্ন:- বিখ্যাত ফুটবল খেলুৱৈ মাৰাডোনাই কোনখন দেশক প্ৰতিনিধিত্ব কৰে?
উত্তৰ:- আৰ্জেন্টিনা।

প্ৰশ্ন:- অলিম্পিক শিখাৰ প্ৰতীক কি?
উত্তৰ:- ধাৰাবাহিকতা।

প্ৰশ্ন:- ২০১৪ চনত ফিফা বিশ্বকাপত ট্ৰফী কোনে লাভ কৰিছিল?
উত্তৰ:- জাৰ্মানী।

প্ৰশ্ন:- ২০১০ চনত ফিফা বিশ্বকাপত ট্ৰফী কোনে লাভ কৰিছিল?
উত্তৰ:- স্পেইন।

প্ৰশ্ন:- পুৰুষৰ বিশ্বকাপ হকী ২০১৮ চনত ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- ভুৱনেশ্বৰ, ভাৰত।

প্ৰশ্ন:- ভাৰতে প্ৰথম ক’ত আৰু কিমান চনত অলিম্পিক হকীত স্বৰ্ণ জয়ী হৈছিল?
উত্তৰ:- ১৯২৮ চনত, আমষ্টাৰডামত।

প্ৰশ্ন:- কি খেলৰ সৈতে চেম্পিয়ন ট্ৰফী জড়িত?
উত্তৰ:- হকী।

প্ৰশ্ন:- কি খেলত সুমন বালাই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল?
উত্তৰ:- মহিলা হকী খেলত সুমন বালাই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

প্ৰশ্ন:- “আজলান শ্বাহ কাপ” কি খেলৰ সৈতে জড়িত?
উত্তৰ:- হকী খেলৰ সৈতে জড়িত।

প্ৰশ্ন:- ২০১৬ চনত অলিম্পিক গেমছ ক’ত অনুষ্ঠিত কৰা হৈছিল?
উত্তৰ:- ৰিঅ’ ডি জেনেৰিঅ’, ব্ৰাজিল।

প্ৰশ্ন:- L.B.W. শব্দটো কি খেলৰ সৈতে জড়িত?
উত্তৰ:- ক্ৰিকেট খেলৰ সৈতে জড়িত।

প্ৰশ্ন:- “ডেভিছ কাপ” কি খেলৰ সৈতে জড়িত?
উত্তৰ:- লন টেনিছ খেলৰ সৈতে জড়িত।

প্ৰশ্ন:- প্ৰথম কমনৱেলথ গেম কিমান চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- ১৯৩০ চনত, হেমিল্টন, কানাডা।

প্ৰশ্ন:- প্ৰথম এছিয়ান গেমছ ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- নতুন দিল্লীত।

প্ৰশ্ন:- প্ৰথম যুৱ অলিম্পিক গেমছ ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- চিংগাপুৰত।

প্ৰশ্ন:- ২০১৮ চনৰ শীতকালীন অলিম্পিক ক’ত অনুষ্ঠিত কৰা হৈছিল?
উত্তৰ:- পিংগচাঙত।

প্ৰশ্ন:- ফিফা ৱৰ্ল্ডকাপ ২০১৮ চনত ক’ত অনুষ্ঠিত কৰা হৈছিল?
উত্তৰ:- ৰাছিয়া।

প্ৰশ্ন:- ২০২১ চনত অনুষ্ঠিত টকিঅ’ ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰোত্তোলনৰ মহিলাৰ ৪৯ কে:জি: শাখাত ৰূপৰ পদক লাভ কৰা ভাৰতীয় মহিলা খেলুৱৈ গৰাকীৰ নাম কি আছিল?
উত্তৰ:- সাইখোম মীৰাবাই চানু।

প্ৰশ্ন:- ২০২১ চনত অনুষ্ঠিত টকিঅ’ ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত এথলেটিকছৰ পুৰুষৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈ জনৰ নাম কি আছিল?
উত্তৰ:- নীৰজ চোপ্ৰা।

প্ৰশ্ন:- ২০২১ চনত অনুষ্ঠিত টকিঅ’ ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত বেডমিণ্টনত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় মহিলা খেলুৱৈ গৰাকীৰ নাম কি আছিল?
উত্তৰ:- পি. ভি. সিন্ধু। সম্পূৰ্ণ নাম – পুষৰলা ভেংকট সিন্ধু।

প্ৰশ্ন:- অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম অসমীয়া মহিলা, বক্সাৰ গৰাকীৰ নাম কি আছিল?
উত্তৰ:- লাভলীনা বৰগোঁহাই। ২০২১ চনত অনুষ্ঠিত টকিঅ’ ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল।

প্ৰশ্ন:- ২০২১ চনত অনুষ্ঠিত টকিঅ’ ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰা অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি আছিল?
উত্তৰ:- লাভলীনা বৰগোহাঁই।

প্ৰশ্ন:- ভাৰতে পোনপ্ৰথমবাৰৰ বাবে কিমান চনত অলিম্পিক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল?
উত্তৰ:- ১৯০০ চনত ভাৰতে পোনপ্ৰথমবাৰৰ বাবে অলিম্পিক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল।

প্ৰশ্ন:- ২০০৬ চনৰ আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত শাখাত সোণৰ পদক লাভ কৰা অসমৰ খেলুৱৈ জনৰ নাম কি আছিল?
উত্তৰ:- জয়ন্ত তালুকদাৰ।

প্ৰশ্ন:- সন্মানীয় অৰ্জুন বঁটা লাভ কৰা অসমৰ তৃতীয়গৰাকী এথলীটৰ নাম কি আছিল?
উত্তৰ:- জয়ন্ত তালুকদাৰ।তেওঁ ২০০৭ চনত সন্মানীয় অৰ্জুন বঁটা লাভ কৰিছিল।

প্ৰশ্ন:- অলিম্পিকলৈ যোৱা সৰ্বকনিষ্ঠ ভাৰতীয় বক্সাৰ জনৰ নাম কি আছিল?
উত্তৰ:- শিৱ থাপা। (২০১২ চনত লণ্ডন অলিম্পিক)।

প্ৰশ্ন:- ২০১২ চনত কাজাখাস্তানত অনুষ্ঠিত Asian Olympic Qualifiersত সোণৰ পদক লাভ কৰা অসমৰ বক্সাৰ জনৰ নাম কি আছিল?
উত্তৰ:- শিৱ থাপা।

প্ৰশ্ন:- ২০২১ চনত কৰ্ণাটকৰ বেলাৰীত অনুষ্ঠিত পঞ্চম এলিট মেনছ নেচনেল বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰা অসমৰ বক্সাৰ গৰাকীৰ নাম কি আছিল?
উত্তৰ:- শিৱ থাপা।

প্ৰশ্ন:- ২০২১ বৰ্ষত তেলেংগানাত অনুষ্ঠিত হোৱা ৬০ তম ৰাষ্ট্ৰীয় মুকলি এথলেটিকছ চেম্পিয়নশ্বিপত ১০০ মিটাৰ দৌৰত ৰূপৰ পদক আৰু ২০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰা অসমৰ খেলুৱৈ জনৰ নাম কি আছিল?
উত্তৰ:- অম্লান বৰগোহাঁই।

প্ৰশ্ন:- ২০২১ চনৰ ১০ ৰ পৰা ১২ ছেপ্টেম্বৰলৈ উত্তৰ প্ৰদেশৰ বুডাউ’ত অনুষ্ঠিত হোৱা “ফাৰ্ষ্ট ইলাইট কাপ অপেন নেচনেল টাইকোৱাণডো চেম্পিয়নশ্বিপ”ত ৪১ কিঃগ্ৰাঃ শাখাত অংশগ্ৰহণ কৰি স্বৰ্ণ লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ জনৰ নাম কি আছিল?
উত্তৰ:- ধ্ৰুপদ কাশ্যপ।

প্ৰশ্ন:- ভাৰতৰ ক্ৰিয়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চাঁদ খেলৰত্ন বঁটা ২০২১ ৰ বাবে মনোনীত অসমৰ মহিলা খেলুৱৈ গৰাকীৰ নাম কি?
উত্তৰ:- লাভলীনা বৰগোহাঁই।

প্ৰশ্ন:- অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত ৱাই এছ আৰ অল ইণ্ডিয়া অপেন ফাইড ৰেটিং চেছ টুৰ্ণামেন্ট ২০২১ত প্ৰথম স্থান দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ জনৰ নাম কি?
উত্তৰ:- আৰোহণ নাথ। ৭ বছৰ অনুৰ্ধৰ এই দবা প্ৰতিযোগিতাত প্রথম স্থান দখল কৰি কণমানি শিশুটিয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

প্ৰশ্ন:- অৰ্জুন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ফুটবলাৰ কোন আছিল?
উত্তৰ:- পি. কে. বেনাৰ্জী। (সম্পূৰ্ণ নাম – Pradip Kumar Banerjee)

প্ৰশ্ন:- বজৰং পুনিয়া কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- মল্লযুদ্ধ। (Wrestling)

প্ৰশ্ন:- ফিফা (FIFA) কি খেলৰ সৈতে সম্পৰ্কিত সংগঠন?
উত্তৰ:- ফুটবল

প্ৰশ্ন:- ধ্যান চান্দ (Dhyan Chand) কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- হকী

প্ৰশ্ন:- Rohinton Baria Trophy কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- ক্ৰিকেট

প্ৰশ্ন:- নোমুৰা কাপ (Nomura Cup) কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- গল্ফ

প্ৰশ্ন:- নাৰাং কাপ (Narang Cup) কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- বেডমিণ্টন

প্ৰশ্ন:- ‘Butterfly’ শব্দ কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- সাঁতোৰ

প্ৰশ্ন:- Ramanujan Trophy কি খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- টেবুল টেনিছ

প্ৰশ্ন:- কোনখন দেশে Uber Cup 2022 জিকিছে?
উত্তৰ:- দক্ষিণ কোৰিয়া

প্ৰশ্ন:- ৰিলায়েন্স কাপ কি খেলৰ সৈতে জড়িত?
উত্তৰ:- ক্ৰিকেট

প্ৰশ্ন:- ৩৬তম ৰাষ্ট্ৰীয় ক্ৰীড়া ক’ত অনুষ্ঠিত হৈছে?
উত্তৰ:- গুজৰাট

প্ৰশ্ন:- এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ২০২২ বৰ্ষত মহিলাৰ ৭৫ কেজিৰ শাখাত স্বৰ্ণ জয় কৰা খেলুৱৈ গৰাকীৰ নাম কি?
উত্তৰ:- লাভলীনা বৰগোহাঁই

[vcex_divider color=”#dddddd” width=”100%” height=”1px” margin_top=”20″ margin_bottom=”20″]

অসমৰ খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ৪

১) আধুনিক অলিম্পিক খেল প্ৰথমে কত আৰু কেতিয়া অনুষ্ঠিত হয়?

