Scientia-Tutorial
  • Categories
    • Sitemap
    • About Us
    • Contact Us
    • Join as a Teacher
    • Join as a Student
    • Find Students
    • Find Tutors
    • Course Categories
    • Study Materials
    • All Categories
    • Syllabus
  • Blogs
  • Join as a Student
  • Become a Teacher
  • Courses
  • 0 items₹ 0
Login
  • Home
  • Blogs
  • STUDY MATERIALS
  • ASSAMESE LITERATURE অসমীয়া সাহিত্য

ASSAMESE LITERATURE অসমীয়া সাহিত্য

PRIZES AND PRIZE WINNERS IN ASSAM অসমৰ বঁটা আৰু বঁটা বিজয়ী সকল

  • Posted by ScientiaTutorials.in
  • Date 26/02/2023
  • Categories ASSAMESE LITERATURE অসমীয়া সাহিত্য
  • Tags Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam

১) প্ৰশ্ন : অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা বিধ কি?

উত্তৰ : অসম উপত্যকা সাহিত্য বঁটা।

২) প্ৰশ্ন : ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা দিয়া হয়?

উত্তৰ : লাচিত বঁটা।

৩) প্ৰশ্ন : যশস্বী লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল?

উত্তৰ : ২০১১ চনত।

৪) প্ৰশ্ন : অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে কি বঁটা প্ৰদান কৰা হয়?

উত্তৰ : বিষ্ণুৰাভা।

৫) প্ৰশ্ন : শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ আগবঢ়োৱা হয়?

উত্তৰ : ৫০ বছৰ ।

৬) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী সাহিত্যিক কোন?

উত্তৰ : যতিন্দ্ৰনাথ দুৱৰা।

৭) প্ৰশ্ন : কোন হয় যাৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰত। সন্মানীয় ‘জ্ঞানপীঠ বঁটা’ বিজয়ী এই গৰাকী দ্বিতীয় অসমীয়া সাহিত্যিক। এই গৰাকী সাহিত্যিকে ২০০১ চনত নিজ সাহিত্য কৰ্মৰ বাবে এই বঁটা লাভ কৰে। সাহিত্যিক গৰাকী কোন?

উত্তৰ : মামণি ৰয়চম গোস্বামী।

৮) প্ৰশ্ন : তেখেত আছিল অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। তেখেতক ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ‘ভাৰতৰত্ন’ বঁটাৰে বিভূষিত কৰা হৈছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।

৯) প্ৰশ্ন : এজন প্ৰখ্যাত লেখকৰ এখন উপন্যাস হ’ল ‘মৃত্যুঞ্জয়’। ১৯৭৯ চনত এই উপন্যাস খনৰ বাবে তেখেতে প্ৰথম বাৰলৈ অসমীয়া সাহিত্যৰ বাবে সন্মানীয় ‘জ্ঞানপীঠ বঁটা’ লাভ কৰে। এই সাহিত্যিক গৰাকী কোন?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

১০) প্ৰশ্ন : তেওঁ বিশ্ববিখ্যাত শিল্পী আৰু সংগীতজ্ঞ। ১৯৯২ চনত ‘দাদা চাহেব ফাল্কে বঁটা’ আৰু ২০০৯ চনত ‘সংগীত ৰত্ন’ বঁটা লাভ কৰা এই গৰাকী প্ৰথম অসমীয়া ব্যক্তি। ব্যক্তি গৰাকী কোন?

উত্তৰ : ড° ভূপেন হাজৰিকা।

১১) প্ৰশ্ন : ১৮৯৮ চনত জন্ম গ্ৰহণ কৰা আৰু ১৯৫৪ চনত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা এই গৰাকী মহিলাই ১৯৫৮ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৬৭ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰে। মহিলাগৰাকী কোন?

উত্তৰ : নলিনীবালা দেৱী।

১২) প্ৰশ্ন : সু-অভিনেত্ৰী চেতনা দাসক ২০০০ চনৰ ৫ ডিচেম্বৰ তাৰিখে কি বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰ : আম্বেদকাৰ বঁটা।

১৩) প্ৰশ্ন : ১৯৯৮ চনৰ ২৫ জানুৱাৰী তাৰিখে সু-গায়িকা দিপালী বৰঠাকুৰক কি বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰ : পদ্মশ্ৰী বঁটা।

১৪) প্ৰশ্ন : ২০০৭ চনত কোন গৰাকী প্ৰসিদ্ধ সাহিত্যিকক ‘শ্ৰী মন্ত শংকৰদেৱ’ বঁটাৰে সন্মানিত কৰা হৈছিল?

উত্তৰ : হোমেন বৰগোহাঞি।

১৫) প্ৰশ্ন : কোনজন অসমীয়াই ২০০০ চনত ‘ভাৰত শ্ৰী’ উপাধি লাভ কৰিছিল?

উত্তৰ : বিজিত গগৈ।

১৬) প্ৰশ্ন : ২০১২ চনত কোনজন ব্যক্তিক বড়ো ভাষাত ৰচিত ‘বড়ো খুন্তাই’ নামৰ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল?

উত্তৰ : গুণেশ্বৰ মুছাহাৰী।

১৭) প্ৰশ্ন : কোনজন অসমীয়াক ‘সত্যজিৎ ৰায় বঁটা’ আৰু ‘দাদা চাহেব ফাল্কে বঁটা’ প্ৰদান কৰা হৈছিল?