উত্তৰ: এথেসত, ইং ১৮৯৬ চনত ।

২) ফুটবল খেল পৰিচালনা কৰা বিশ্বৰ সবোচ্চ প্ৰতিষ্ঠানটেৰ নাম কি?

উত্তৰ: ফিফা (fifa) ।

৩) এচিয়ান গেমচ্ত স্বৰ্নপদক লাভ কৰা অৰ্জুন বঁটা বিজয়ী অসমীয়া খেলুৱৈজনকৰ নাম কি?

উত্তৰ: ভোগেশ্বৰ বৰুৱা ।

৪) প্ৰথম অৰ্জন বঁটা বিজয়ী ক্ৰিকেট খেলুৱৈ কোন?

উত্তৰ: চেলিম দুৰাণীয়ে ।

৫) হকীৰ যাদুকৰ কোন?

উত্তৰ: ধ্যানচান্দ ।

৬) ফুটবল খেলৰ পৰিচালকক কি বোলে?

উত্তৰ: ৰেফাৰী ।

৭)ক্ৰিকেট খেলৰ পৰিচালকক কি বোলে?

উত্তৰ: আম্পায়াৰ ।

৮) হকী খেলৰ আৰম্ভনী কোন দেশত হৈছিল?

উত্তৰ: পাৰস্য(ইৰান)ত ।

৯) টেবুল টেনিচ বলৰ ওজন কিমান?

উত্তৰ: ৩৭.৯ গ্ৰেন ।

১০) কোনে ভাৰতীয় জাতীয় টেবুল টেনিচৰ (একক) প্ৰতিযোগিতাত তিনিবাৰ বিজয়ী হয় ?

উত্তৰ: চৈয়দ চুলতানাই ।

১১) দিলীপ ট্ৰফী কি খেলৰ বঁটা?

উত্তৰ: ক্ৰিকেট খেলৰ ।

১২) ভাৰতে কেতিয়া প্ৰথম অলিম্পিকত যোগদান কৰে ?

উত্তৰ: ১৯২৪ চনত পেৰিছ অলিম্পিকত ।

১৩) বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হয়? প্ৰথমবাৰ কোন জয়ী হয়?

উত্তৰ: আৰম্ভ হয় ১৯৩০ চনত । জয়ী হয় উৰুগুৱে ।

১৪) কোন দেশত বেডমিন্টন খেলৰ জন্ম হৈছিল?

উত্তৰ: ভাৰতৰ পুনে চহৰত প্ৰথম বেডমিন্টন খেলা হৈছিল ।

১৫) পৃথিৱী বিখ্যাত কেনিয়াৰ কোনজন দৌৰবিদে তিনিটাকৈ বিশ্ব ৰেকৰ্ড দখল কৰিছিল?

উত্তৰ: হেনৰি ৰোনো ।

১৬) ক্ৰিকেটৰ হাৰ কিউলিচ মেন বুলি কাক কোৱা হয়?

উত্তৰ: এঘাৰ নম্বৰত বেটিং কৰিবলৈ অহা খেলুৱৈজনক ।

১৭) অসমত হৈ যোৱা ৰাষ্ট্ৰীয় ক্ৰিড়া কিমানতম আছিল?

উত্তৰ: ৩৩তম ।

১৮) ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মেছকেট(শুভংকৰ) ৰ নাম?

উত্তৰ: ৰংমন ।

১৯)কোনজন ক্ৰিকেটাৰে তেওঁৰ দেশৰ হৈ ফুটবলো খেলিছিল?

উত্তৰ: ইংলেগুৰ ডেনিছ কম্পট ।

২০) স্পনৰ জাতীয় খেল কি ?

উত্তৰ: এটা ষাঁড় গৰুৰ লগত মানুহে তৰোৱাল লৈ যুদ্ব কৰা ।

২১) ভাৰতৰ আটাইকৈ পুৰনি প্ৰতিযোগিতা কি?

উত্তৰ: ইং ১৮৮৮ চনৰ পৰা দিল্লীত আৰম্ভ হোৱা ডুৰাগু কাপ প্ৰতিযোগিতা ।

২২)জুলেৰিমে কাম কি?

উত্তৰ: ১৯৩০ চনৰ পৰা আৰম্ভ কৰা বিশ্বজোৰা ফুটবল প্ৰতিযোগিতা ।প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই খেল অনুষ্ঠিত হয় ।

২৩) এচিয়ান গেমচ্ প্ৰথমে কত আৰু কেতিয়া অনুষ্ঠিত হয়?

উত্তৰ: দিল্লীত, ইং১৯৫০ চনত ।

২৪)দাবা খেলৰ উৎপওি কত হৈছিল?

উত্তৰ: ভাৰতত ।

২৫) উৰন্ত শিখ কোন?

উত্তৰ: পাঞ্জাৱৰ মিল্খা সংহ ।

২৬) কোন অসমীয়া খেলুৱৈ অলিম্পিকত যোগ দিবলৈ সুযোগ পাইছিল?

উত্তৰ: দীপংকৰ ভট্ৰাচাৰ্যই । ১৯৯৬ চনত আটলান্টা অলিম্পিকত এওঁ বেডমিন্টন খেলত যোগদান কৰে ।

২৭) বাইটন কাপ কি?

উত্তৰ: ভাৰতীয় হকী খেলৰ শ্ৰেষ্ঠ প্ৰতিযোগিতামূলক খেল । ইং ১৮৯৫ চনৰ এপ্ৰিল মাহৰ পৰাএই প্ৰতিযোগিতা আৰম্ভ হয় ।

২৮) শ্বেন ৱানৰ ৫০০তম চিকাৰ কোন আছিল?

উত্তৰ: হাছান তিলক ৰত্নে ।

২৯) বিশ্বৰ প্ৰথম টাই টেষ্ট মেচখন কাৰ কাৰ মাজত হৈছিল?

উত্তৰ: অষ্টেলিয়া আৰু ৱেষ্ট ইগুিজ ।

৩০) ২০০৪ চনত অলিম্পিকৰ প্ৰথমটো স্বৰ্ন কোনখন দেশৰ কোনজন খৈলুৱৈয়ে লাভ কৰিছে?

উত্তৰ: চীন দেশ লিডু নামৰ খলুৱৈ জনে ।

৩১) অসমত প্ৰথমখন এদিনীয়া আন্তজাৰ্তিক ক্ৰিকেট খেল কেতিয়া কত আৰু কাৰ মাজত হৈছিল ।

উত্তৰ: ১৯৮৩চনৰ ১৭ ডিচেম্বৰত ভাৰত আৰু ৱেষ্টইগুিজৰ মাজত গুৱাহাটীত অনুষ্ঠিত হৈছিল ।

৩২) ৰানছ এগু ৰুইনছ নামৰ কিতাপখন কোন প্ৰখ্যাত ক্ৰিকেটাৰে লিখিছিল?

উত্তৰ: সুনীল গাভাস্কাৰে ।

৩৩) এদিনীয়া আন্তজাতি খেলত সৰ্বাধিক উইকেট লাভ কৰা খেলুৱৈগৰাকী কোন?

উত্তৰ: ৱাছিম আক্ৰাম ।

৩৪) ইউৰোপৰ ২০০৪ চনত ঘৰুৱা দল পৰ্তুগালক হৰুৱাই চঞ্চল্যৰ সূষ্টি কৰা দলটোৰ নাম কি?

উত্তৰ: গ্ৰীচ ।

৩৫) ইকুৱেষ্টিয়ানৰ অসমীয়া অৰ্থ কি?

উত্তৰ: অশ্বাৰোহন ।

৩৬) ৩৩তম ৰাষ্টীয় ক্ৰীড়াৰ আয়োজন কোন আছিল?

উত্তৰ: অসমৰ চৰকাৰ আৰু অসমৰ অলিম্পিক সন্থা ।

৩৭) ৩১তম ৰাষ্ট্ৰীয় ক্ৰীয়া কত আৰু কেতিয়া হৈছিল ?

উত্তৰ: পঞ্জাৱত ১৯ নৱেম্বৰ ২০০০ চত, ১ডিচেম্বৰ ২০০১ চন ।

৩৮) ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মূল ষ্টেডিয়ামখনৰ নাম কি আছিল?
উত্তৰ: ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম সৰু সজাই, গুৱাহাটী ।

৩৯) অসমৰ প্ৰতিভাৱান সাতোঁৰবিদ ফাৰিহা জামানৰ শেহতীয়া আন্তঃ ৰাষ্ট্ৰীয় ৰেৰ্কড কি?

উত্তৰ: ছাফগেমছ,

৪০) ক্ৰিকেট খেলৰ পীটচ্ দৈৰ্ঘ কিমান?

উত্তৰ: ২২গজ ।

[vcex_divider color=”#dddddd” width=”100%” height=”1px” margin_top=”20″ margin_bottom=”20″]

CRICKET QUIZ ক্ৰিকেট খেল কুইজ – ক্ৰীড়া কুইজ – খণ্ড ৫

প্ৰঃ কোন দেশত ক্ৰিকেট খেলৰ জন্ম হয়?

উঃ ইংলণ্ড।

প্ৰঃ কি গছৰ কাঠৰ পৰা ক্ৰিকেট বল তৈয়াৰ কৰা হয়?

উঃ উইল’।

প্ৰঃ এজন বেট্‌চমেনে কেই প্ৰকাৰে আউট হ’ব পাৰে?

উঃ 10 প্ৰকাৰে।

প্ৰঃ ক্ৰিকেট পিটছৰ প্ৰস্থ কিমান?

উঃ 3.05 মিটাৰ।

প্ৰঃ কোনজন বিখ্যাত ক্ৰিকেটাৰ ‘ব্ল্যাক ব্রেডমেন’ বুলি জনাজাত?

উঃ জৰ্জ হেড্‌লি।

প্ৰঃ টেষ্ট ইনিংচৰ প্ৰথম অভাৰতে হেট্ৰিক অৰ্জন কৰা বিশ্বৰ সৰ্বপ্ৰথম বলাৰজন কোন?

উঃ ইফৰান পাঠান।

প্ৰঃ অভিষেক টেষ্টখনতে শতৰাণ কৰা প্ৰাক্তন ইংলেণ্ড আৰু আৰ্চেনেল ফুটবলাৰজন কোন?

উঃ আৰ্থাৰ মিল্টন।

প্ৰঃ বেটিং পক্ষক আম্পায়াৰে ‘অফাৰচ দি লাইট’ কৰা মানে কি?

উঃ কম পোহৰৰ বাবে খেল খেলাত অসুবিধা হৈছে নেকি সোধে।

প্ৰঃ ওচৰৰ ফিল্ডাৰজনে বলটো ‘কট’ কৰাৰ আগতেই বলটো তেওঁৰ হেলমেটত আঘাত কৰিলে বেটচমেনজন আউট হ’ব নে?

উঃ নহয়।

প্ৰঃ যদি খেলুৱৈ এজনে বলটো টুপীৰে ফিল্ডিং কৰে তাৰ ফলাফল কি হ’ব?

উঃ বেটচমেনজনে পাঁচ ৰাণ পাব।

প্ৰঃ কিমান চনত প্ৰথম মহিলা টেষ্ট মেচ খেলোৱা হৈছিল?

উঃ 1934 চনত।

প্ৰঃ খেলপথাৰত নমাৰ আগতে এজন বেটচমেনে কি কাৰণে আউট হ’ব পাৰে?

উঃ চেনজিং ৰূমৰ পৰা পিটচলৈ আহোঁতে পাঁচ মিনিটতকৈ অধিক সময় লাগিলে।

প্ৰঃ বেটচমেনৰ কোবত বল গৈ আম্পায়াৰৰ জেপত সোমালে ফলাফল কি হ’ব?

উঃ বলটো ‘ডেড বল’ হ’ব।

প্ৰঃ কপিলদেৱৰ অন্তিম নামটো কি?

উঃ নিখঞ্জ।

প্ৰঃ অষ্ট্ৰেলিয়া আৰু ইংলণ্ডে অংশ গ্ৰহণ কৰা জনপ্ৰিয় টেষ্ট শৃঙ্খলাটোৰ নাম কি?

উঃ এচেছ শৃঙ্খলা।

প্ৰঃ ইংলণ্ডৰ হৈ টেষ্ট খেলা প্ৰথম ভাৰতীয় খেলুৱৈ গৰাকী কোন?

উঃ ৰঞ্জিত সিং।

প্ৰঃ বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ মাজৰ নামটো কি?

উঃ ৰমেশ।

প্ৰঃ ‘কেনিংটন অ’ভেল’ ইংলণ্ডৰ এখন প্ৰসিদ্ধ ক্ৰিকেট ষ্টেডিয়াম। ইয়াৰ জনপ্ৰিয় নামটো কি?

উঃ অ’ভেল।

প্ৰঃ কোনজন ভাৰতীয় ক্ৰিকেটাৰ ‘আইডল’ নামৰ গ্ৰন্থখনৰ ৰচিয়তা?

উঃ সুনীল গাভাস্কাৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটত শতক অৰ্জনকাৰী সৰ্বকনিষ্ট ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ নাম কি?

উঃ শচীন তেণ্ডুলকাৰ।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত দ্ৰুততম অৰ্ধশতৰাণকাৰী ভাৰতীয় ক্ৰিকেটাৰজন কোন?

উঃ অজিত আগাৰকাৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটত প্ৰথম শতৰাণকাৰী খেলুৱৈ গৰাকী কোন?

উঃ চাৰ্লচ বেনাৰমেন (অষ্ট্ৰেলিয়া)।

প্ৰঃ ‘গোল্ডেন ডাক’ মানে কি?

উঃ প্ৰথম বলতে আউট হোৱা বেট্‌চমেন।

প্ৰঃ কেনে পৰিস্থিতিত ক্ৰিকেটত এটা বল ‘ৱাইড বল’ হিচাপে বিবেচিত হ’ব পাৰে?

উঃ বলটো ষ্টাম্পৰ পৰা বহু দূৰেৰে পাৰ হৈ গ’লে।

প্ৰঃ ভাৰতৰ ক’ত ফিৰোজ ছাহ কোটলা ষ্টেডিয়াম অৱস্থিত?

উঃ দিল্লী।

প্ৰঃ খেল চলি থকা সময়ত আম্পায়াৰে তেওঁৰ পেটৰ সন্মুখত দুয়োখন হাত জোকাৰি কি বুজায়?

উঃ ডেড বলৰ সংকেত দিয়ে।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত প্ৰথম হেট্ৰিক অৰ্জন কৰা ক্ৰিকেটাৰজনৰ নাম কি?

উঃ জালালুদ্দিন।

প্ৰঃ টেষ্ট ক্ৰিকেটত অনিল কুম্বলেৰ চিকাৰ হোৱা প্ৰথমজন খেলুৱৈৰ নাম কি?

উঃ এলান লেম্ব।

প্ৰঃ থাৰ্ড আম্পায়াৰৰ দ্বাৰা আউট হোৱা প্ৰথমজন বেটচমেনৰ নাম কি?

উঃ শচীন তেণ্ডুলকাৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটত 600 টা উইকেট দখলকাৰী প্ৰথমজন অষ্ট্ৰেলিয়ান বলাৰৰ নাম কি?

উঃ শ্বেন ৱাৰ্ণ।

প্ৰঃ টেষ্ট ক্ৰিকেটত 400 টা উইকেট দখলকাৰী প্ৰথমজন ভাৰতীয় বলাৰজন কোন?

উঃ কপিল দেৱ।

প্ৰঃ ক্ৰিকেটত ‘চাইনামেন’ মানে কি?

উঃ বাওঁহতীয়া গুগ্‌লি।

প্ৰঃ শ্ৰীলংকাৰ প্ৰথম টেষ্ট অধিনায়কজনৰ নাম কি?

উঃ বান্দুলা ৱাৰ্ণাপুৰ।

প্ৰঃ ভাৰতে কোনখন দেশক পৰাস্ত কৰি পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপ অৰ্জন কৰিছিল।

উঃ ৱেষ্ট ইণ্ডিজ।

প্ৰঃ প্ৰথম হেলমেট পিন্ধা ক্ৰিকেটাৰজনৰ নাম কি?

উঃ ডি এমিছ।

প্ৰঃ টেষ্ট মেচত দ্ৰুততম 100 টা উইকেট দখলকাৰী বলাৰজনৰ নাম কি?

উঃ জি ল’হমান।

প্ৰঃ টেষ্ট মেচত আত্ম প্ৰকাশ কৰা আটাইতকৈ বয়সস্থ খেলুৱৈ গৰাকী কোন?

উঃ জেমচ চাউদাৰটন (ইংলণ্ড)।

প্ৰঃ কোনজন ক্ৰিকেটাৰৰ উপনাম ‘মাষ্টাৰ ব্লাষ্টাৰ’।

উঃ শচীন টেণ্ডুলকাৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটত11,000 তকৈ অধিক ৰাণ কৰা প্ৰথম বেট্‌চমেন গৰাকীৰ নাম কি?

উঃ এলান ব’ৰ্ডাৰ।

প্ৰঃ মাইকেল বিভানৰ মাজৰ নামটো কি?

উঃ গয়েল।

প্ৰঃ ভাৰত আৰু ইংলণ্ড উভয় দেশৰ হৈ ক্ৰিকেট খেলা একমাত্ৰ খেলুৱৈ গৰাকী কোন?

উঃ ইফতিখাৰ আলি খান পাটাউদী।

প্ৰঃ কোনখন দেশে 2000 চনত টেষ্ট খেলাৰ যোগ্যতা অৰ্জন কৰিছিল?