উত্তৰ : ড° ভূপেন হাজৰিকা।

১৮) প্ৰশ্ন : ১৯৯০ চনত ‘অসম সাহিত্য উপত্যকা বঁটা’ কোনজন ব্যক্তিক সৰ্বপ্ৰথমে প্ৰদান কৰা হৈছিল?

উত্তৰ : ড° ভবেন্দ্ৰনাথ শইকীয়া।

১৯) প্ৰশ্ন : অসমৰ কোনজন মুকাভিনয় শিল্পীয়ে ২০০৯ বৰ্ষত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে?

উত্তৰ : মইনুল হক।

২০) প্ৰশ্ন : ২০১২ চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্মবিভূষণ বঁটা (মৰণোত্তৰভাৱে) প্ৰদান কৰা হৈছিল?

উত্তৰ : ড° ভূপেন হাজৰিকা।

২১) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম খন অসমীয়া উপন্যাস ইয়াৰুইঙ্গমৰ লেখকৰ নাম উল্লেখ কৰা আৰু এই গ্ৰন্থ খনে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ১৯৬১ চনত।

২২) প্ৰশ্ন : কোনখন অসমীয়া বোলছবিয়ে প্ৰথম আন্তঃৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল? বোলছবি খনৰ পৰিচালক কোন?

উত্তৰ : ‘সাগৰলৈ বহু দূৰ’, পৰিচালক জাহ্নু বৰুৱা।

২৩) প্ৰশ্ন : ১৯৭৯ চনত কোনজন সাহিত্যিকে ‘জ্ঞানপীঠ বঁটা’ লাভ কৰিছিল আৰু এই বঁটা বিজয়ী গ্ৰন্থ খনৰ নাম কি?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ‘মৃত্যুঞ্জয়’ উপন্যাস খনৰ বাবে।

২৪) প্ৰশ্ন : ২০০০ চনৰ ২৩ ডিচেম্বৰ তাৰিখে দুজন অসমীয়াক ‘ভাযাচাৰ্য’ বঁটা প্ৰদান কৰা হৈছিল। ব্যক্তি দুগৰাকী কোন?

উত্তৰ : ড° উপেন্দ্ৰ নাথ গোস্বামী (মৰণোত্তৰভাৱে) আৰু ড° গোলোক চন্দ্ৰ গোস্বামী।

২৫) প্ৰশ্ন : অসম সাহিত্য সভাই প্ৰদান কৰা সন্মানীয় উপাধি দুটা কি কি?

উত্তৰ : সদস্য মহীয়ান আৰু সাহিত্যাচাৰ্য।

Tag:Assam quiz, assamese gk question answer, Free study materials in Assamese, general knowledge in assamese, general knowledge of assam, quiz in assamese language, study materials for assam competitive exam

  • Share:
ScientiaTutorials.in

Scientia Tutorials, established in 2007 in Dispur, Guwahati (Assam), is a trusted provider of home tuition, online tutoring, and e-learning courses. With a strong focus on school-level education, we connect students from Classes I to XII with qualified male and female tutors across all subjects.

Founded by Mr. Prasanta Jyoti Saikia (M.Sc., Gauhati University), Scientia Tutorials operates as a registered micro-enterprise in Assam’s education sector. Guided by the values of integrity and responsibility, our mission is to provide verified, reliable tutors and effective learning support to students across the state.

Previous post

TRANSPORT AND COMMUNICATION IN ASSAM অসমৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা
26/02/2023

Next post

MOVIE, DRAMA, THEATRE AND ENTERTAINMENT IN ASSAM অসমৰ চলচ্চিত্ৰ, নাটক, থিয়েটাৰ আৰু মনোৰঞ্জন
26/02/2023

You may also like

ASSAMESE SATHAR অসমীয়া সাঁথৰ
26/02/2023

অসমীয়া সাঁথৰ – খণ্ড ১ অসমীয়া সাঁথৰ – খণ্ড ২ …

ASSAM HISTORY অসম বুৰঞ্জী
26/02/2023

(১) অসমৰ আটাইতকৈ প্ৰাচীন নাম কি ? উত্তৰ : প্ৰাগজ্যোতিষপুৰ …

ASSAMESE SYNONYMS অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ
26/02/2023

অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দ | SYNONYMS IN ASSAMESE – …

Get Your Password

Lost your password? Please enter your username or email address. You will receive a link to create a new password via email.

My Account

  • My account
  • My Cart
  • Checkout

Search

Course Filter

Categories
9
9
23
21
9
9
11
1
13
1
2
20
1
3
Close

Featured Courses

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

CBSE Class 10 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 9 Mathematics – MCQs with Answers and Explanations

CBSE Class 9 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 8 Mathematics – MCQs with Answers and Explanations

CBSE Class 8 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 7 Mathematics – MCQs with Answers and Explanations

CBSE Class 7 Mathematics – MCQs with Answers and Explanations

₹50.00
CBSE Class 6 Mathematics – MCQs with Answers and Explanations

CBSE Class 6 Mathematics – MCQs with Answers and Explanations

₹50.00
Go to Courses

Social Media Link

  • Facebook
  • Twitter
  • Google Plus
  • LinkedIn
  • Pinterest
  • Instagram
  • Youtube

© 2026 Scientia Tutorials. All Rights Reserved.

  • About Us
  • Contact Us
  • Privacy Policy
  • Terms of Use
  • Terms and Conditions
  • Buy Online Courses

Login with your site account

Lost your password?

Not a member yet? Register now

Register a new account

Are you a member? Login now

HomeCourses
Search

Search

    Account
    Articles ShopCart