উঃ বাংলাদেশ।

প্ৰঃ কোনজন খেলুৱৈক ‘এচিয়ান ব্রেডমেন’ বুলি জনা যায়?

উঃ জাহিৰ আববাছ।

প্ৰঃ ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ উপনাম কি?

উঃ জাম্ব’।

প্ৰঃ প্ৰথমখন সংলগ্ন এদিনীয়া আন্তৰ্জাতিক খেল কোন দুখন দেশৰ মাজত অনুষ্ঠিত হৈছিল?

উঃ ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়া।

প্ৰঃ শ্বাৰজাহত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল কোন চনত অনুষ্ঠিত হৈছিল?

উঃ 1984 চনত।

প্ৰঃ অষ্ট্ৰেলিয়াৰ খেলুৱৈ ৰিকী পণ্টিঙৰ উপনাম কি?

উঃ পাণ্টাৰ।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত হেট-ট্ৰিক অৰ্জন কৰা প্ৰথমজন ইংৰাজ বলাৰৰ নাম কি?

উঃ জেমচ এণ্ডাৰছন।

প্ৰঃ ষ্টেট মেচত কপিল দেৱৰ 400 তম চিকাৰ কোন আছিল?

উঃ মাৰ্ক টেইলৰ।

প্ৰঃ কোন চনত পাকিস্থানে সৰ্বপ্ৰথম বিশ্বকাপ খিতাপ অৰ্জন কৰিছিল?

উঃ 1992 চনত।

প্ৰঃ 2007 চনৰ বিশ্বকাপ ক্ৰিকেটত কোনজন ক্ৰিকেটাৰ ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট’ হিচাপে বিবেচিত হৈছিল?

উঃ গ্লেন মেকগ্ৰাথ।

প্ৰঃ অধিকবাৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলা দেশখনৰ নাম কি?

উঃ অষ্ট্ৰেলিয়া।

প্ৰঃ প্ৰথমখন ক্ৰিকেট ৱৰ্ল্ড কাপ টুৰ্ণামেন্টৰ নাম কি আছিল?

উঃ প্রোডেনছিয়েল কাপ।

প্ৰঃ নাথান এষ্টল নামৰ বিখ্যাত ক্ৰিকেটাৰজন কোন দেশৰ খেলুৱৈ?

উঃ নিউজিলেণ্ড।

প্ৰঃ 1996 চনত লৰ্ডত অনুষ্ঠিত খেলখনত কোনজন বাওঁহতীয় বেটচমেনে শতক অৰ্জন কৰিছিল?

উঃ সৌৰভ গাংগুলী।

প্ৰঃ কোনজন ক্ৰিকেটাৰে কৈছিল, ‘I had a rubber guard against the chest and a thick pad, that was all”?

উঃ ডন ব্রেডমেন।

প্ৰঃ কপিল দেৱৰ আত্মজীৱনীখনৰ নাম কি?

উঃ বাই গড্‌ছ ডিক্ৰী।

প্ৰঃ পাঁচ দিনীয়া মেচৰ টেষ্ট ক্ৰিকেটত পাঁচখন খেলত এটাও ‘বাই ৰাণ’ নিদিয়া একমাত্ৰ উইকেট ৰক্ষকজনৰ নাম কি?

উঃ মাৰ্ক বাউচাৰ।

প্ৰঃ ‘ৰাৱালপিণ্ডি এক্সপ্ৰেছ’ কোনজন ক্ৰিকেটাৰৰ উপনাম?

উঃ ছোৱাইব আখ্‌টাৰ (পাকিস্থান)।

প্ৰঃ কোনখন ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট মেচত সুনীল গাভাস্কাৰে 10,000 তম ৰাণ কৰিছিল?

উঃ চৰ্দাৰ পেটেল ষ্টেডিয়ামত (আহমেদাবাদ)।

প্ৰঃ বিভিন্ন বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টত দুখন দেশক প্ৰতিনিধিত্ব কৰা একমাত্ৰ দক্ষিণ আফ্রিকীয় খেলুৱৈজনৰ নাম কি?

উঃ কেপলাৰ ৱেচেলছ।

প্ৰঃ ক্ৰিকেট খেলত ব্যৱহৃত ষ্টাম্পৰ উচ্চতা কিমান?

উঃ 28 ইঞ্চি।

প্ৰঃ কোনজন ভাৰতীয় ক্ৰিকেটাৰে টেষ্টমেচত সৰ্বাধিক সংখ্যক কেচ ধৰিছে?

উঃ ৰাহুল দ্ৰাবিড়।

প্ৰঃ টেষ্ট মেচত শতৰাণ কৰা প্ৰথম বাংলাদেশী বেটছমেনজনৰ নাম কি?

উঃ মহম্মদ আশ্ৰাফুল।

প্ৰঃ 1983 চনত ভাৰতে ‘প্রোডেনছিয়েল বিশ্বকাপ’ জয় কৰাৰ সময়ত ভাৰতীয় দলৰ সহ-অধিনায়ক কোন আছিল?

উঃ মহিন্দৰ অমৰনাথ।

প্ৰঃ 1983 চনত বিশ্বকাপত আত্মপ্ৰকাশ কৰি অষ্ট্ৰেলিয়াক পৰাজিত কৰা দেশখনৰ নাম কি?

উঃ জিম্বাবুৱে।

প্ৰঃ 1983 চনত ভাৰতে পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেটত বিজয় সাব্যস্ত কৰিছিল। সেই দলটোৰ অধিনায়ক কোন আছিল?

উঃ কপিল দেৱ।

প্ৰঃ টেষ্ট মেচত শ্বেণ ৱাৰ্ণৰ 600 তম চিকাৰ হোৱা খেলুৱৈজন কোন আছিল?

উঃ মাৰ্কাছ ট্রেছক’থিক।

প্ৰঃ বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ হৈ প্ৰথমটো বল দলিওৱা ভাৰতীয় বলাৰজন কোন?

উঃ মদনলাল।

প্ৰঃ ৰাষ্ট্ৰীয় ক্ৰিকেট চেম্পিয়নশ্বিপ ‘ৰঞ্জী ট্ৰফী’ কোন চনৰ পৰা আৰম্ভ হয়?

উঃ 1934 চনৰ পৰা।

প্ৰঃ 1853 চনত পোন প্ৰথমতে কোনটো বিখ্যাত ক্লাৱে ক্ৰিকেটৰ নিয়মবোৰ সূত্ৰবদ্ধ কৰে?

উঃ মেৰিলিবোন ক্ৰিকেট ক্লাৱ।

প্ৰঃ ভাৰতৰ বিখ্যাত খেলুৱৈ অনিল কুম্বলেই কোনখন ষ্টেডিয়ামত এটা ইনিংছত 10 টা উইকেট দখল কৰিছিল?

উঃ ফিৰোজছাহ কোটলা ষ্টেডিয়াম (দিল্লী)।

প্ৰঃ প্ৰথম তিনিওটা টেষ্টমেচত শতক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈজনৰ নামকি?

উঃ মহম্মদ আজাহাৰুদ্দিন।

প্ৰঃ বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱে টেষ্ট ক্ৰিকেটত কিমানটা উইকেট দখল কৰিছে?

উঃ 434 টা।

প্ৰঃ ডন ব্রেডমেনৰ ‘সপোনপুৰীৰ দল’ত অন্তৰ্ভূক্ত একমাত্ৰ ভাৰতীয় খেলুৱৈ গৰাকীৰ নাম কি?

উঃ শচীন তেণ্ডুেলকাৰ।

প্ৰঃ অন্তিম টেষ্ট ইনিংছৰ আগলৈকে ডন ব্রেডমেনৰ গড় ৰাণ কিমান আছিল?

উঃ 101.39

প্ৰঃ বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ চেতন শৰ্মাই বিশ্বকাপ ক্ৰিকেটত কাৰ বিপক্ষে হেট-ট্ৰিক অৰ্জনক ৰিছিল?

উঃ নিউজিলেণ্ডৰ।

প্ৰঃ টেষ্ট ক্ৰিকেটৰ বিখ্যাত স্থান ‘ইডেন গাৰ্ডেন’ ক’ত অৱস্থিত?

উঃ ক’লকাতা (ভাৰত)।

প্ৰঃ ডন ব্রেডমেনৰসর্বোচ্চ ৰাণ ত্ৰিশত ৰাণৰ অনুৰ্দ্ধ কিমান?

উঃ 299 (নট আউট)।

প্ৰঃ ইংলণ্ডৰ বিৰুদ্ধে 1928 চনত অনুস্থিত টেষ্ট মেচত ডন ব্রেডমেনে কিমান ৰাণ সংগ্ৰহ কৰিছিল?

উঃ 19 ৰাণ।

প্ৰঃ মুম্বাইৰ টেষ্ট ক্ৰিকেটৰ ক্ৰীড়াংগনখনৰ নাম কি?

উঃ ৱাংখেড়ে ষ্টেডিয়াম।

প্ৰঃ মানচেষ্টাৰত অৱস্থিত টেষ্ট ক্ৰিকেটৰ প্ৰধান ক্ৰীড়াংগনখনৰ নাম কি?

উঃ অ’ল্ড ট্রেফৰ্ড।

প্ৰঃ বিশ্বৰ প্ৰচীনতম ক্ৰিকেট ক্লাৱ মেৰিলিবোন ক্ৰিকেট ক্লাৱ কোন দেশত অৱস্থিত?

উঃ ইংলণ্ড।

প্ৰঃ 1975 চনত বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত কোনটো দলে অষ্ট্ৰেলিয়াক হৰুৱাই প্ৰথম বিশ্বকাপ চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰে?

উঃ ৱেষ্ট ইণ্ডিজ।

প্ৰঃ কোন গৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক 1996 চনত শিশুৰ কাৰণে UNICEF ৰ জাতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত দিয়া হৈছিল?

উঃ ৰবি শাস্ত্ৰী।

প্ৰঃ এজন প্ৰখ্যাত আম্পায়াৰত পৰিণত হোৱা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ নাম কি?

উঃ এছ ভেঙকটৰাঘৱন।

প্ৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলটোৱে কিমান চনত প্ৰথমখন টেষ্ট মেচ খেলিছিল?

উঃ 1976 চনত।

প্ৰঃ কোনখন ষ্টেডিয়ামক ক্ৰিকেটৰ মক্কা বোলে?

উঃ অ’ল্ড ট্রেফৰ্ড (মানচেষ্টাৰ, ইংলণ্ড)।

প্ৰঃ কোন চনত প্ৰথম ‘বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্ট’ অনুষ্ঠিত হৈছিল?

উঃ 1975 চনত।

প্ৰঃ ক’ত আৰু কেতিয়া প্ৰথম টেষ্ট মেচ অনুষ্ঠিত হৈছিল?

উঃ 1877 চন, মেলবৰ্ণ।

প্ৰঃ 2005 চনৰ 10 ডিচেম্বৰত টেষ্ট মেচত 35 তম শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰে সুনীল গাভাস্কাৰৰ অভিলেখ ভঙ্গ কৰিছিল। তেওঁ কোন দেশৰ বিৰুদ্ধে খেলি এই অভিলেখ গঢ়ে ?

উঃ শ্ৰীলংকা।

প্ৰঃ বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টত প্ৰথম শতক অৰ্জনকাৰী বেটছমেনজনৰ নাম কি?

উঃ ডেনিছ এমিছ (ইংলণ্ড)।

প্ৰঃ আৰম্ভণিতে এদিনীয়া আন্তৰ্জাতিক খেলত 60 অভাৰ খেলোৱা হৈছিল, কিন্তু এখন বিশ্বকাপ টুৰ্ণামেন্টৰ পৰা ইয়াক 50 অভাৰলৈ হ্রাস কৰা হয়। কোনখন বিশ্বকাপৰ পৰা এনে কৰা হয়?

উঃ 1987 বিশ্বকাপ।

প্ৰঃ কোন চনত ভাৰতে টেষ্ট ক্ৰিকেট খেলা দেশৰ মৰ্যদা লাভ কৰে?

উঃ 1932 চনত।

প্ৰঃ ক্ৰিকেটত ‘এল. বি. ডব্লিউ’ মানে কি?

উঃ লেগ বিফ’ৰ উইকেট।

প্ৰঃ কিমান চনত ভাৰতীয় ক্ৰিকেট ব’ৰ্ড স্থাপন কৰা হৈছিল?

উঃ 1927 চনত।

প্ৰঃ মাত্ৰ 37 টা বলতে দ্ৰুততম শতক অৰ্জন কৰা পাকিস্থানী খেলুৱৈ গৰাকীৰ নাম কি?

উঃ শ্বাহিদ আফ্রিদী।

প্ৰঃ টেষ্ট মেচত প্ৰথম আত্মপ্ৰকাশতে শতৰাণ কৰিবলৈ সক্ষম হোৱা পিতা-পুত্ৰদ্বয়ৰ নাম কি?

উঃ লালা অমৰনাথ আৰু সুৰিন্দৰ অমৰনাথ।

প্ৰঃ গ্ৰেগৰি ষ্টিফেন চেপেলৰ জনপ্ৰিয় নাম কি?

উঃ গ্ৰেগ চেপেল।

প্ৰঃ অষ্ট্ৰেলিয়াৰ এজন বাওঁহতীয় বেটচমেনৰ নাম কোৱা?

উঃ আডাম গিলখ্ৰীষ্ট।

প্ৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট চেম্পিয়নশ্বিপ‘ ৰঞ্জী ট্ৰফী’ কাৰ কাৰ মাজত খেলোৱা হয়?

উঃ ৰাজ্যিক দলবোৰৰ মাজত।

প্ৰঃ কোন চনত ভাৰতত পোন প্ৰথমবাৰৰ বাবে এদিনীয়া আন্তৰ্জাতিক খেল অনুষ্ঠিত হৈছিল?

উঃ ৰজ্ঝজ্জ্বচ্ চনত।

প্ৰঃ ‘Straight from the Heart’ গ্ৰন্থখন কোনজন ক্ৰিকেটাৰে ৰচনা কৰিছিল?

উঃ কপিল দেৱ।

প্ৰঃ বিখ্যাত ‘ৰঞ্জী ট্ৰফী’ এজন বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰৰ সোঁৱৰণত নামাকৰণ কৰা হৈছে। তেওঁৰ নাম কি?

উঃ কে. এছ. ৰঞ্জিত সিং।

প্ৰঃ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক আসনৰ ব্যৱস্থা থকা ভাৰতৰ ক্ৰিকেট ষ্টেডিয়ামখনৰ নাম কি?

উঃ ইডেন গাৰ্ডেন।

প্ৰঃ পৃথিৱীৰ উচ্চতম ক্ৰিকেট খেল পথাৰখন ক’ত অৱস্থিত?

উঃ চাইল (ভাৰত)।

প্ৰঃ পোন প্ৰথমে কিমান চনত দূৰদৰ্শনত ক্ৰিকেট টেষ্ট মেচ সম্প্ৰচাৰ কৰা হৈছিল?

উঃ 1938 চনত।

প্ৰঃ সুনীল গাভাস্কৰৰ পূৰ্বৰ চাৰিটা দ্বি-শতকৰ অভিলেখ, পাঁচটা দ্বিশতক অৰ্জন কৰি ভংগ কৰা প্ৰথমজন ভাৰতীয় বেটছমেনৰ নাম কি?

উঃ ৰাহুল দ্ৰাবিড়।

প্ৰঃ প্ৰথমখন দিবা-নৈশ ক্ৰিকেট খেল কোন চনত অনুষ্ঠিত কৰা হৈছিল?

উঃ 1979 চনত।

প্ৰঃ জীৱনৰ শেষখন টেষ্ট ইনিংছত চাৰ ডনাল্ড ব্রেডমেনে কিমান ৰাণ কৰিছিল?

উঃ শূন্য ৰাণ।

প্ৰঃ ICC ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উঃ ডুবাই।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত প্ৰথম উইকেট দখল কৰা ক্ৰিকেটাৰ গৰাকী কোন?

উঃ জেফ থমছন।

প্ৰঃ ‘মে বনুংগী মিছ ইণ্ডিয়া’ নামৰ টি. ভি ধাৰাবাহিকখনত অতিথি শিল্পীৰূপে ভূমুকি মৰা ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ নাম কি?

উঃ অনিল কুম্বলে।

প্ৰঃ ‘ৰেষ্ট ডে’ নামৰ মিউজিক এলবামৰ সৈতে জড়িত ভাৰতীয় ক্ৰিকেটাৰজনৰ নাম কি?

উঃ সঞ্জয় মনজ্ৰেকাৰ।

প্ৰঃ ক্ৰিকেট বলটোৰ ওজন কিমান?

উঃ 5.75 অ’জ।

প্ৰঃ কোনজন ক্ৰিকেটাৰে কৈছিল, “মোৰ এজন বাছ ড্ৰাইভাৰ হোৱাৰহে হাবিয়াস আছিল, কিবা পাকচক্ৰৰ বাবেহে ক্ৰিকেট জগতলৈ প্রবেশ ঘটিল।”

উঃ কপিল দেৱ।

প্ৰঃ বিদেশত প্ৰথম টেষ্ট শৃঙ্খলা জয়ী হোৱা ভাৰতীয় দলটোৰ অধিনায়ক কোন আছিল?

উঃ মনচুৰ আলি খান পাটাউদী।

প্ৰঃ সুনীল গাভাস্কাৰে এদিনীয়া আন্তৰ্জাতিক খেলত কিমানটা শতক অৰ্জন কৰিছিল?

উঃ এটা।

প্ৰঃ কোনজন ভাৰতীয় ক্ৰিকেটাৰক মুলতানত অনুষ্ঠিত এক টেষ্ট ইনিংছত উল্লেখনীয় 309 ৰাণ সংগ্ৰহ কৰা বাবে ‘চুলতান অব মুলতান’ ৰূপে জনা যায়?

উঃ বীৰেন্দ্ৰ সেহৱাগ।

প্ৰঃ ‘ওৱান ম’ৰ অভাৰ’ কোনজন ক্ৰিকেটাৰৰ আত্মজীৱনী।

উঃ ই. এ. এছ. প্ৰসন্ন।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক খেলত সর্বোচ্চ যুটীয়া ৰাণ হ’ল 33ৰ। এই অভিলেখ গঢ়া খেলুৱৈ দুগৰাকীৰ নাম কি?

উঃ ৰাহুল দ্ৰাবিড় আৰু শচীন তেণ্ডুলকাৰ।

প্ৰঃ কোনজন ক্ৰিকেটাৰক ‘দ্য ডন’ বুলি কোৱা হয়?

উঃ চাৰ ডন ব্রেডমেন।

প্ৰঃ ক্ৰিকেটত ‘ডাক’ য়ে কি বুজায়?

উঃ শূন্য ৰাণ।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত প্ৰথম অৰ্ধশতক অৰ্জনকাৰী খেলুৱৈগৰাকীৰ নাম কি?

উঃ জন এড্ৰিক।

প্ৰঃ কোনজন ক্ৰিকেটাৰক ‘গুগলি বলিং’ ষ্টাইলৰ উদ্ভাৱক বুলি কোৱা হয়?

উঃ বি বচানকুৱেট।

প্ৰঃ চাৰ ডন ব্রেডমেন কোন দেশৰ লোক আছিল?

উঃ অষ্ট্ৰেলিয়া।

প্ৰঃ ‘গ্ৰেগি পইন্ট’ ৰ দ্বাৰা ক্ৰিকেটৰ কোনটো ফিল্ডিং অৱস্থানক বুজোৱা হয়?

উঃ চিলি পইন্ট।

প্ৰঃ প্ৰথম এদিনীয়া আন্তৰ্জাতিক খেল অনুষ্ঠিত হোৱা ষ্টেডিয়ামখনৰ নাম কি?

উঃ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড (অষ্ট্ৰেলিয়া)।

প্ৰঃ টেষ্ট ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ ডন ব্রেডমেনে সর্বোচ্চ বেটিং গড়ৰ সন্মান অৰ্জন কৰিছে। তেওঁৰ টেষ্ট মেচত গড় ৰাণ কিমান আছিল?

উঃ 199.94।

প্ৰঃ টেষ্টমেচ খেলাৰ বাবে যোগ্যতা সম্পন্ন আটাইবোৰ দেশৰ ভূমিকাত তেওঁলোকৰ বিপক্ষে খেলি শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বেটচমেন কোন?

উঃ ৰাহুল দ্ৰাবিড়।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত 10,000 ৰাণ সংগ্ৰহ কৰা তৃতীয়জন ক্ৰিকেটাৰ কোন?

উঃ সৌৰভ গাংগুলী।

প্ৰঃ কোনজন ক্ৰিকেটাৰে ‘Bonaventure of a Flashing Blade’ নামৰ গ্ৰন্থখন ৰচনা কৰিছে?

উঃ ছাৰ গাফিল্ড চ’বাৰ্ছ।

প্ৰঃ কোনজন ফাষ্ট বলাৰক ‘হুইচপাৰিং ডেথ’ বোলা হয়?

উঃ মাইকেল হল্ডিং।

প্ৰঃ টাইগাৰ ছদ্মনামেৰে পৰিচিতি লাভ কৰা ক্ৰিকেটাৰ গৰাকীৰ নাম উল্লেখ কৰা যাৰ পত্নী, পুত্ৰ আৰু কন্যা বলিউডৰ সৈতে জড়িত।

উঃ মনচুৰ আলি খান পাটাউদী।

প্ৰঃ টেষ্ট ক্ৰিকেটত ত্ৰি-শতৰাণকাৰী ক্ৰিকেটাৰ গৰাকীৰ নাম কি?

উঃ এণ্ডি ছান্ধাম।

প্ৰঃ বিশ্বকাপ ক্ৰিকেটত প্ৰথম ‘মেন অব দ্যা মেচ’ খিতাপ অৰ্জন কৰা খেলুৱৈ গৰাকীৰ নাম কি?

উঃ ডেনিছ এমিছ।

প্ৰঃ Heroes and Contemporaries’ নামৰ গ্ৰন্থখনৰ ৰচিয়তা কোন?

উঃ ডেভিদ গ’ৱেৰ।

প্ৰঃ কোনজন ক্ৰিকেটাৰৰ আত্মজীৱনীখনৰ নাম ‘Cricket Through the Covers’?

উঃ টম গ্ৰেভনি।

প্ৰঃ পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখনৰ নাম কি?

উঃ মেলবৰ্ণ (অষ্ট্ৰেলিয়া)।

প্ৰঃ কোন চনত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল?

উঃ 1971 চনত।

প্ৰঃ কপিলদেৱে কাৰ অভিলেখ ভংগ কৰি টেষ্ট মেচত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে অভিলেখ গঢ়ে?

উঃ ৰিচাৰ্ড হেড্‌লি।

প্ৰঃ জ্যেষ্ঠতম টেষ্ট খেলুৱৈজনৰ নাম কি?

উঃ জে ছাউদাৰটন।

ক্ৰিকেট কুইজ, Cricket Quiz

প্ৰঃ বৰ্তমানলৈ অনুষ্ঠিত দীৰ্ঘতম টেষ্ট মেচ কোনখন?

উঃ 1939 চনত ইংলণ্ড আৰু দক্ষিণ আফ্রিকাৰ মাজত অনুষ্ঠিত পঞ্চমখন টেষ্টমেচ। ই 12 দিন চলিছিল।

প্ৰঃ এজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে 177 টা প্ৰথম শ্ৰেণীৰ শতক সংগ্ৰহ কৰিছিল? তেওঁৰ নাম কি?

উঃ ছাৰ ডন ব্রেডমেন।

প্ৰঃ 25 জুন তাৰিখটো দুটা কাৰণত ভাৰতৰ ক্ৰিকেট ইতিহাসত তাৎপৰ্যপূৰ্ণ। ইয়াৰ কাৰণ কি?

উঃ 1932 চনৰ 25 জুনত ভাৰতে লৰ্ডচত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ খেলিছিল। আকৌ 1983 চনৰ 25 জুনত ভাৰতে তৃতীয় বিশ্বকাপত বিজয় সাব্যস্ত কৰিছিল।

প্ৰঃ ভাৰতৰ দ্বিতীয় প্ৰাচীনতম ক্ৰিকেট ক্লাৱটোৰ নাম কি?

উঃ কলিকতা ক্ৰিকেট ক্লাৱ।

প্ৰঃ ক্ৰিকেট আম্পায়াৰৰ বাবে সর্বোচ্চ বয়স সীমা কিমান?

উঃ 55 বছৰ।

প্ৰঃ ‘দি ডেমন’ নামেৰে সুপৰিচিত অষ্ট্ৰেলিয়াৰ ফাষ্ট বলাৰজনৰ নাম কি?

উঃ ফ্রেড স্প’ফ’ট।

প্ৰঃ কোনজন ক্ৰিকেটাৰ ‘Croucher’ উপনামেৰে পৰিচিত?

উঃ গিলবাৰ্ট যচ’প।

প্ৰঃ ‘Cricket, My Way’ গ্ৰন্থখনৰ লিখক কোন?

উঃ ইয়ান ব’থাসম।

প্ৰঃ Sobers, Twenty Years at the Top’ কিতাপখন কোনজন ক্ৰিকেটাৰৰ ৰচনা ?

উঃ গেৰী চেবাৰ্ছ (ৱেষ্ট ইণ্ডিজ)।

প্ৰঃ ‘The Art of Cricket’ কিতাপখন কোনজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে লিখিছিল?

উঃ ছাৰ ডন ব্রেডমেন।

প্ৰঃ ‘My Life and Other Funny Stories’ গ্ৰন্থখন কোনজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে লিখিছল?

উঃ মাৰ্ভ হুগ্‌ছ।

প্ৰঃ ‘Cricket’ কিতাপখন কোনজন ক্ৰিকেটাৰে লিখিছিল?

উঃ টনী গ্ৰেগ।

প্ৰঃ আত্মপ্ৰকাশ টেষ্ট মেচত এজন ভাৰতীয় ক্ৰিকেটাৰে ষোল্লটা উইকেট সংগ্ৰহ কৰিছিল? তেওঁৰ নাম কি?

উঃ নৰেন্দ্ৰ হিৰৱানি।

প্ৰঃ ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডছক তেওঁৰ সতীৰ্থসকলে এক উপনামেৰে মাতে। উপনামটো কি?

উঃ স্ম’কিং জ’।

প্ৰঃ ক্ৰিকেটৰ ছয়খন বিশ্বকাপ টুৰ্ণামেন্টত নিজৰ দেশক প্ৰতিনিধিত্ব কৰা খেলুৱৈ গৰাকীৰ নাম কি?

উঃ জাভেদ মিয়াঁদাদ।

প্ৰঃ দক্ষিণ আফ্রিকাৰ ক্ৰিকেটাৰ এলান ড’নাল্ডৰ আত্মজীৱনীখনৰ নাম কি?

উঃ White Lighting.

প্ৰঃ বিখ্যাত ক্ৰিকেটাৰ ডেনিয়েলৰ জনপ্ৰিয় উপনাম কি?

উঃ ব্ল্যাক ডায়মণ্ড।

প্ৰঃ ভিভিয়ান ৰিচাৰ্ডছৰ আত্মজীৱনীখনৰ নামকি?

উঃ Hitting Across the Line.

প্ৰঃ ক্ৰিকেটৰ ইতিহাসত কনিষ্ঠতম অধিনায়কজন কোন?

উঃ টাটেণ্ডা টাইবু (20 বছৰ, 358 দিন)।

প্ৰঃ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ নবজ্যোৎ সিং সিদ্ধুৰ উপনাম কি?

উঃ শ্বেৰী।

প্ৰঃ 1997 চনত সৌৰভ গাংগুলীয়ে এখন ক্ৰিকেট টুৰ্ণামেন্টত চাৰিখন মেচত একেৰাহে চাৰিবাৰকৈ ‘মেন অব দ্য মেচ’ খিতাপ লাভ কৰিছিল। টুৰ্ণামেন্টখনৰ নাম কি?

উঃ চাহাৰা কাপ।

প্ৰঃ ‘জু লু’ হ’ল দক্ষিণ আফ্রিকাৰ এজন ক্ৰিকেটাৰৰ উপনাম। তেওঁৰ আচল নাম কি?

উঃ লেন্স ক্লুজনাৰ।

প্ৰঃ 1996 চনত বিশ্বকাপত এজন ভাৰতীয় ক্ৰিকেটাৰে পাকিস্থানৰ বিপক্ষে এক অভাৰত 22 ৰাণ সংগ্ৰহ কৰিছিল। তেওঁ কোন আছিল?

উঃ অজয় জাদেজা।

প্ৰঃ ‘বিগ কেট’ ৱেষ্ট ইণ্ডিজৰ এজন প্ৰাক্তন ক্ৰিকেট অধিনায়কৰ উপনাম। তেওঁৰ আচল নাম কি?

উঃ ক্লাইভ লয়ড।

প্ৰঃ কোন তাৰিখৰ পৰা মেলবৰ্ণত পৰম্পৰাগতভাৱে টেষ্ট মেচ খেলা আৰম্ভ হয়?

উঃ 26 ডিচেম্বৰ (বক্সিং দিৱস)।

প্ৰঃ বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টত ধাৰাবাহিকভাৱে দুটা শতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈজনৰ নাম কি?

উঃ ৰাহুল দ্ৰাবিড়।

প্ৰঃ 2007 চনৰ বিশ্বকাপ টুৰ্ণামেন্টত এখন দেশে বাৰ্মুডাৰ বিপক্ষে সৰ্বাধিক 412 ৰাণ সংগ্ৰহ কৰে। দেশখনৰ নাম কি?

উঃ ভাৰত।

প্ৰঃ ক্ৰিকেটৰ কিমান ৰাণ সংখ্যাক ‘নেলচন’ বুলি জনা যায়?

উঃ 111 ৰাণ।

প্ৰঃ সুুনীল গাভাস্কাৰে আত্মপ্ৰকাশ কৰা টেষ্ট মেচখন কোন দেশৰ বিৰুদ্ধে খেলিছিল?

উঃ ৱেষ্ট ইণ্ডিজ।

প্ৰঃ টেষ্ট ক্ৰিকেট ইতিহাসত দুখন ‘টাই’ টেষ্টত জড়িত একমাত্ৰ দেশখন কি?

উঃ অষ্ট্ৰেলিয়া।

প্ৰঃ 1990 চনৰ উইলচ বিশ্বকাপৰ খেলুৱৈসকলৰ সাধাৰণ প্ৰথম নামটো কি আছিল?

উঃ ষ্টিভ।

ক্ৰিকেট কুইজ, Cricket Quiz

প্ৰঃ কোনজন বিখ্যাত ক্ৰিকেটাৰে শিশুৰ দৰে ষ্টাম্পৰে এটা গলফ বল কোবাই ষ্টোক অনুশীলন কৰিছিল?

উঃ ছাৰ ডন ব্রেডমেন।

প্ৰঃ যোগ্যতা থকা সত্বেও ভাৰতীয় খেলুৱৈ যুৱৰাজ সিঙে প’ল’ খেলত অংশ গ্ৰহণ কৰিব নোৱাৰে কিয়?

উঃ কাৰণ যুৱৰাজ সিঙ বাওঁহতীয়া খেলুলৈ। বাওঁহতীয় লোকে প’ল’ খেলাটো অবৈধ।

প্ৰঃ ভাৰতীয় ক্ৰিকেটাৰ চৈয়দ কিৰমানিয়ে এখন হিন্দী ছবিত মুখ্য খলনায়কৰ ভূমিকাত অভিনয় কৰিছিল। ছবিখনৰ নাম কি?

উঃ কভি অজনবী থে।

প্ৰঃ অষ্ট্ৰেলিয়ান ফাষ্ট বলাৰ গ্লেন মেকগ্ৰাথৰ উপনাম কি?

উঃ পিজন।

প্ৰঃ কে. এছ. ৰঞ্জিত সিং ভাৰতীয় ক্ৰিকেট ইতিহাসৰ এটা জনপ্ৰিয় নাম। তেওঁৰ প্ৰকৃত নাম কি?

উঃ নোৱানগৰৰ মহাৰাজা জাম চাহিব।

প্ৰঃ ভায়েকৰ সৈতে ‘স্কৰাইট’ নামৰ ক্ৰিকেট ছফটৱেৰটোৰ বিকাশ সাধন কৰা ভাৰতীয় ক্ৰিকেটাৰজনৰ নামকি?

উঃ অনিল কুম্বলে।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচত অধিনায়কত্বৰ বাবে ‘মেন অব দি মেচ’ খিতাপ অৰ্জনকাৰী প্ৰথমজন ক্ৰিকেটাৰৰ নাম কি?

উঃ বব উহলচ।

প্ৰঃ ভাৰতৰ হৈ প্ৰথম টেষ্ট উইকেট দখলকাৰী ক্ৰিকেটাৰ গৰাকী কোন?

উঃ মহম্মদ নিছাৰ।

প্ৰঃ যদি এজন ক্ৰিকেট আম্পায়াৰে বাৰে বাৰে এখন কান্ধত থপৰিয়াই তেন্তে তেওঁ ইয়াৰ দ্বাৰা কি বুজায়?

উঃ বেটিং পক্ষক পাঁচ ৰাণ দিয়া বুজায়।

প্ৰঃ ফিল্ডাৰ হিচাপে সৰ্বাধিক ‘কেচ’ ধৰাৰ অভিলেখ মাৰ্ক টেইলৰৰ নামত আছে। টেষ্ট নে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত তেওঁ এই অভিলেখ গঢ়িছে?

উঃ টেষ্ট ক্ৰিকেট।

প্ৰঃ 111 ৰাণৰ স্ক’ৰৰ সৈতে জড়িত অন্ধবিশ্বাসটো কি?

উঃ সাধাৰণতে 111 সংখ্যাটোৱে বেল নোহোৱা ষ্টাম্প তিনিডালক সূচায় বুলি বিশ্বাস কৰা হয়। অৰ্থাৎ বেটচমেনজন আউট হোৱা বুলি বুজোৱা হয়। সেয়ে এই ৰাণ সংখ্যাটো দুৰ্ভাগ্যজনক বুলি অন্ধবিশ্বাস আছে।

প্ৰঃ ধাৰাবাহিকভাৱে বিশ্বকাপ ক্ৰিকেট ফাইনালত পৰাভূত হোৱা একমাত্ৰ দেশখনৰ নাম কি?

উঃ ইংলণ্ড।

প্ৰঃ 1933-34 চনত প্ৰথমবাৰ ভাৰত ভ্ৰমণ কৰা ইংলেণ্ড দলটোক নেতৃত্ব প্ৰদান কৰা বিখ্যাত ক্ৰিকেটাৰ গৰাকীৰ নাম কি?

উঃ ডগ’লাছ জাৰডাইন।

প্ৰঃ1952 চনত অনুষ্ঠিত এখন টেষ্ট মেচত এদিনতে দুবাৰকৈ কেৱল 52 আৰু 82 ৰাণতে সমগ্ৰ ভাৰতীয় ক্ৰিকেট দলটোক অব্যাহতি দিয়া দেশখনৰ নাম কি?

উঃ ইংলণ্ড।

প্ৰঃ ডাৰেণ গ’ফৰ আত্মজীৱনীখনৰ নাম কি?

উঃ ডেজলাৰ- দি অট’বাইঅ’গ্ৰাফী।

প্ৰঃ 2003 চনৰ বিশ্বকাপ ক্ৰিকেটত আটাইতকৈ বেগী বলিং কোনে কৰিছিল?

উঃ ছোৱাইব আখটাৰ (পাকিস্থান)।

প্ৰঃ শচীন তেণ্ডুকাৰৰ সৈতে আত্মপ্ৰকাশ কৰা পাকিস্থানৰ খেলুৱৈ গৰাকীৰ নাম কি?

উঃ ৱাকাৰ ইউনিছ।

প্ৰঃ জােভদ মিয়াঁদাদ আৰু গৰ্ডন গ্ৰীণিজৰ ক্ৰিকেট কেৰিয়াৰৰ মাজত থকা অনন্য সাদৃশ্যটো কি?

উঃ দুয়োজন খেলুৱৈয়ে আত্মপ্ৰকাশক খেলখনত আৰু শততম টেষ্ট মেচত 100 ৰাণ সংগ্ৰহ কৰিছিল?

প্ৰঃ আন্তৰ্জাতিক ক্ৰিকেটত (টেষ্ট মেচ আৰু এদিনীয়া) 28,000 ৰাণ সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈৰ নাম কি?

উঃ শচীন তেণ্ডুলকাৰ।

প্ৰঃ 2007 চনৰ বিশ্বকাপ ক্ৰিকেট খেলৰ ফাইনেলত ‘মেন অব দি মেচ’ খিতাপ অৰ্জন কৰা খেলুৱৈ গৰাকীৰ নাম কি?

উঃ আডাম গীলখ্ৰীষ্ট (অষ্ট্ৰেলিয়া)।

প্ৰঃ 1996 চনত টেষ্ট ইনিংছ এটাত জিম্বাবুৱেৰ বিপক্ষে 12 টা ছয় কোবোৱা পাকিস্থানী ক্ৰিকেটাৰ গৰাকীৰ নাম কি?

উঃ ৱাচিম আক্ৰাম।

প্ৰঃ আমিৰ ইলাহি, এ. এইচ. কাৰডাৰ আৰু গুল মহম্মদৰ মাজত থকা অনন্য সাদৃশ্যটো কি?

উঃ এই তিনিওজন ক্ৰিকেটাৰে ভাৰত আৰু পাকিস্থান উভয়ৰে হৈ টেষ্ট ক্ৰিকেটত প্ৰতিনিধিত্ব কৰিছিল।

প্ৰঃ সুনীল গাভাস্কাৰৰ পুতেকৰ নামটোত কোন তিনিজন ক্ৰিকেটাৰৰ নাম সন্নিবিষ্ট হৈ আছে?

উঃ ৰোহন কানহাই, এম. এল. জয় সিমহা আৰু জি আৰ বিশ্বনাথ। পুতেকৰ নাম–ৰোহন জয় বিশ্ব গাভাস্কাৰ।

প্ৰঃ পোহৰৰ পৰিৱেশত সীমিত অভাৰৰ অন্তৰ্জাতিক ক্ৰিকেটত মেচ অনুষ্ঠিত হোৱা প্ৰথম ভাৰতীয় চহৰখনৰ নাম কি?

উঃ দিল্লী।

প্ৰঃ কোন চনত ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্সৰ নামটো ইন্টাৰনেচনেল ক্ৰিকেট কনফাৰেন্সলৈ সলনি হয়? (বৰ্তমান ইয়াক ইন্টাৰনেচনেল ক্ৰিকেট কাউন্সিল হিচাপে জনা যায়)।

উঃ 1965 চনত।

প্ৰঃ কোন চনৰ পৰা মহিলা বিশ্বকাপ ক্ৰিকেট আৰম্ভ হয়?

উঃ 1973 চনত।

ক্ৰিকেট কুইজ, Cricket Quiz

প্ৰঃ মন্থৰতম টেষ্ট শতক অৰ্জনেৰে কোনজন ক্ৰিকেটাৰে অভিলেখ গঢ়িছে?

উঃ মুদাছাৰ নাজাৰ।

প্ৰঃ ইংৰাজ ক্ৰিকেটাৰ এলান লেম্বে কোনজন ভাৰতীয় ক্ৰিকেটাৰক ‘এপ’ল ক্ৰাম্ব’ল’ উপনাম দিছিল?

উঃ অনিল কুম্বলে।

প্ৰঃ অন্তিমখন খেল এচেছ টেষ্ট শৃঙ্খলাত ডন ব্রেডমেনৰ উইকেট দখলকাৰী বলাৰ গৰাকীৰ নাম কি?

উঃ এৰিক হলিজ।

প্ৰঃ আত্মপ্ৰকাশক টেষ্টত ষোল্লটা উইকেট দখল কৰা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গৰাকীৰ নাম কি?

উঃ বব মাছি।

প্ৰঃ আন্তৰ্জাতিক ক্ৰিকেটত চাৰিটা হেট-ট্ৰিক (এদিনীয়া আন্তৰ্জাতিক আৰু টেষ্ট ক্ৰিকেটত প্ৰত্যেকতে দুটাকৈ) অৰ্জন কৰা একমাত্ৰ বলাৰজন কোন?

উঃ ৱাচিম আক্ৰাম।

প্ৰঃ এজন পাকিস্থানী বলাৰৰ বলিং কৰাৰ ধৰণটো সংবাদ মাধ্যমে এনেদৰে বৰ্ণনা কৰিছিিল, “হপ, বব, লিক, ফিংগাৰছ, বল আৰু এপীল”। এই বালাৰজনৰ নাম কি?

উঃ আব্দুল কাদিৰ।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ ফাইনেল খেলত ভাৰতে কাৰ বিপক্ষে পোন প্ৰথমতে 300 ৰাণৰ লক্ষ্য সফলতাৰে পূৰণ কৰে?

উঃ পাকিস্থান।

প্ৰঃ 1979 চনত টেষ্ট মেচ নেখেলা এখন দেশে টেষ্ট মেচ খেলা এখন দেশক হৰুৱাই বিশ্বকাপ ক্ৰিকেট খেলত বিজয় সাব্যস্ত কৰে ষ্টেট মেচ নেখেলা দেশখনৰ নাম কি?

উঃ শ্ৰীলংকা।

প্ৰঃ এজন অধিনায়কে মহম্মদ আজহাৰুদ্দিনৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰি ভাৰতক অধিক সংখ্যক খেলত অধিনায়কত্ব কৰাৰ অভিলেখ গঢ়ে। তেওঁৰ নাম কি?

উঃ সৌৰভ গাংগুলী।

প্ৰঃ 1983 চনৰ বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টৰ এখনো খেলত অংশ গ্ৰহণ নকৰা ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ গৰাকীৰ নাম কি?

উঃ সুণীল ভালচান।

প্ৰঃ কোনখন বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টৰ শ্লোগান আছিল Carnival of Cricket?

উঃ 1999 বিশ্বকাপ।

 

Tag:Assam quiz, ASSAM SPORTS QUIZ, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam

  • Share:
ScientiaTutorials.in

Scientia Tutorials, established in 2007 in Dispur, Guwahati, Assam, provides home tuition, online tutoring, and e-learning courses. Founded by Mr. Prasanta Jyoti Saikia (M.Sc., Gauhati University), it connects Classes I–XII students with qualified tutors across subjects and operates as a registered micro-enterprise in Assam.

Previous post

MOVIE, DRAMA, THEATRE AND ENTERTAINMENT IN ASSAM অসমৰ চলচ্চিত্ৰ, নাটক, থিয়েটাৰ আৰু মনোৰঞ্জন
26/02/2023

Next post

ASSAM MIXED QUIZ অসমৰ সান-মিহলি কুইজ
26/02/2023

You may also like

ASSAMESE SATHAR অসমীয়া সাঁথৰ
26/02/2023

অসমীয়া সাঁথৰ – খণ্ড ১ অসমীয়া সাঁথৰ – খণ্ড ২ অসমীয়া সাঁথৰ – খণ্ড ৩ অসমীয়া সাঁথৰ – খণ্ড ৪ অসমীয়া সাঁথৰ – খণ্ড ৫ [vcex_divider color=”#dddddd” width=”100%” height=”5px” margin_top=”20″ margin_bottom=”20″]

ASSAM HISTORY অসম বুৰঞ্জী
26/02/2023

(১) অসমৰ আটাইতকৈ প্ৰাচীন নাম কি ? উত্তৰ : প্ৰাগজ্যোতিষপুৰ ৷ (২) অসমৰ আটাইতকৈ প্ৰাচীন ৰজাজনৰ নাম কি ? উত্তৰ : দানৱ বংশৰ প্ৰতিষ্ঠাতা মহীৰংগ দানৱ । (৩) নৰকাসুৰ কোন ৰাজ্যৰ ৰজা আছিল ? উত্তৰ : প্ৰাগজ্যোতিষপুৰ ৷ (৪) নৰকাসুৰে প্ৰতিস্থা কৰা বংশ টোৰ নাম কি আছিল ? উত্তৰ : …

ASSAMESE SYNONYMS অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ
26/02/2023

অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ | SYNONYMS IN ASSAMESE – খণ্ড ১ অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ | SYNONYMS IN ASSAMESE – খণ্ড ২ অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ | SYNONYMS IN ASSAMESE – খণ্ড ৩ অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ | SYNONYMS IN ASSAMESE – খণ্ড ৪ অসমীয়া সমার্থক …

Login with your site account

Lost your password?

Not a member yet? Register now

My Account

  • My account
  • My Cart
  • Checkout

Search

Course Filter

Categories
9
10
23
21
9
9
11
1
13
1
2
20
1
3
Close

Featured Courses

Go to Courses

Social Media Link

  • Facebook
  • Twitter
  • Google Plus
  • LinkedIn
  • Pinterest
  • Instagram
  • Youtube

ScientiaTutorials.in – Private Home Tutors in Assam

ScientiaTutorials.in logo representing private home tutors in Assam, online tutoring, and e-learning services with a modern education-themed design.
ScientiaTutorials.in provides trusted private home tutors, online tutoring, and e-learning solutions for students across Assam, helping learners achieve academic excellence.

ScientiaBooks.in – Buy Books Online in India

ScientiaBooks.in logo representing an online bookstore offering Assamese, Bengali, English, academic, and competitive exam books with home delivery across India.
ScientiaBooks.in is a trusted online bookstore where readers can buy Assamese, Bengali, English, academic, children's, and competitive exam books with fast home delivery across India.

ScientiaEducare.com – Global Online Learning Platform for Students Worldwide

ScientiaEducare.com logo representing a global online learning platform offering online courses, live tutoring, skill development, and digital education for students worldwide.
ScientiaEducare.com empowers learners worldwide through high-quality online courses, expert tutoring, digital learning resources, and skill development programs under the vision of Global Online Learning.

ScientiaEdu.com – India’s Trusted Teacher Network

ScientiaEDU.com logo representing India's trusted teacher network with an open book, graduation cap, learner icon, and educational symbols promoting quality teaching and learning.
ScientiaEDU.com is India's trusted teacher network, connecting qualified educators with students while promoting quality education, professional teaching, and lifelong learning across the country.

Banasri.in – Explore the Beauty of Northeast India

Banasri.in logo representing travel and tourism in Northeast India, showcasing scenic destinations, cultural heritage, adventure, and nature experiences.
Banasri.in is your trusted travel partner for exploring the breathtaking beauty, culture, wildlife, and adventure destinations of Northeast India through curated tours and unforgettable experiences.

© 2026 Scientia Tutorials. All Rights Reserved.

  • About Us
  • Contact Us
  • Privacy Policy
  • Terms of Use
  • Terms and Conditions

Login with your site account

Lost your password?

Not a member yet? Register now

Register a new account

Are you a member? Login now

HomeCourses
Search

Search

    Account
    Articles ShopCart